চিটাৰা ডেস্ক, ৮ জানুৱাৰী: বলীউডৰ অন্যতম প্ৰিয় দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিং । যেতিয়াই দুয়োকে একেলগে দেখা যায় তেতিয়াই অনুৰাগীয়ে দুয়োৰে ওপৰতে মৰম ঢালি দিয়ে । ৫ জানুৱাৰীত দীপিকাই উদযাপন কৰিছে নিজৰ জন্মদিন । জন্মদিন উদযাপনৰ পিচত দীপিকাক আজি প্ৰথমবাৰৰ বাবে বিমানবন্দৰত স্বামী ৰণবীৰ সিঙৰ সৈতে দেখা গ’ল । বিমানবন্দৰত পাপাৰাজীৰ সৈতে জন্মদিন উদযাপন কৰিলে দীপিকাই । দীপিকাই পাপাৰাজীৰ সৈতে বিমানবন্দৰত কেক কাটি জন্মদিন উদযাপন কৰা দেখা যায়।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দীপিকা পাডুকনৰ এটা ভিডিঅ’। ভিডিঅ’টোত দীপিকা আৰু ৰণবীৰ দুয়োগৰাকী গাড়ীৰ পৰা নামি আহে । তাৰ পাচত দীপিকা আৰু ৰণবীৰ গেটত সোমোৱাৰ লগে লগে কেক এটা লৈ পাপাৰাজী তেওঁৰ ওচৰলৈ আহে । ইয়াৰ পিচত দীপিকাই কেক কাটে আৰু লগতে ৰণবীৰ সিং আৰু পাপাৰাজীয়ে জন্মদিনৰ গীত গোৱা পৰিলক্ষিত হয় ।
ভিডিঅ’ ভাইৰেল হৈ পৰিল ছ’চিয়েল মিডিয়াত
ভিডিঅ’টোত দীপিকা আৰু ৰণবীৰক ফটোগ্ৰাফাৰৰ সৈতে কথা পাতি থকা দেখা গৈছে । দীপিকা-ৰণবীৰক ইগৰাকীয়ে সিগৰাকীৰ হাতত ধৰি থকা দেখা গৈছে । দুয়োগৰাকীয়ে পাপাৰাজীৰ বাবেও পোজ দিয়ে । অভিনেত্ৰীগৰাকীৰ লুকৰ কথা ক’বলৈ গ’লে তেওঁ পৰিধান কৰিছিল ক’লা ৰঙৰ ফুল লেংথ হুডি । তাৰ লগত মেচিং জোতাও পিন্ধিছিল । ৰণবীৰৰ লুকৰ কথা ক’বলৈ গ’লে বগা টি-চাৰ্ট আৰু সেউজীয়া পেণ্টৰ সৈতে ক’লা ৰঙৰ লং কোট পৰিধান কৰিছিল ।
অনুৰাগীৰ মন্তব্য
দীপিকা আৰু ৰণবীৰৰ এই ভিডিঅ’টোত অনুৰাগীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এজন অনুৰাগীয়ে লিখিছে- কুইন অৱ হাৰ্ট । আনহাতে আন এজনে লিখিছে – দীপিকা বৰ ভাল ৷ একাংশ অনুৰাগীয়ে ভিডিঅ’টোত হাৰ্ট ইমোজি পোষ্ট কৰিছে ।
ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে দীপিকাক অতি সোনকালে হৃত্বিক ৰোশনৰ সৈতে ফাইটাৰত দেখা যাব । চলিত মাহত ছবিগৃহত মুক্তি পাব এই ছবিখন ।
লগতে পঢ়ক: বেকগ্ৰাউণ্ড মডেলৰ পৰা কেনেকৈ বলীউডৰ শীৰ্ষ অভিনেত্ৰী হ’ল দীপিকা পাডুকন ?