ETV Bharat / entertainment

Shah Rukh Khan Tirupati: বৈষ্ণো দেৱীৰ পিচত এইবাৰ তিৰুপতি মন্দিৰ দৰ্শন কিং খানৰ; কন্যা সুহানা আৰু নয়নতৰাকো দেখা গ’ল লগত

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 10:20 AM IST

শ্বাহৰুখ খানৰ ছবি ‘জৱান’ মুক্তিৰ মাজত আছে মাত্ৰ দুদিন ৷ ৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব জৱান ৷ মুক্তিৰ পূৰ্বে কিং খানক দেখা গ’ল তিৰুপতী মন্দিৰত ৷ ছবিখনৰ সফলতাৰ বাবে ভগৱান শ্ৰী ভেংকটেশ্বৰ স্বামীৰ আশীৰ্বাদ বিচাৰি মন্দিৰত উপস্থিত হয় ছুপাৰষ্টাগৰাকী ৷ মন্দিৰৰ পৰা ভাইৰেল কিং খানৰ ভিডিঅ’ ।

WATCH: Ahead of Jawan release, SRK offers prayers at Tirupati temple with Suhana, Nayanthara
তিৰুপতী মন্দিৰ দৰ্শন কিং খানৰ
তিৰুপতী মন্দিৰ দৰ্শন কিং খানৰ

চিটাৰা ডেস্ক, 5 ছেপ্টেম্বৰ: শ্বাহৰুখ খানৰ ছবি ‘জৱান’ক লৈ বিগত বহুদিনৰে পৰা ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা চলি আছে। এটলীৰ পৰিচালনাত নিৰ্মিত এই ছবিখন ৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব । অৰ্থাৎ ছবিখনৰ মুক্তিৰ মাজত আছে মাত্ৰ ২ দিন । এনে পৰিস্থিতিত ছবিখনৰ মুক্তিৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে অনুৰাগীৰ মাজত বৃদ্ধি পাইছে উত্তেজনা ৷

ইফালে ‘জৱান’ মুক্তিৰ পূৰ্বে কিং খানে নিজৰ ছবিখনৰ প্ৰচাৰ আৰু ছবিখনৰ সফলতাৰ বাবে ভগৱানৰ আশীৰ্বাদ বিচাৰি মন্দিৰলৈ যোৱা দেখা গ’ল । শেহতীয়াকৈ কিং খানে জম্মু-কাশ্মীৰস্থিত মাতা বৈষ্ণো দেৱীৰ মন্দিৰত আশীৰ্বাদ বিচাৰি উপস্থিত হৈছিল আৰু এতিয়া পুনৰ অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি মন্দিৰত আশীৰ্বাদ বিচাৰি উপস্থিত হয় ৷ খবৰ অনুসৰি মঙলবাৰে তেওঁ ভগৱান শ্ৰী ভেংকটেশ্বৰ স্বামীৰ ওচৰত তেওঁৰ ছবি ‘জৱান’ৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰে ।

তিৰুপতিৰ পৰা ভাইৰেল শ্বাহৰুখ খানৰ ভিডিঅ’

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত শ্বাহৰুখ খানৰ এটা ভিডিঅ’ ভাইৰেল হৈছে, যিটো ভিডিঅ’ তিৰুপতি মন্দিৰৰ । এই ভিডিঅ’টোত কিং খানক নিজৰ দলৰ সৈতে দেখা গৈছে। কিং খানৰ লগত উপস্থিত আছিল কন্যা সুহানা খান আৰু জৱানত অভিনয় কৰা অভিনেত্ৰী নয়নৰাও ৷ শ্বাহৰুখ খানে মন্দিৰৰ বাবে বাছি লৈছিল বগা ৰঙৰ কাপোৰ । সুহানা খান আৰু নয়নতৰাকো বগা চুট পৰিধান কৰা দেখা গৈছিল। ভিডিঅ’টোত সকলোৱে মন্দিৰ দৰ্শন কৰা দেখা গৈছে।

উল্লেখ্য যে ৭ ছেপ্টেম্বৰত শ্বাহৰুখ খানৰ ছবি ‘জৱান’ ছবিগৃহত মুক্তি পাব । শ্বাহৰুখ খানৰ অনুৰাগীসকলে এই ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । ‘জৱান’ ছবিখনৰ বাবে অনুৰাগীয়ে ইতিমধ্যে আগতীয়া টিকট ক্ৰয় কৰিছে ৷ এক প্ৰতিবেদন অনুসৰি ‘জৱান’ৰ এডভান্স বুকিং ভাৰততে প্ৰায় ৪০ কোটি টকা হোৱাৰ পথত, যিয়ে হয়তো বলীউড চলচ্চিত্ৰ জগতত এক নতুন অভিলেখ গঢ়িব ।

এই চেলিব্ৰিটিসকলকো দেখা যাব শ্বাহৰুখৰ সৈতে ‘জৱান’ত

উল্লেখ্য যে শ্বাহৰুখ খানৰ ‘পাঠান’ৰ বৃহৎ সফলতাৰ পিচত এতিয়া অনুৰাগীৰ ক্ৰেজ আৰু বৃদ্ধি পাইছে ‘জৱান’ ছবিখনক লৈ ৷ দক্ষিণৰ বিশাল ষ্টাৰকাষ্টত দেখা যাব ছবিখনত, যিয়ে ইয়াক প্যান ইণ্ডিয়া হিট হোৱাত সহায় কৰিব পাৰে । ছবিখনত শ্বাহৰুখ খানক দ্বৈত চৰিত্ৰত দেখা যাব । তেওঁ পিতৃ-পুত্ৰৰ চৰিত্ৰত অভিনয় কৰিছে এই ছবিখনত । শ্বাহৰুখ খানৰ উপৰিও ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে নয়নতৰা আৰু বিজয় ছেঠুপথিয়ে । এইবোৰৰ উপৰিও এই ছবিখনত দেখা যাব সন্যা মালহোত্ৰা, প্ৰিয়মণি, সুনীল গ্ৰ’ভাৰকো । জৱানত দীপিকা পাডুকন, থালাপথী বিজয় আৰু সঞ্জয় দত্তৰ কেমিঅ’ দেখা যাব ৷ এই ছবিখনৰ পৰিচালনা কৰিছে দক্ষিণ উদ্যোগৰ জনপ্ৰিয় পৰিচালক এটলীয়ে । ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ অধীনত নিৰ্মাণ কৰা হৈছে ছবিখন ।

লগতে পঢ়ক: Jawan advance booking: বিশ্বব্যাপী ১০০ কোটি টকাৰ অ’পেনাৰ কৰা প্ৰথম ভাৰতীয় অভিনেতা হিচাপে পৰিগণিত হ’ল এছ আৰ কে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.