চিটাৰা ডেস্ক, ৪ জানুৱাৰী: তিনি খানৰ ভিতৰত প্ৰথমে শহুৰেক হৈ পৰিল বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খান । ৩ জানুৱাৰীত বিবাহপাশত আৱদ্ধ হয় আমিৰৰ মৰমৰ কন্যা ইৰা খান ৷ ইয়াৰ লগে লগে এতিয়া শহুৰেক হৈ পৰিল মিষ্টাৰ পাৰফেকচনিষ্ট আমিৰ খান ৷
প্ৰেমিক নুপুৰ শিখাৰেৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ইৰা খান ৷ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ উপস্থিতিত পঞ্জীয়নভুক্ত বিবাহ সম্পন্ন হয় নুপুৰ-ইৰাৰ । ইতিমধ্যেই ছ’চিয়েল মিডিয়াত বিয়াৰ বহু ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷ বিয়াৰ সকলো ভিডিঅ’বোৰৰ মাজতে মিষ্টাৰ পাৰফেকচনিষ্টৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে, যিটো সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোৱে সম্প্ৰতি ব্যাপক চৰ্চা লাভ কৰিছে ছ’চিয়েল মিডিয়াত ৷
আচলতে কি আছিল সেই ভিডিঅ’টোত ?
নুপুৰ শিখাৰে এতিয়া আনুষ্ঠানিকভাৱে মিষ্টাৰ পাৰফেকচনিষ্ট আমিৰ খানৰ জোঁৱাই হৈ পৰিল । নুপুৰে জিমৰ সাজ-পোছাক পৰিধান কৰি বিবাহৰ স্থানলৈ ৮ কিলোমিটাৰ জগিং কৰি আহিছিল ৷ ইয়াৰ পিচত বিবাহৰ কাগজত চহী কৰি ইৰাক গোটেই জীৱনৰ বাবে নিজৰ কৰি লয় নুপুৰে ৷ অৱশ্যে পিচত পাপাৰাজীৰ বাবে পোজ দিবলৈ শ্বেৰৱানী পৰিধান কৰি আহিছিল নুপুৰে ।
সমগ্ৰ পৰিয়ালটোৱে সংবাদ মাধ্যমৰ সন্মুখত পোজ দিয়ে । ইফালে আমিৰ খানে নিজৰ প্ৰাক্তন পত্নী কিৰণ ৰাওক ভিৰৰ মাজতে গালত চুমা খোৱা পৰিলক্ষিত হয় । ভাইৰেল ভিডিঅ’টোত দেখা পোৱা যায় যে আমিৰ খানে প্ৰাক্তন পত্নী কিৰণ ৰাওৰ ওচৰলৈ গৈ তেওঁৰ লগত কথা পাতে আৰু তাৰ পিচত হঠাতে তেওঁৰ গালত চুমা খায় । এই ভিডিঅ’টোৰ পৰা স্পষ্ট দুয়োৰে মাজত বিবাহ বিচ্ছেদ হৈছে যদিও বিচ্ছেদৰ পিচতো বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছে আমিৰ-কিৰণে ৷ তাৰেই এক উদাহৰণ হ’ল এই ভিডিঅ’টো ৷
উল্লেখ্য যে, কন্যাৰ বিয়াত সমগ্ৰ পৰিয়ালৰ সৈতে দেখা গৈছিল অভিনেতাগৰাকীক । এই সময়চোৱাত ৰীণা দত্ত, ইৰা খান, নুপুৰ শিখাৰে, নুপুৰ শিখাৰেৰ মাতৃ, ইৰাৰ ভাতৃ জুনেইদ, কিৰণ ৰাওৰ স’তে পোজ দিয়ে আমিৰ খানে ।
ব্যৱহাৰকাৰীৰ প্ৰতিক্ৰিয়া
এই ভিডিঅ’টো চোৱাৰ পিচত ছ’চিয়েল মিডিয়া ব্যৱহাৰাকীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘আমিৰ আৰু কিৰণৰ বিবাহ বিচ্ছেদ হৈছে, নহয় জানো ?’’ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, আমিৰ ভাইক চেলুট । তৃতীয় ব্যৱহাৰকাৰীয়ে লিখিছে, যদি ইমানেই মৰম আছিল তেতিয়া বিবাহ বিচ্ছেদ কিয় হ’ল ?
দুবাৰকৈ বিবাহ বিচ্ছেদ হৈছে আমিৰ খানৰ
উল্লেখ্য যে,, আমিৰ খানে দুবাৰ বিবাহপাশত আৱদ্ধ হৈছিল, কিন্তু আমোদজনক কথাটো হ’ল দুয়োগৰাকী পত্নীৰ সৈতেই বিবাহ বিচ্ছেদ হৈছিল আমিৰৰ । ১৯৮৬ চনত ৰীণা দত্তৰ সৈতে তেওঁৰ প্ৰথম বিবাহ হয় । ২০০২ চনত ১৬ বছৰৰ পিচত এই বিবাহ বিচ্ছেদ হয় । ইয়াৰ পিচত ২০০৫ চনত কিৰণ ৰাওৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ২০২১ চনত দুয়োৰে মাজত বিবাহ বিচ্ছেদ ঘটে ।