ETV Bharat / entertainment

Aryan Khan : আৰিয়ান খানে পৰিচালনা কৰিছে পিতৃ শ্বাহৰুখ খানক, টিজাৰে উত্তেজনা বৃদ্ধি কৰিছে অনুৰাগীৰ

author img

By

Published : Apr 25, 2023, 12:16 PM IST

Updated : Apr 25, 2023, 4:38 PM IST

আৰিয়ান খানে আৰম্ভ কৰিছে D’Yavol নামেৰে নিজাকৈ কাপোৰৰ ব্ৰেণ্ড (Aryan Khan directing SRK) । শ্বাহৰুখ খানে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত ইয়াৰ সৈতে জড়িত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ।

Waited for this day for years Aryan Khan directing SRK has fans melting down
আৰিয়ান খানে আৰম্ভ কৰিছে D’Yavol নামেৰে নিজাকৈ কাপোৰৰ ব্ৰেণ্ড

চিটাৰা ডেস্ক, 25 এপ্ৰিল: বলীউডৰ ৰজা বুলি কোৱা হয় শ্বাহৰুখ খানক (Shah Rukh Khan) । নিজৰ উৎকৃষ্ট অভিনয়ৰ বাবেই অভিনেতাগৰাকীয়ে লাখ লাখ লোকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । একে সময়তে এতিয়া কিং খানৰ সন্তানসকলেও পিতৃৰ দৰে নিজৰ পৰিচয় গঢ়াৰ পথত আগবাঢ়িছে । শ্বাহৰুখৰ কন্য়া সুহানা খানে তেওঁৰ দৰে অভিনয়ৰ পথ বাছি লৈছে ৷ ইয়াৰ বিপৰীতে পুত্ৰ আৰিয়ান খানৰ সপোন আকৌ বেলেগ (Suhana Khan) ।

কিছুদিন পূৰ্বে আৰিয়ান খানে এখন চিত্ৰনাট্যৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল (Aryan Khan)। ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে আৰিয়ান অভিনয়ৰ জগতখনৰ পৰা আঁতৰি পৰিচালক হিচাপে নিজৰ যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছে । ইয়াৰ উপৰিও মাতৃ গৌৰী খানক অনুসৰণ কৰি আৰিয়ানেও ব্যৱসায়ৰ প্ৰতি গুৰুত্ব দিছে (Gauri Khan) ।

আৰিয়ানে D’Yavol নামেৰে নিজাকৈ কাপোৰৰ ব্ৰেণ্ড আৰম্ভ কৰিছে । কিন্তু ইয়াৰ বিশেষ কথাটো হ’ল যে আৰিয়ান খানে নিজৰ ব্ৰেণ্ডৰ প্ৰচাৰৰ বাবে পিতৃ শ্বাহৰুখ খানক মুখ হিচাপে বাছি লৈছে (Aryan Khan directing Shah Rukh Khan) । শেহতীয়াকৈ কিং খানে আৰিয়ান খানৰ ব্ৰেণ্ডৰ প্ৰচাৰৰ বাবে নিজৰ ইনষ্ট্ৰাগ্ৰাম একাউন্টত এটা সৰু টিজাৰ শ্বেয়াৰ কৰিছে । কেই ছেকেণ্ডৰ এই টিজাৰটোত কিং খানে ব্লেকবৰ্ডৰ পৰা ‘টাইমলেছ’ শব্দটো মচি পেলোৱা দেখা গৈছে (Shah Rukh Khan in Aryan Khan ad) ।

চাওক এই ভিডিঅ’টো

উল্লেখ্য যে, D'Yavol প্ৰচাৰৰ এই ভিডিঅ’টো আৰিয়ান খানেই পৰিচালনা কৰিছে । ইয়াৰ লগতে কোৱা হৈছে যে মঙলবাৰে এডৰ সম্পূৰ্ণ ভিডিঅ’টো ওলাব । আনহাতে, খবৰ অনুসৰি আৰিয়ান খান এই ব্ৰেণ্ডৰ সহ স্বত্বাধিকাৰী । লেটি ব্লাগোয়েভা আৰু বাণ্টী সিঙৰ সৈতে এই ব্ৰেণ্ড আৰম্ভ কৰিছে আৰিয়ানে (Aryan Khan directing SRK) ।

লগতে পঢ়ক : Dream Girl 2: ড্ৰিম গাৰ্ল ২ ছবিখনৰ মুক্তিৰ তাৰিখ সলনি কৰিলে নিৰ্মাতাই; কিন্তু কিয় আৰু কেতিয়া মুক্তি পাব ছবিখন ?

Last Updated : Apr 25, 2023, 4:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.