চিটাৰা ডেস্ক,7 এপ্ৰিল : দক্ষিণৰ বোলছবিয়ে সমগ্ৰ বিশ্বতে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ এক্সন আৰু ছবি এখনৰ বিষয় বস্তুৰ ক্ষেত্ৰত বলীউডক বহু পিছুৱাই আগবাঢ়ি গৈছে টলীউড ৷ চাৰিওফালে কেৱল চলিছে দক্ষিণৰ ছবিৰ জয় জয় কাৰ ৷
আল্লু অৰ্জুন অভিনীত পুষ্পা বোলছবিখনে মুক্তিৰ পিছতেই লগাইছিল খলকনি ৷ আজিও ছবিখনৰ সংলাপ দৰ্শকৰ মুখে মুখে ৷ শেহতীয়াকৈ মুক্তি পোৱা আৰ আৰ আৰ ছবিখনে বিশ্বজুৰি 950 কোটি টকাৰ বৃহৎ উপাৰ্জনেৰে জনাই দিছে দক্ষিণৰ ছবিৰ জনপ্ৰিয়তা ৷

এতিয়া চলচ্চিত্ৰ প্ৰেমী দৰ্শক ৰৈ আছে কেজিএফ চেপ্তাৰ 2 আৰু বীষ্ট বোলছবি দুখনৰ বাবে (Beast movie Thalapathy Vijay) ৷ সুদৰ্শন অভিনেতা বিজয়ে অভিনয় কৰা ছবি বীষ্টে 13 এপ্ৰিলত মুক্তি লাভ কৰিব (Beast release date)৷ কিন্তু মুক্তিৰ পূৰ্বেই ছবিখনৰ নিৰ্মাতা সকল নিৰাশ হৈ পৰিছে ৷ কুৱেইটত মুক্তি নিদিয়ে ছবিখন ৷ ইয়াৰ মূলতে ওচৰ চুবুৰীয়া দেশ পাকিস্তান দায়ী বুলি জানিব পৰা গৈছে ৷
কুৱেইটৰ তথ্য বিভাগে ছবিখনৰ মুক্তি নিষিদ্ধ কৰিছে । কুৱেইটত ছবিখনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ কাৰণ পাকিস্তান বুলি কোৱা হৈছে । প্ৰাপ্তবাতৰি অনুসৰি ছবিখনত পাকিস্তান আৰু সন্ত্ৰাসবাদক সাঙুৰি চিত্ৰ গ্ৰহণ কৰা কিছু দৃশ্যাংশৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ছবিখনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ অন্য কাৰণো আছে । গোপন সূত্ৰৰ পৰা পোৱা তথ্য মতে 'বীষ্ট'ত বিজয়ৰ চৰিত্ৰটোৱে পাকিস্তানৰ এজন শীৰ্ষ বিষয়াৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱা দেখুওৱা হৈছে ৷ সেয়েহে কুৱেইটৰ চেঞ্চৰ ব’ৰ্ডে ছবিখনত পাকিস্তান বিৰোধী ভাৱনাৰ উপস্থিতি অনুভৱ কৰি সুখী নহৈ এই সিদ্ধান্ত লয় ৷
বাণিজ্য বিশেষজ্ঞসকলৰ মতে, চিনেমাৰ ক্ষেত্ৰত কুৱেইট এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ ৷ কিন্তু 'বীষ্ট' ছবিখনে কুৱেইটত মুক্তি লাভ নকৰাটোৱে ছবিখনৰ উপাৰ্জনৰ ওপৰত বিশেষ প্ৰভাৱ নেপেলাই, কিয়নো ডুবাই, কাটাৰ, বাহৰেইন আদি ইছলামিক দেশসমূহত 'বীষ্টে' মুক্তি লাভ কৰিব । সমান্তৰালকৈ ছবিখন উত্তৰ আমেৰিকা, ইউৰোপ আৰু অষ্ট্ৰেলিয়াৰ দৰে ডাঙৰ দেশতো মুক্তি দিয়া হ'ব (Beast release worldwide) ।

প্ৰথমাৱস্থাত ছবিখন তামিল ভাষাতে মুক্তি পোৱাৰ কথা আছিল, কিন্তু বিশ্বজুৰি 'পুষ্পা' আৰু 'আৰআৰআৰ'ৰ হিন্দী ভাষাত হোৱা বৃহৎ উপাৰ্জন দেখি নিৰ্মাতাই এতিয়া ছবিখন হিন্দী, তেলেগু, কানাড়া আৰু মালায়ালম ভাষাত মুক্তি দিয়াৰ সিদ্ধান্ত লৈছে ।

অগা-পিছাকৈ মুক্তি লাভ কৰিব বীষ্ট আৰু কেজিএফ চেপ্তাৰ 2 ৱে ৷ বক্স অফিচত এই লৈ বহু চৰ্চা ও উৎকণ্ঠা । 13 এপ্ৰিলত 'বীষ্ট' আৰু 14 এপ্ৰিলত 'কেজিএফ চেপ্তাৰ 2' মুকলি হ'বলৈ গৈ আছে । বিগবাজেটৰ এই ছবিদুখনৰ মুক্তিৰ পিছত দৰ্শকৰ সঁহাৰি কেনে হয় সেয়া হ’ব লক্ষণীয় ৷
লগতে পঢ়ক: Shehnaaz Gill latest video: ‘পিণ্ড কি কুড়ী’ ৰূপত শ্বেহনাজ