ETV Bharat / entertainment

শৰীৰৰ অংগবোৰ অপচয় কৰাৰ কোনো কাৰণ দেখা নাপাও- বিজয় দেৱেৰাকোণ্ডা

author img

By

Published : Nov 18, 2022, 4:49 PM IST

শিশু দিৱসৰ দিনা হায়দৰাবাদত অংগদানক উৎসাহিত কৰাৰ উদ্দেশ্যে বিজয় দেৱেৰাকোণ্ডাই এক অনুষ্ঠানত অংশগ্ৰহণ কৰে (Vijay Deverakonda latest video) । অনুষ্ঠানটোৰ এটা ভিডিঅ’ই ইণ্টাৰনেটত বহুত ভাইৰেল হৈছে য’ত অভিনেতাজনে জীৱনৰ অন্তত নিজৰ সকলো অংগ দান কৰাৰ ইচ্ছা থকাৰ কথা প্ৰকাশ কৰিছে ।

Vijay Deverakonda
বিজয় দেৱেৰাকোণ্ডা

চিটাৰা ডেস্ক, 18 নৱেম্বৰ : অভিনেতা বিজয় দেৱেৰাকোণ্ডাই অলপতে হায়দৰাবাদত অংগদান সন্দৰ্ভত সজাগতা বৃদ্ধিৰ এক অনুষ্ঠানত অংশ লৈছিল । এই অনুষ্ঠানত তাৰকাজনে কয় যে তেওঁ জীৱন শেষ হোৱাৰ পিছত আন কাৰোবাৰ জীৱনৰ অংশ হ’বলৈ ভাল পাব । বিশেষকৈ দক্ষিণ এছিয়াৰ দেশসমূহত অংগদান তুলনামূলকভাৱে কম হোৱাৰ সময়ত বহুতকে অনুপ্ৰাণিত কৰিব পৰা এই দয়ালু উদ্দেশ্যৰ বাবে অভিনেতা গৰাকীক সাংঘাতিক প্ৰশংসা কৰা হৈছে ।

শিশু দিৱসত বিজয় দেৱেৰাকোণ্ডাই অংগদানক উৎসাহিত কৰাৰ উদ্দেশ্যে মহানগৰীৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে । অনুষ্ঠানটোৰ এটা ভিডিঅ’ই ইণ্টাৰনেটত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে য’ত অভিনেতাজনে জীৱনৰ অন্তত নিজৰ সকলো অংগ দান কৰাৰ ইচ্ছা থকাৰ কথা ব্যক্ত কৰিছে ।

দেৱেৰাকোণ্ডাই কয়, "চিকিৎসকসকলে মোক কয় যে কেৱল দাতাৰ বাবেই বহুতো অস্ত্ৰোপচাৰ হৈ আছে । এইয়া অবিশ্বাস্য যে মানুহৰ বাবে বহুতো মানুহে আৱেগিকভাৱে অংগদান কৰিছে । এইয়া এক সুন্দৰ কথা । সমান্তৰালকৈ চিকিৎসকসকলে দক্ষিণ এছিয়াৰ দেশবোৰত অংগ দান কেনেদৰে তুলনামূলকভাৱে কম হয় সেই বিষয়েও কথা পাতি আছিল" ৷

"মই ভাবো, মই মোৰ সকলো অংগ দান কৰিম । মই ভাল পাম যে ই মোৰ জীৱনৰ পিছত আন কাৰোবাৰ অংশ হৈ তেওঁলোকৰ জীৱনত সহায় কৰিব । শৰীৰৰ অংগ অপচয় কৰাৰ কোনো কাৰণ দেখা নাই", এই মন্তব্য আগবঢ়াই 33 বছৰীয়া অভিনেতা গৰাকীয়ে ।

ইণ্টাৰনেটত তেওঁৰ উদাৰ চিন্তাধাৰাৰ বাবে অভিনেতাগৰাকীক প্ৰশংসা কৰা হৈছে (Vijay Deverakonda latest video) । তেওঁৰ এই সিদ্ধান্তক ছ’চিয়েল মিডিয়াত বহুতে আদৰণি জনাইছে । ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজন অনুৰাগীয়ে লিখিছে, "More respect and love to you Vijay"; আনহাতে আন এজনে কয়, "Total inspiration VD"।

কৰ্মক্ষেত্ৰত বিজয়ক অনন্যা পাণ্ডেৰ সৈতে Liger ছবি খনত দেখা গৈছিল । পৰৱৰ্তী সময়ত তেওঁক দেখা যাব আগন্তুক তেলুগু ৰোমান্টিক নাটক খুশিত য’ত তেওঁৰ সহ অভিনেত্ৰী হিচাপে থাকিব সামান্থা ৰুথ প্ৰভু ।

লগতে পঢ়ক : অংগ দান কৰাৰ প্ৰতিশ্ৰুতি দিয়া অভিনয় জগতৰ তাৰকাসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.