ETV Bharat / entertainment

Vijay Antony: তামিল অভিনেতা বিজয় এণ্টনীৰ ১৬ বছৰীয়া কন্যাৰ আত্মহনন - বিজয় এণ্টনিৰ কন্যা মীৰাৰ মৃত্যু

আজি পুৱা আত্মহত্যা কৰে সুৰকাৰ, অভিনেতা বিজয় এণ্টনীৰ ১৬ বছৰীয়া কন্যাই । এই ঘটনাত অভিনেতাজনৰ পৰিয়াল শোকত ভাঙি পৰাৰ লগতে আৰক্ষীৰ এটা দল এই ঘটনাৰ তদন্তত ব্যস্ত হৈ পৰিছে ।

Vijay Antony's 16YO daughter dies by suicide in Chennai
বিজয় এণ্টনীৰ ১৬ বছৰীয়া কন্যাৰ আত্মহনন
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 10:45 AM IST

চিটাৰা ডেস্ক, ১৯ ছেপ্টেম্বৰ: সৰগ ভাঙি পৰিছে সুৰকাৰ, জনপ্ৰিয় অভিনেতা আৰু প্ৰযোজক বিজয় এণ্টনীৰ মূৰত ৷ অভিনেতাগৰাকীৰ কন্যা মীৰাৰ ১৯ ছেপ্টেম্বৰত অৰ্থাৎ আজি পুৱা মৃত্যু হয় । জানিব পৰা মতে বিজয়ৰ ১৬ বছৰীয়া কন্যাই আত্মহত্যা কৰিছে । খবৰ অনুসৰি মীৰাক চেন্নাইৰ বাসগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় ৷ ইয়াৰ পিচতে তেওঁক এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় । কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসকে পৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিজয়ৰ কন্যা হতাশাত ভুগি আছিল আৰু ইয়াৰ চিকিৎসাও চলি আছিল ।

হতাশাত ভুগি আছিল বিজয় এণ্টনীৰ কন্যাই

সংবাদ মাধ্যমৰ খবৰ অনুসৰি পুৱা ৩ বজাত বিজয় এণ্টনীৰ কন্যা মীৰাক চেন্নাইৰ ঘৰত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় । ১৬ বছৰীয়া কন্যা মীৰা চেন্নাইৰ এখন অভিজাত স্কুলত পঢ়ি আছিল । খবৰ অনুসৰি মীৰা ডিপ্ৰেছনত ভুগি আছিল । ডিপ্ৰেছনত ভুগি অৱশেষত এই চৰম সিদ্ধান্ত বাছি ল’লে মীৰাই ৷ ঘৰৰ সহায়কজনে মীৰাক তাইৰ কোঠাত ওলমি থকা অৱস্থাত পাইছিল । ইয়াৰ পিছত লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । বৰ্তমান আৰক্ষীৰ এটা দল এই বিষয়টোৰ তদন্ত নিয়োজিত হৈ পৰিছে । অৱশ্যে এই খবৰ সন্দৰ্ভত বিজয় আৰু তেওঁৰ পৰিয়ালে এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই ।

বিজয় এণ্টনী কোন ?

উল্লেখ্য যে বিজয় এণ্টনী এজন জনপ্ৰিয় সুৰকাৰ যিয়ে মূলতঃ তামিল চিনেমাত কাম কৰে । বহু বছৰ সংগীতজ্ঞ হিচাপে কাম কৰাৰ পিচত তেওঁ এজন প্ৰযোজক, অভিনেতা, গীতিকাৰ, সম্পাদক, অডিঅ’ ইঞ্জিনিয়াৰ আৰু পৰিচালক হিচাপেও নিজৰ এক অন্য পৰিচয় গঢ়ি তুলে ৷ ফাতিমা বিজয় এণ্টনীৰ সৈতে তেওঁৰ বিবাহ হয়, ফাতিমাই প্ৰডাকচন হাউচ চোৱাচিতা কৰে । বিজয় আৰু ফাতিমা দুগৰাকী কন্যা মীৰা আৰু লাৰাৰ পিতৃ-মাতৃ ।

সুৰকাৰ বিজয় এণ্টনী এইকেইদিন নিজৰ অভিনয় প্ৰজেক্টত ব্যস্ত হৈ আছে আৰু তেওঁৰ আগন্তুক ছবি ‘ৰথম’ মুক্তিৰ বাবে প্ৰস্তুতি চলি আছে । শেহতীয়াকৈ তেওঁ চেন্নাইত এটা কনচাৰ্টৰ আয়োজন কৰিছিল, যিটো কনচাৰ্ট আছিল বিপুল হিট ।

(আত্মহত্যা কোনো সমস্যাৰ সমাধান হ’ব নোৱাৰে । যদি আপোনাৰ মনলৈ আত্মহত্যাৰ ভাৱ বা চিন্তা আহি আছে, সেই সময়ত যদি সহায়ৰ প্ৰয়োজন হয়, তেন্তে কোনোবা নহয় কোনোবা সদায় থাকে আপোনাৰ দুখ শুনিবলৈ । স্নেহা ফাউণ্ডেশ্যন -০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা iCall, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চাইন্সেছলৈ ফোন কৰক ' হেল্পলাইন - ৯১৫২৯৮৭৮২১, যিটো সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ)

লগতে পঢ়ক: Actress Aparna Nair Death: অভিনেত্ৰী অপৰ্ণা নাইৰৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.