চিটাৰা ডেস্ক, 25 জুন: প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা কুলজিৎ পালৰ দেহাৱসান । খবৰ অনুসৰি আজি দুপৰীয়া ১২ বজাত মুম্বাইৰ ছান্টাক্ৰুজ শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব । নিৰ্মাতাগৰাকীৰ আত্মাৰ সদগতিৰ অৰ্থে ২৯ জুনত সন্ধিয়া ৫ বজাৰ পৰা ৬ বজাৰ ভিতৰত প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হৈছে বুলি জানিব পৰা হৈছে ।
হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু
বহুদিনৰে পৰা অসুস্থ হৈ আছিল কুলজিৎ । অৱশেষত হৃদৰোগত আক্ৰান্ত হৈ ২৪ জুনত ইহলীলা সম্বৰণ কৰে নিৰ্মাতাগৰাকীয়ে ৷ কুলজিৎৰ মেনেজাৰ সঞ্জয় বাজপেয়ীয়ে সংবাদ মাধ্যমত জনাই যে, "কুলজিৎৰ হাৰ্ট এটেকত মৃত্যু হৈছে । লগতে কিছুদিনৰ পৰা তেওঁ অসুস্থ হৈ আছিল ।"
ৰেখাক ছবিত প্ৰথম সুযোগ দিছিল নিৰ্মাতাগৰাকীয়ে
অভিনেত্ৰী ৰেখাক ছবিৰ কাম দিয়া একমাত্ৰ প্ৰযোজক আছিল কুলজিৎ পাল । কিন্তু সেই ছবিখন আগবাঢ়িব নোৱাৰিলে আৰু ছবিখন বন্ধ হৈ পৰিল ৷ তেওঁৰ কন্যাৰ নাম অনু পাল । অনুৱে ‘আজ’ ছবিখনত কাম কৰিছিল । ছবিখনত ৰাজীৱ ভাটিয়াই যুদ্ধ কলাৰ প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছিল । অৱশ্যে ছবিখন মুক্তিৰ পিচত ছবিখনত কেৱল তেওঁৰ পিঠিহে দেখা গৈছিল । এই কথাত নিৰাশ হৈ তেওঁ বান্দ্ৰা আদালতত উপস্থিত হৈ নাম সলনি কৰি অক্ষয় কুমাৰ কৰি লয় । বৰ্তমান সময়ত অক্ষয়ক বলীউডৰ ডাঙৰ তাৰকাৰ ভিতৰত গণ্য কৰা হয় ।
এই ছবিসমূহ নিৰ্মাণ কৰিছিল
কুলজিৎ পালে নিজৰ কেৰিয়াৰত অৰ্থ, আজ, পৰমাত্মা, ভাসনা, দো শিকাৰি, আশিয়ানা আদি ছবি নিৰ্মাণ কৰিছে । কেইসপ্তাহমান পূৰ্বে তেওঁ কম্প্লিট চিনেমাত ৰাজহুৱা জাননী জাৰি কৰি ঘোষণা কৰিছিল যে তেওঁ আৰ্থৰ ৰিমেক ৰাইটছ এগ্ৰিমেণ্ট বাতিল কৰিছে।
লগতে পঢ়ক: Mangal Dhillon Passed Away: জন্মদিনৰ এসপ্তাহ পূৰ্বেই ইহলীলা ত্যাগ কৰিলে জনপ্ৰিয় অভিনেতা মংগল ধিলনে
লগতে পঢ়ক: Aamir Raza Hussain Death: জনপ্ৰিয় অভিনেতা-পৰিচালক তথা নাট্যশিল্পী আমিৰ ৰাজা হুছেইন আৰু নাই