ETV Bharat / entertainment

আই চি ইউত ভৰ্তি কাজলৰ মাতৃ, এতিয়া কেনে আছে তনুজা ? - প্ৰবীণ অভিনেত্ৰী তনুজাৰ স্বাস্থ্যৰ অৱনতি

Tanuja Hospitalised: বলীউডৰ প্ৰবীণ অভিনেত্ৰী তনুজাৰ স্বাস্থ্যৰ অৱনতি ঘটিছে । বাৰ্ধক্যজনিত ৰোগৰ বাবে দেওবাৰে জুহুৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল অভিনেত্ৰী কাজলৰ মাতৃক ।

Veteran actress Tanuja, mother of Kajol, hospitalised in Mumbai
হাস্পতালত ভৰ্তি প্ৰবীণ অভিনেত্ৰী তনুজা
author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 10:27 AM IST

চিটাৰা ডেস্ক, ১৮ ডিচেম্বৰ: স্বাস্থ্যৰ অৱনতি ঘটিছে নিজৰ সময়ৰ সুপৰিচিত চলচ্চিত্ৰ অভিনেত্ৰী তথা কাজলৰ মাতৃ তনুজাৰ। জানিব পৰা মতে অভিনেত্ৰীগৰাকীক মুম্বাইৰ জুহুৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । সম্প্ৰতি চিকিৎসালয়খনৰ আই চি ইউত ভৰ্তি হৈ আছে কাজলৰ মাতৃ । এক সূত্ৰই জনোৱা মতে, বাৰ্ধক্যজনিত ৰোগৰ বাবে তনুজাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু প্ৰকৃততে তেওঁৰ কি হৈছিল সেই বিষয়ে কোনো আনুষ্ঠানিক তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই ।

এতিয়া কেনে আছে তনুজা ?

পিটিআইৰ প্ৰতিবেদন অনুসৰি তনুজাক পৰ্যবেক্ষণত ৰখা হৈছে আৰু এতিয়া তেওঁৰ স্বাস্থ্য কিছু উন্নত হৈছে । ৮০ বছৰীয়া অভিনেত্ৰী তনুজা বৰ্তমান চিকিৎসকৰ তত্বাৱধানত আছে আৰু তেওঁৰ স্বাস্থ্যৰ ওপৰত নিৰন্তৰ নজৰ ৰখা হৈছে ।

তনুজাই বহু হিন্দী আৰু বাংলা ছবিত কাম কৰি আহিছে

অভিনেত্ৰী তনুজাক নতুনকৈ চিনাকি কৰাই দিয়াৰ হয়তো প্ৰয়োজন নাই, তেওঁ বহু হিন্দী আৰু বাংলা ছবিত কাম কৰিছে । তাৰকা শোভানা সমৰ্থ আৰু প্ৰযোজক কুমাৰসেন সমৰ্থৰ কন্যা তনুজা । নুতনৰ ভনীয়েক তনুজা ।

উল্লেখ্য যে, তনুজাৰ জন্ম হৈছিল ১৯৪৩ চনৰ ২৩ ছেপ্টেম্বৰত । কম বয়সতে নিজৰ অভিনয়েৰে সকলোকে আচৰিত কৰি তুলিছিল অভিনেত্ৰীগৰাকীয়ে । মাত্ৰ ১৬ বছৰ বয়সতে তনুজাৰ প্ৰথমখন ছবি ‘ছবিলি’ (১৯৬০) মুক্তি লাভ কৰিছিল আৰু ইয়াৰ পিচত ১৯৬২ চনৰ ‘মেম দিদি’ ছবিখনত অভিনয় কৰিছিল ।

এই ছবিবোৰেৰে তনুজাই এক বিশেষ পৰিচয় গঢ়ি তুলিছিল

ইয়াৰ উপৰিও তনুজা ‘বহাৰে ফিৰ ভি আয়েংগী’, ‘জুৱেল থিফ’, ‘হাথী মেৰে সাথী’ আৰু ‘মেৰে জীৱন সাথী’ আদি ছবিৰ বাবে পৰিচিত । কেৱল ইমানেই নহয়, তনুজাই বহু বাংলা ছবিতো অভিনয় কৰিছে। ইফালে তনুজাই সোমু মুখাৰ্জীক ‘এক বাৰ মুস্কুৰা দো’ ছবিৰ চেটত লগ পাইছিল ৷ ইয়াৰ পিচত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে আৰু ১৯৭৩ চনত দুয়ো বিবাহপাশত আৱদ্ধ হয় । তনুজাৰ দুগৰাকী কন্যা কাজল আৰু তনিষা ।

লগতে পঢ়ক: হাস্পতালৰ পৰা কেতিয়া ৰিলিজ দিয়া হ’ব শ্ৰেয়স তালপাড়েক ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.