ETV Bharat / entertainment

বহু প্ৰত্যাশিত ছবি 'বাৱাল'ৰ দৃশ্যগ্ৰহণ আৰম্ভ - Varun Janhvi shoot Bawaal in Lucknow

চৰ্চাত বলীউদৰ আহিব লগীয়া ছবি 'বাৱাল' । ইতিমধে আৰম্ভ হৈছে 'বাৱাল'ৰ দৃশ্যগ্ৰহণৰ কাম । ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰা বৰুণ ধাৱান আৰু জাহ্নৱী কাপুৰে বাহৰ পাতিছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত(Varun Janhvi shoot Bawaal in Lucknow) । নিতেশ তিৱাৰী পৰিচালিত ছবিখনক প্ৰযোজনা কৰিছে চাজিদ নাদিয়াদৱালাই ।

Varun Janhvi shoot Bawaal in Lucknow
বহু প্ৰত্যাশিত ছবি 'বাৱাল'ৰ দৃশ্যগ্ৰহণ আৰম্ভ
author img

By

Published : Apr 10, 2022, 6:43 PM IST

চিটাৰা ডেস্ক,১০ এপ্ৰিল: বহুদিন বিৰতিৰ পাছত পুনৰ দৰ্শকৰ মাজলৈ আহিব বৰুণ ধাৱানৰ ছবি । ২০২৩ৰ ৭ এপ্ৰিলত ছবিগৃহলৈ আহিব বৰুণ ধাৱান জাহ্নৱী কাপুৰৰ ছবি 'বাৱাল'(Varun Dhawan Janhvi Kapoor film Bawaal) । ইতিমধে আৰম্ভ হৈছে 'বাৱাল'ৰ দৃশ্যগ্ৰহণৰ কাম । ছবিখনৰ পৰিচালক নিতেশ তিৱাৰীৰ পত্নী অশ্বিনী আয়াৰে তেওঁৰ ইনষ্টাগ্ৰামত ক্লেপবোৰ্ডৰ এখন ফটো শ্বেয়াৰ কৰি এই কথা ৰাজহুৱা কৰে ।

তেওঁ লিখে""#Bawaal Happiness begins. Missing Sajid Sir effervescent smile and @wardakhannadiadwala hug as the shoot begins with awesome humans and actors @varundvn & @janhvikapoor."

দৃশ্যগ্ৰহণৰ বাবে বৰুণ ধাৱানে শনিবাৰে যাত্ৰা কৰিছিল লক্ষ্ণৌলৈ যাত্ৰা কৰে, আনহাতে জাহ্নৱীয়ে ৭ এপ্ৰিলত পূৱৰ কনষ্টাণ্টিনোপললৈ উৰা মাৰিছিল । ভাৰতৰ তিনিটাকৈ স্থানত ছবিখনৰ চিত্ৰগ্ৰহণ চলিব যদিও সেই স্থানবোৰ এতিয়াও ৰাজহুৱা কৰা নাই । ভাৰতৰ উপৰিও পেৰিছকে ধৰি চাৰিখনকৈ ইউৰোপীয় স্থানটো 'বাৱাল' ৰ দৃশ্যগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

নীতেশ তিৱাৰীয়ে পৰিচালনা কৰা ছবিখন প্ৰযোজনা কৰিছে চাজিদ নাদিয়াদৱালাই । ইয়াৰ পূৰ্বে পৰিচালক প্ৰযোজকে একেলগে কাম কৰিছিল ছিচ'ৰেত, যিখন ছবিয়ে শ্ৰেষ্ঠ হিন্দী ফিচাৰ ফ্লিম বঁটা লাভ কৰিছিল । সমগ্ৰ প্ৰকল্পটো ভিতৰুৱা কথাসমূহ নিৰ্মাতাসকলে অতি গোপনে ৰাখিছে ।

উল্লেখনীয় যে, বৰুণ আৰু জাহ্নৱীয়ে মুখ্য যুটি হিচাপে প্ৰথমবাৰ একেলগে কাম কৰিছে । এটা সুন্দৰ প্ৰেমৰ কাহিনীৰে নিৰ্মাণ হোৱা ছবিখনে মুক্তিলাভ কৰিব ৭ এপ্ৰিল, ২০২৩ ত ।

লগতে পঢ়ক: অভিনয়ৰ লগতে ৰং-বিৰঙী শাৰীৰেও গুণমুগ্ধৰ হৃদয় জিনিছে স্বৰা ভাস্কৰে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.