চিটাৰা ডেস্ক, 16 নৱেম্বৰ: এদিনীয়া বিশ্বকাপৰ খেলখনত ছেমি ফাইনেলত জয়লাভ কৰিছে ভাৰতে ৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত আৰু নিউজীলেণ্ডৰ মাজত হোৱা খেলখনত ভাৰতে উজ্জ্বল প্ৰদৰ্শনেৰে জয় লাভ কৰিছে । ভাৰতৰ এই জয় সম্প্ৰতি গোটেই দেশবাসীয়ে উদযাপন কৰিছে ৷ দেশবাসীৰ বাবে এয়া কোনো ঐতিহাসিক ক্ষণতকৈ কম নহয় ৷
ইফালে বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ বাবে এই সুখ দুগুণ, এটা হৈছে ভাৰতে ছেমি ফাইনেলত জয়লাভ কৰিছে ৷ দ্বিতীয়টো সুখ হৈছে তেওঁৰ স্বামী তথা ক্ৰিকেটৰ কিং বিৰাট কোহলীয়ে শতক অৰ্জন কৰিছে । এয়া আছিল বিৰাটৰ ৫০ সংখ্যক এদিনীয়া শতক । মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ অভিলেখো ভংগ কৰিছে কিং কোহলীয়ে । এনে পৰিস্থিতিত অনুষ্কা শৰ্মাৰ উচাহ ষ্টেডিয়ামত দেখা পোৱা গৈছিল ৷ শতক অৰ্জন কৰাৰ লগে লগে অনুষ্কাই স্বামীক ষ্টেডিয়ামতে উৰণীয়া চুমা দিয়া পৰিলক্ষিত হৈছিল ৷ এতিয়া মাজনিশা অভিনেত্ৰীগৰাকীয়ে স্বামীৰ প্ৰশংসাত এটা পোষ্ট শ্বেয়াৰ কৰিছে । মেচ শেষ হোৱাৰ পাচতে অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত বিৰাটৰ বাবে এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে ।
৫০ সংখ্যক এদিনীয়া শতকৰে সৰ্বাধিক এদিনীয়া শতকৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে বিৰাট । বিৰাটৰ সৰু সৰু সাফল্যকো প্ৰায়ে মুকলিকৈ প্ৰশংসা কৰা দেখা যায় পত্নী অনুষ্কাক । গতিকে এই ঐতিহাসিক বিজয়ত কেনেকৈ নো পোষ্ট নকৰাকৈ থাকিব পত্নী অনুষ্কা শৰ্মাই ? ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি অনুষ্কাই বিৰাটক ভগৱানৰ পুত্ৰ বুলি অভিহিত কৰিছে ।
অনুষ্কা শৰ্মাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, "ভগৱান হৈছে শ্ৰেষ্ঠ চিত্ৰনাট্য লেখক। তোমাৰ মৰমেৰে মোক ওপচাই দিয়াৰ বাবে, লগতে তোমাৰ এই উত্তৰণ দেখিবলৈ পোৱাৰ সুযোগ দিয়াৰ বাবে, তুমি নিজৰ প্ৰতি আৰু খেলৰ প্ৰতি সৎ হৈ যি খিনি উপলব্ধি অৰ্জন কৰিছা বা আগলৈ কৰিবা তাৰ বাবে তেওঁৰ ওচৰত মই চিৰকৃতজ্ঞ। তুমি সঁচাকৈয়ে ঈশ্বৰ পুত্ৰ সঁচাকৈয়ে তুমি ঈশ্বৰৰ সন্তান।”
অনুষ্কা শৰ্মা ছেমি ফাইনেল খেলখন চাবলৈ গৈছিল ৱানখেড়ে ষ্টেডিয়ামলৈ। ষ্টেডিয়ামৰ পৰা বিৰাট আৰু অনুষ্কাৰ প্ৰেমৰ মুহূৰ্তবোৰো সম্প্ৰতি ভাইৰেল হৈ পৰিছে । আনকি বিৰাটে শতক সম্পূৰ্ণ কৰাৰ সময়তো অনুষ্কাই আনন্দত নিজৰ আসনৰ পৰা জপিয়াই উঠিছিল আৰু লগে লগে কিং কোহলীক উৰণীয়া চুমা দিয়া পৰিলক্ষিত হৈছিল । ইফালে শতক অৰ্জন কৰাৰ পাচত বিৰাট কোহলীয়ে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰক প্ৰণাম জনায় ।
লগতে পঢ়ক: Virat Kohli scores 50th ODI century: সোণালী শতকত ষ্টেডিয়ামৰ পৰাই বিৰাটলৈ উৰণীয়া চুমা অনুষ্কাৰ