ETV Bharat / entertainment

Oscar ২০২৪: ২২খন ছবিক পৰাস্ত কৰি ভাৰতৰ পৰা অস্কাৰত প্ৰৱেশ মালয়ালম ছবি ‘২০১৮ এভৰিৱান ইজ এ হিৰো’

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 4:50 PM IST

মালয়ালম ছবি ‘২০১৮ এভৰিৱান ইজ এ হিৰো’য়ে অস্কাৰৰ বাবে ভাৰতৰ পৰা আনুষ্ঠানিক প্ৰৱেশ লাভ কৰিছে । লগান ছবিখনৰ পিচত এইখন ছবিয়ে যিয়ে শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবিৰ বাবে মনোনয়ন লাভ কৰিছে ।

Tovino Thomas' 2018-Everyone is a Hero India's entry for 2024 Oscars, beats 22 films to clinch the coveted feat
অস্কাৰত প্ৰৱেশ ছবি ২০১৮ এভাৰিৱান ইজ এ হিৰোৰ

চিটাৰা ডেস্ক, 27 ছেপ্টেম্বৰ: ভাৰতৰ পৰা অস্কাৰ বঁটা ২০২৪ ত আনুষ্ঠানিক প্ৰৱেশ এখন মালয়ালম ছবিৰ । আচলতে মালয়ালম ছবি ‘২০১৮ এভাৰিৱান ইজ এ হিৰো’ ক ২০২৪ চনত ভাৰতৰ পৰা অস্কাৰলৈ প্ৰেৰণ কৰা হ’ব । এই কথা ঘোষণা কৰিছে ফিল্ম ফেডাৰেচন অৱ ইণ্ডিয়াই । ২০১৮ চনত কেৰালাত হোৱা বানৰ ভয়াৱহ পৰিস্থিতিৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছিল ‘২০১৮ এভৰিৱান ইজ এ হিৰো’ ছবিখন । ছবিখনত চিত্ৰণ কৰা হৈছে প্ৰাকৃতিক দুৰ্যোগৰ ওপৰত মানুহৰ বিজয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

অস্কাৰত এই শাখাৰ আন ছবিৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব ছবিখনে

‘২০১৮ এভৰিৱান ইজ এ হিৰো’ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবিৰ শাখাত অস্কাৰ বঁটাৰ বাবে প্ৰতিদ্বন্দিতা কৰিব । এই শিতানত পূৰ্বে শ্ৰেষ্ঠ বিদেশী ছবিৰ খিতাপ দিয়া হৈছিল । উল্লেখ্য যে, ২০০২ চনৰ লগানৰ পিছৰ পৰা কোনো ভাৰতীয় ছবিক অস্কাৰত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবিৰ বাবে মনোনীত কৰা হোৱা নাই । ইয়াৰ পূৰ্বে কেৱল দুখন ছবিয়েহে এই স্থান লাভ কৰিছে - নাৰ্গিছৰ অভিনীত মাদাৰ ইণ্ডিয়া আৰু মীৰা নাইৰৰ ছালাম বম্বে ৷ ২০২৩ চনত মুক্তি পোৱা ছবিৰ ৯৬ সংখ্যক অস্কাৰ বঁটা ২০২৪ চনৰ ১০ মাৰ্চত লছ এঞ্জেলছত অনুষ্ঠিত হ’ব ।

২০২৪ চনৰ অস্কাৰৰ বাবে ‘২০১৮ এভৰিৱান ইজ এ হিৰো’ ছবিখন নিৰ্বাচন কৰাৰ পূৰ্বে দ্য কেৰালা ষ্ট’ৰী (হিন্দী), ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী, মিচেছ চেটাৰ্জী বনাম নৰৱে (হিন্দী), বালাগাম (তেলেগু), ভালাৱী (মাৰাঠী), বাপ্লয়ক (মাৰাঠী), ১৯৪৭ (তামিল)কে ধৰি মুঠ ২২ খন ছবিৰ কথা বিবেচনা কৰা হৈছিল । শেষত এই প্ৰতিযোগিতাত '২০১৮ এভৰিৱান ইজ এ হিৰো’য়ে জয়লাভ কৰে আৰু ২০২৪ চনৰ অস্কাৰত ভাৰতৰ পৰা আনুষ্ঠানিকভাৱে প্ৰৱেশ লাভ কৰে ।

সৰ্বাধিক উপাৰ্জন কৰা মালয়ালম ছবি ‘২০১৮ এভৰিৱান ইজ এ হিৰো’

জুড এন্থনী জোচেফৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত টভিনো থমাছ, কুঞ্চাকো বোবান, আছিফ আলী, বিনীত শ্ৰীনিবাসন, নাৰায়ণ আৰু লালে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল । চলিত বৰ্ষৰ মে’ মাহত মুক্তি পোৱা এই ছবিখনে সমালোচকৰ পৰা উৎকৃষ্ট সঁহাৰি লাভ কৰিছিল । বক্স অফিচতো হিট হৈছিল ছবিখন । উল্লেখ্য যে '২০১৮ এভৰিৱান ইজ এ হিৰো' সৰ্বকালৰ সৰ্বাধিক উপাৰ্জন কৰা মালয়ালম ছবি আৰু এইবাৰ ভাৰতীয় চিনেমাৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ ভিতৰত অন্যতম ।

লগতে পঢ়ক: Dadasaheb Phalke Award 2023: দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব ৱাহিদা ৰহমানক, ঘোষণা অনুৰাগ ঠাকুৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.