চিটাৰা ডেস্ক, 25 আগষ্ট: মনোৰঞ্জন উদ্যোগত নিজৰ প্ৰতিভাৰ ভিত্তিত ব্যাপক সফলতা অৰ্জন কৰা এনে বহু অভিনেতা আছে, যিয়ে কেৱল জনপ্ৰিয়তা অৰ্জন কৰাই নহয় লাখ লাখ টকাও উপাৰ্জন কৰিছে এই ক্ষেত্ৰখনৰ পৰা । শেহতীয়াকৈ এটা সংবাদ মাধ্যমৰ প্ৰতিবেদনে এনে এখন তালিকা প্ৰস্তুত কৰিছে, য’ত ২০২৩ বৰ্ষৰ বিশ্বৰ শীৰ্ষ ধনী অভিনেতাসকলক অন্তৰ্ভুক্ত কৰা হৈছে । এই অভিনেতাসকলৰ মুঠ সম্পত্তি 250 মিলিয়নৰ পৰা 1 বিলিয়ন ডলাৰৰ ভিতৰত । মন কৰিবলগীয়া কথা যে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ নামো এই তালিকাত অন্তৰ্ভুক্ত হৈছে ।
প্ৰতিবেদন অনুসৰি বৰ্তমান টাইলাৰ পেৰী সৰ্বাধিক নেট ৱৰ্থৰ অভিনেতা । তেওঁৰ মুঠ সম্পত্তি পৰিমাণ 1 বিলিয়ন ডলাৰ । তেওঁৰ এই সম্পত্তিৰ পৰিমাণে তেওঁক পৃথিৱীৰ আটাইতকৈ ধনী অভিনেতা হিচাপে পৰিগণিত কৰিছে । টাইলাৰ পেৰীৰ কেইবাখনো ছবিয়ে বক্স অফিচত গঢ়িছে অভিলেখ, য’ত আছে ‘বু ! এ মেডিয়া হেল’ৱিন’, ‘মেডিয়া গ’জ টু জেল’, ‘মেডিয়াজ ফেমিলি ৰিইউনিয়ন’, ‘ৱাই ডিড আই গেট মেৰিড টু ?’, ‘মেডিয়াজ উইটনেছ প্ৰটেকচন’ ইত্যাদি।
প্ৰতিবেদন অনুসৰি বিশ্ববিখ্যাত ষ্টেণ্ড আপ কমেডিয়ান জেৰী ছেইনফেল্ড আৰু ড্ৱেইন জনছন ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে । জেৰী ছেইনফেল্ডৰ মুঠ সম্পত্তি 950 কোটি ডলাৰ আৰু ড্ৱেইন জনছনৰ 800 কোটি ডলাৰ বুলি কোৱা হৈছে ।
চতুৰ্থ ৰেংকত ‘কিং অৱ ৰোমাঞ্চ’
প্ৰতিবেদনত চতুৰ্থ স্থান দখল কৰিছে বলীউডৰ ‘কিং অৱ ৰোমাঞ্চ’ শ্বাহৰুখ খানে, যিয়ে ৮০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে । শ্বাহৰুখ খানৰ প্ৰশংসনীয় কৰ্মৰাজিৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইউনেস্ক’ৰ পিৰামিড কন মাৰ্নি বঁটাৰেও অভিনেতাগৰাকীক সন্মানীত কৰা হৈছিল শ্বাহৰুখ খানক ৷ কেৱল এয়াই নহয়, নিউজৱিক আলোচনীখনেও কিং খানক বিশ্বৰ পঞ্চাশজন শক্তিশালী লোকৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে। ১৪টা ফিল্মফেয়াৰ বঁটা, পদ্মশ্ৰী, অৰ্ডাৰ ডেছ আৰ্টছ এট ডেছ লেট্ৰেছ আৰু লিজিয়ন অৱ অনাৰকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে। সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছে যে শ্বাহৰুখ খানৰ মুঠ সম্পত্তিৰ পৰিমাণ 730 মিলিয়ন ডলাৰ। পঞ্চম স্থানত আছে টম ক্ৰুজ, তেওঁৰ সম্পত্তিৰ পৰিমাণ 620 মিলিয়ন ডলাৰ।
বিশ্বৰ আটাইতকৈ ধনী অভিনেতাৰ তালিকা
ৰেংক | বিশ্বৰ আটাইতকৈ ধনী অভিনেতা (২০২৩) | মুঠ সম্পত্তি |
1. | টাইলাৰ পেৰী | 1 বিলিয়ন ডলাৰ |
2. | জেৰী চেইনফেল্ড | 950 মিলিয়ন ডলাৰ |
3. | ড্ৱেইন জনছন | 800 মিলিয়ন ডলাৰ |
4. | শ্বাহৰুখ খান | 730 মিলিয়ন ডলাৰ |
5. | টম ক্ৰুজ | 620 মিলিয়ন ডলাৰ |
6. | জৰ্জ ক্লুনী | 500 মিলিয়ন ডলাৰ |
7. | ৰবাৰ্ট ডি নিৰো | 500 মিলিয়ন ডলাৰ |
8. | আৰ্নল্ড শ্ব’ৱাৰ্জেনেগাৰ | 450 মিলিয়ন ডলাৰ |
9. | কেভিন হাৰ্ট | 450 মিলিয়ন ডলাৰ |
10. | এডাম চেণ্ডলাৰ | 440 মিলিয়ন ডলাৰ |
লগতে পঢ়ক: Vivek Agnihotri: দ্য কাশ্মীৰ ফাইলছে লাভ কৰিলে ৰাষ্ট্ৰীয় বঁটা, পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে ক’লে...