ETV Bharat / entertainment

অভিনয়ৰ উপৰিও জুনিয়ৰ এন.টি.আৰৰ জীৱনত আছে অন্য এক প্ৰেম

নিজৰ অভিনয়ৰ বাবে সকলোৰে মৰমৰ জুনিয়ৰ এন.টি.আৰ ৷ কিন্ত অভিনেতাজনৰ জীৱনত অভিনয়তকৈয়ো ওপৰত স্থান আছে অন্য এক বস্তুৰ, যিটো পালেই আটাইতকৈ সুখী হৈ পৰে অভিনেতাজন (The thing Junior NTR loves most) ৷

author img

By

Published : Apr 1, 2022, 5:00 PM IST

loves more than acting
জুনিয়ৰ এন.টি.আৰৰ জীৱনত আছে অন্য এক প্ৰেম

চিটাৰা ডেস্ক, 1 এপ্ৰিল : জুনিয়ৰ এন.টি.আৰৰ অনুৰাগীৰ অভাৱ নাই । ইতিমধ্যে Jantha Garage, Dhammu ৰ দৰে চলচ্চিত্ৰৰ দ্বাৰা হিন্দী দৰ্শকৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে এইজন অভিনেতা ৷ এতিয়া আৰ.আৰ.আৰৰ মুক্তিৰ পিছত তেওঁৰ জনপ্ৰিয়তাই আকাশ চুইছে ৷

আৰ.আৰ.আৰত জুনিয়ৰ এন.টি.আৰে ভীমৰ চৰিত্ৰত অভিনয় কৰিছে ৷ দৰ্শকে সাংঘাতিক ধৰণে পছন্দ কৰিছে তেওঁৰ চৰিত্ৰটো । ২৫ মাৰ্চত মুক্তি পোৱা ছবিখনৰ টিকট পাবলৈ এতিয়াও অনুৰাগীয়ে বহু বাট চাবলগীয়া হৈছে ৷ নিজৰ দক্ষপূৰ্ণ অভিনয়ৰ বাবে দৰ্শকৰ আপোন জুনিয়ৰ এন.টি.আৰৰ জীৱনত আছে এক বিশেষ প্ৰেম (The thing JR NTR loves most) ৷ আপুনি জানেনে আটাইতকৈ কি ভাল পাই কি জুনিয়ৰ এনটিআৰে ?

অলপতে হোৱা এটা সাক্ষাৎকাৰত অভিনেতা জনে প্ৰকাশ কৰে যে, তেওঁ ৰান্ধি খুব ভাল পাই (Things JR NTR loves more than acting) ৷ ৰন্ধাৰ প্ৰতি তেওঁৰ এক বিশেষ নিচা আছে যাৰ বাবে তেওঁ ৰন্ধাৰ যিকোনো সুযোগ এৰি নিদিয়ে ৷ তেওঁ লগতে প্ৰকাশ কৰে যে ৰন্ধন প্ৰক্ৰিয়াই তেওঁৰ মানসিক চাপ নাইকিয়া কৰে ৷ সেয়ে খাদ্য তৈয়াৰ কৰি সুখী অনুভৱ কৰে জুনিয়ৰ এন. টি. আৰে (All about JR NTR) ৷

সাক্ষাৎকাৰটোত জুনিয়ৰ এন.টি.আৰে আৰ.আৰ.আৰ ছবিখনৰ বিষয়ে বহুত কথা পাতিছিল ৷ তেওঁ কৈছিল যে তেওঁৰ বাবে ভীমৰ চৰিত্ৰত অভিনয় কৰাটো সহজ নাছিল ৷ যথেষ্ট কষ্টৰ ঘাম বোৱাই তেওঁ এইয়া কৰিব পাৰিছে । এছ.এছ. ৰাজামৌলীৰ সৈতে কাম কৰাৰ অভিজ্ঞতাও তেওঁ শ্বেয়াৰ কৰিছিল । প্ৰতিটো শ্বটৰ বাবে তেওঁ কিমান দৌৰিব লগা হৈছিল সেইয়া মনত পেলাই তেওঁৰ সৈতে কাম কৰা কথিন বুলি জানিবলৈ দিছিল ৷ একে সময়তে তেওঁ প্ৰকাশ কৰিছিল যে ছবিখন নিৰ্মাণ হোৱাৰ পিছত তেওঁলোকে চোৱাৰ অনুমতি পোৱা নাছিল, মুক্তিৰ কেইঘণ্টামান আগতেহে তেওঁ ছবিখন দেখিছিল ।

লগতে পঢ়ক: Lucky ali retirement from music: সংগীতৰ পৰা অৱসৰ গায়ক লাকী আলিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.