চিটাৰা ডেস্ক, 24 মে’: ক্ৰেক এণ্ড কিক খ্যাতি ৰবি তেজা তেলেগু ছবিৰ অন্যতম প্ৰতিভাৱান অভিনেতা (Ravi Tejas film Tiger Nageswara Rao)। আগন্তুক পেন ইণ্ডিয়া ছবি ‘টাইগাৰ নাগেশ্বৰ ৰাও’ৰ জৰিয়তে ৰূপালী পৰ্দাত জোকাৰণি তুলিবলৈ সাজু হৈছে অভিনেতাগৰাকী । আজি ছবিখনৰ ফাৰ্ষ্ট লুক মুকলি কৰা হৈছে । আইকনিক হেভলুক ব্ৰীজত ছবিখনৰ প্ৰথম লুক মুকলি কৰে নিৰ্মাতাসকলে।
ছবিখনৰ প্ৰযোজক অভিষেক আগৰৱালাৰ প্ৰযোজনাত নিৰ্মিত হৈছিল দ্য কাশ্মীৰ ফাইলছ আৰু কাৰ্তিকেয়া ২। এই একচন নাটকখনত গায়ত্ৰী ভৰদ্বাজ আৰু নুপুৰ সেননেও মুখ্য চৰিত্ৰত অভিনয় কৰিছে (Tiger Nageswara Rao First Look Launch) ।
'টাইগাৰ নাগেশ্বৰ ৰাও'ৰ প্ৰথম ৰূপ
আজি ছ’চিয়েল মিডিয়াত মুক্তি লাভ কৰিলে ছবিখনৰ পৰা ৰবি তেজাৰ ফাৰ্ষ্ট লুক (Tiger Nageswara Rao first look) ৷ এই ফাৰ্ষ্ট লুক পোষ্টত ৰবি তেজাক বাঘৰ দৰে গৰ্জন কৰা দেখা গৈছে । চকুত ভয় আৰু মুখত খং । নিৰ্মাতাসকলে ৰবি তেজাক ভাৰতৰ সৰ্ববৃহৎ চোৰ বুলি অভিহিত কৰিছে ।
বৰ্তমান অভিনেতাগৰাকীৰ এই ছবিখনৰ বাবে অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছে । কুখ্যাত চোৰ টাইগাৰ নাগেশ্বৰ ৰাওৰ জীৱনৰ আধাৰত নিৰ্মিত বামছিৰ পৰিচালনাত নিৰ্মিত কৰা হৈছে এই পিৰিয়ড ছবিখন ।
![The first look of Ravi Teja's film Tiger Nageswara Rao came out, the film will be released on October 20 in five languages including Hindi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18584224_16x9_fsh.jpg)
জন আব্ৰাহামে নিজৰ কণ্ঠ প্ৰদান কৰিছে 'টাইগাৰ নাগেশ্বৰ ৰাও'ৰ টিজাৰত
উল্লেখ্য যে, বলীউডৰ অভিনেতা জন আব্ৰাহামে এই ছবিখনৰ টিজাৰত নিজৰ কণ্ঠ প্ৰদান কৰিছে । শেহতীয়াকৈ ছবিখনৰ প্ৰযোজক অভিষেক আগৰৱালাই ভিডিঅ’ আৰ্টছৰ ইনষ্টা একাউণ্টৰ পৰা শ্বেয়াৰ কৰিছে । ভিডিঅ’টোত জনক ছবিখনৰ টিজাৰৰ ভইচ অভাৰ কৰা দেখা গৈছে । এই ভিডিঅ’টো শ্বেয়াৰ কৰি অভিষেকে কেপচনত লিখিছে, “বলীউডৰ হেণ্ডচাম হাংক জন আব্ৰাহামে টাইগাৰ নাগেশ্বৰ ৰাওক নিজৰ কণ্ঠেৰে হিন্দীত উপস্থাপন কৰিব । ২৪ মে’ত ফাৰ্ষ্ট লুক।"
ছবিখনৰ ষ্টাৰকাষ্ট
টাইগাৰ নাগেশ্বৰা ৰাওৰ উপৰিও প্ৰবীণ দাচাৰাম, ৰেণু দেশাই, মণ্ডভা সাই কুমাৰ আৰু ৰাজীৱ কুমাৰ আনেজাইও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । জিভি প্ৰকাশ কুমাৰে ছবিখনৰ সংগীত পৰিচালনা কৰাৰ বিপৰীতে আৰ মাধীয়ে আই এছ চিৰ চিনেমেট’গ্ৰাফী কৰিছে । প্ৰডাকচন ডিজাইনাৰ অবিনাশ কোল্লা আৰু সংলাপ লেখক শ্ৰীকান্ত ভিছা ।
পাঁচটা ভাষাত পাঁচজন ছুপাৰষ্টাৰে উপস্থাপন কৰিব ‘টাইগাৰ নাগেশ্বৰ ৰাও’ক
টাইগাৰ নাগেশ্বৰ ৰাও ২০ অক্টোবৰত মুক্তি পাব । এই ছবিখনত ৫ গৰাকী ছুপাৰষ্টাৰ, তেলেগুৰ পৰা ভেংকটেশ, কানাড়া ভাষাৰ শিৱ ৰাজকুমাৰ, হিন্দী ভাষাত জন আব্ৰাহাম, তামিল ভাষাত কাৰ্তি আৰু মালয়ালম ভাষাৰ দুল্কুৰ ছালমানে একত্ৰিত হৈ টাইগাৰ নাগেশ্বৰ ৰাওৰ চৰিত্ৰত ৰবি তেজাক উপস্থাপন কৰিছে।
লগতে পঢ়ক: Nitesh Pandey passes away : ‘অনুপমা’ খ্যাত অভিনেতা নীতিশ পাণ্ডেৰ দেহাৱসান