ETV Bharat / entertainment

Tejas Teaser Out: ‘তেজস’ৰ শক্তিশালী টিজাৰ মুকলি, বায়ুসেনাৰ পাইলটৰ একচন অৱতাৰত কংগনা ৰানাৱট

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 11:21 AM IST

কংগনা ৰানাৱটৰ ২০২৩ চনৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘তেজস’ৰ টিজাৰ মুকলি ৷ নিৰ্মাতাই আজি গান্ধী জয়ন্তী উপলক্ষে মুকলি কৰিছে টিজাৰ । টিজাৰত দেখা গৈছে কংগনাৰ একচন অৱতাৰ ।

Tejas Teaser Out now, Kangana Ranaut SOARS As Indian Air Force Pilot
তেজস’ৰ টিজাৰ মুকলি

চিটাৰা ডেস্ক, 2 অক্টোবৰ: নিজৰ মন্তব্যৰ বাবে প্ৰায়ে লাইমলাইটত থাকে অভিনেত্ৰী কংগনা ৰানাৱট ৷ যাৰ বাবে ছ’চিয়েল মিডিয়াত প্ৰায়ে সমালোচনাৰো সন্মুখীন হ’ব লগা হয় কংগনা ৷ কিন্তু এই কথা নুই কৰিব নোৱাৰি যে কংগনা ৰানাৱট বলীউডৰ এগৰাকী অন্যতম প্ৰতিভাৱান অভিনেত্ৰী । শেহতীয়াকৈ মুক্তি লাভ কৰিছে কংগনাৰ ভৌতিক কমেডী ছবি ‘চন্দ্ৰমুখী ২’ । ছবিখনত কংগনাৰ অভিনয়ক যথেষ্ট প্ৰশংসা কৰা হৈছে । এতিয়া কংগনা ৰানাৱটক প্ৰথমবাৰৰ বাবে দেখা যাব বায়ুসেনাৰ পাইলটৰ চৰিত্ৰত ৷ ছবিখনৰ নাম ‘তেজস’ । অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে কুইনৰ এই ছবিখনৰ বাবে । গান্ধী জয়ন্তী উপলক্ষে ২ অক্টোবৰত অৰ্থাৎ আজি কংগনাৰ ‘তেজস’ৰ এক শক্তিশালী টিজাৰ মুকলি কৰিছে নিৰ্মাতাই ।

'তেজস'ৰ টিজাৰ কেনেকুৱা ?

আৰ এছ ভি পিৰ দ্বাৰা প্ৰস্তুত কৰা তেজসৰ টিজাৰ যথেষ্ট আকৰ্ষণীয় । পাইলটৰ চৰিত্ৰত খাপ খাইছে কংগনা । টিজাৰৰ আৰম্ভণিতে কংগনা ৰানাৱটক দেখা গৈছে বায়ুসেনাৰ পাইলটৰ পোছাকত । ইয়াৰ পিচত পটভূমিত অভিনেত্ৰীগৰাকী মাত শুনা যায় ৷ অভিনেত্ৰীগৰাকীয়ে কয় - ‘‘প্ৰতিবাৰেই কথা-বতৰা হোৱাটো প্ৰয়োজনীয় নহয় । এতিয়া যুদ্ধক্ষেত্ৰত যুদ্ধ হ'ব লাগে, বহুত হ’ল মোৰ দেশত অত্যাচাৰ, এতিয়া আকাশৰ পৰা জুইৰ বৰষুণ হ’ব লাগে । ভাৰত কো ছেৰেঙগে তো নহি ছোৰেঙগে ।’’

উল্লেখ্য যে কংগনা আৰু বৰুণ মিত্ৰক এই ছবিখনত ৰোমান্স কৰা দেখা যাব । সৰ্বেশ মেৱাদাৰৰ ৰচনা আৰু পৰিচালিত ‘তেজস’ ছবিখনত কংগনা ৰানাৱটক মুখ্য চৰিত্ৰত দেখা যাব । ছবিখনৰ টিজাৰ চোৱাৰ পিচত এতিয়া ট্ৰেইলাৰৰ বাবে অপেক্ষা কৰি আছে অনুৰাগীয়ে । ৮ অক্টোবৰত মুক্তি পাব তেজসৰ ট্ৰেইলাৰ । আনহাতে ২৭ অক্টোবৰত ছবিগৃহত মুক্তি লাভ কৰিব এই ছবিখন ।

'তেজস'ৰ কাহিনী কি ?

‘তেজস’ ছবিখনত বায়ুসেনাৰ পাইলট তেজস গিলৰ অসাধাৰণ যাত্ৰাক দেখুওৱা হ’ব । ছবিখনত কংগনাই তেজস গিলৰ চৰিত্ৰত অভিনয় কৰিছে । এই ছবিখনৰ লক্ষ্য হৈছে প্ৰতিজন ভাৰতীয়ক অনুপ্ৰাণিত কৰা । বায়ুসেনাৰ পাইলটসকলে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ লগতে আমাৰ দেশখনক সুৰক্ষাৰ দিয়াৰ বাবে কেনেদৰে অক্লান্তভাৱে কাম কৰে সেয়া ছবিখনত দেখুওৱা হ’ব ।

কংগনা ৰানাৱটৰ ৱৰ্কফ্ৰন্ট

তেজসৰ পিছত কংগনাক অতি সোনকালে দেখা যাব ‘ইমাৰ্জেন্সি’ ছবিখনত । এই ছবিখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব কংগনাক । এই ছবিখন খোদ পৰিচালনা কৰিছে অভিনেত্ৰীগৰাকীয়ে। ‘ইমাৰ্জেন্সি’ত কংগনা ৰানাৱটৰ উপৰিও শ্ৰেয়স তালপাড়ে, অনুপম খেৰকে ধৰি বহু অভিনেতাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক: Fukrey 3 Vs The Vaccine War Vs Chandramukhi 2: বক্স অফিচত কিমান হৈছে ফুক্ৰে ৩, দ্য ভেকচিন ৱাৰ, চন্দ্ৰমুখী ২ৰ উপাৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.