চিটাৰা ডেস্ক, 28 জুলাই : অনুৰাগ কাশ্যপৰ ছবি দোবাৰাৰ বুধবাৰে মুকলি হয় ট্ৰেইলাৰ ৷ ছবিখনৰ মূল নায়িকা তাপসী পন্নুৱে ছবিখনৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰাৰ লগতে ছবিখনৰ ট্ৰেইলাৰটোও মুকলি কৰিছে (Dobaaraa trailer)। নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত ট্ৰেইলাৰটো শ্বেয়াৰ কৰি তাপসীয়ে লিখিছে, "সময়ক অলপ সময় দিয়ক, ই সকলো সলনি কৰি দিব, সকলো ৷ এই ধুমুহাই ইয়াৰ সৈতে অন্তৰাৰ বাবে এক জীৱন পৰিৱৰ্তনকাৰী অভিজ্ঞতা আনিছে" (Taapsee Pannu instagram) ৷
- " class="align-text-top noRightClick twitterSection" data="">
এই ছবিখন এখন টাইম ট্ৰেভেল থ্ৰিলাৰ ছবি ৷ অতীত আৰু বৰ্তমানৰ কাহিনীৰ মাজেৰে দৰ্শকে উপভোগ কৰিব পাৰিব এটা থ্ৰিলাৰ ৰাইড ৷ অনুৰাগ কাশ্যপৰ পৰিচালনাত নিৰ্মিত এই ছবিখন ৰচনা কৰিছে নেহিত ভৱেই আৰু প্ৰযোজনা কৰিছে একতা কাপুৰে । ছবিখনত ৰাহুল ভট্ট, শ্বাশত চেটাৰ্জী, বিধূষী মেহৰা, সুকান্ত গোয়েল, নাছাৰ, নিধি সিং আৰু মাধুৰীমা ৰায়ক গুৰুত্বপূৰ্ণ ভূমিকাত দেখা যাব (Dobaaraa movie cast)।
ট্ৰেইলাৰটোত দেখা গৈছে তাপসীয়ে স্বামী-কন্যাৰ সৈতে নতুন ঘৰলৈ স্থানান্তৰিত হয় । নতুন ঘৰলৈ যোৱাৰ পিছত সময়ে সময়ে আচহুঁৱা অনুভৱ কৰে তেওঁলোকে ৷ পিছত তেওঁলোকৰ পৰিয়ালে গম পায় যে তেওঁলোকৰ বিপৰীতে থকা ঘৰটোত শিশু এটাৰ ২৬ বছৰৰ আগতে বজ্ৰপাত পৰি মৃত্যু ঘটিছিল । তাৰ পিছত তাপসীয়ে নিজকে এই সৰু ল’ৰাটোৰ সৈতে মত বিনিময় কৰি থকা দেখা পায় ।
ট্ৰেইলাৰটোত দেখুওৱা হৈছে যে ধুমুহাৰ সময়ত তাপসীৰ চৰিত্ৰটোৱে কেনেকৈ তেওঁৰ অতীত সলনি কৰে, যিয়ে বৰ্তমান তেওঁৰ সময় সলনি কৰি পোলায় । ‘টাইম ট্ৰেভেল’ৰ আমোদজনক কাহিনীৰে আহি আছে দোবাৰা ।
ছবিখনৰ নাম অনুসৰি নিৰ্মাতাসকলে ছবিখনৰ দৈৰ্ঘ্য ২ ঘন্টা ১২ মিনিট আৰু ট্ৰেইলাৰৰ দৈৰ্ঘ্য ২ মিনিট ১২ ছেকেণ্ড হিচাপে ৰাখিছে । ‘দোবাৰা’ হ'ব কাল্ট মুভীজৰ অধীনত প্ৰথম প্ৰকল্প, বালাজী টেলিফিল্মছ আৰু সুনীৰ খেতৰপাল আৰু গৌৰৱ বসুৰ অধীনত এটা নতুন শাখা, যাক একতা কাপুৰে যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে "নতুন যুগ আৰু আকৰ্ষণীয়" মনোৰঞ্জনকাৰী চিনেমা সৃষ্টি কৰাৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা কৰিছে ।
২০১৮ চনত মুক্তি পোৱা ‘দোবাৰা’ হৈছে স্পেনিছ থ্ৰিলাৰ ‘মিৰাজ’ৰ হিন্দী অনুবাদ । মনমৰ্জিয়ানৰ পিছত, অনুৰাগ কাশ্যপ আৰু তাপসী এই প্ৰকল্পটোৰ বাবে পুনৰ একত্ৰিত হৈছে (Taapsee Pannu upcoming film) । ‘দোবাৰা’ য়ে ১২ আগষ্টত মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত (আইএফএফএম) আত্মপ্ৰকাশ কৰিব । চলচ্চিত্ৰখন ১৯ আগষ্টত সমগ্ৰ ভাৰততে ছবিগৃহত মুক্তি পাব (Dobaaraa release date) ।
লগতে পঢ়ক : IFFM 2022: আই এফ এফ এম ২০২২ত ত্ৰিৰংগা উৰুৱাব অভিষেক বচ্চন আৰু কপিল দেৱে