ETV Bharat / entertainment

Swara Bhaskar Post: যদি তাইৰ জন্ম গাজাত হ’লহেঁতেন ! কন্যাৰ সৈতে ফটো শ্বেয়াৰ কৰি স্বৰা ভাস্কৰৰ আৱেগিক পোষ্ট - বলীউড অভিনেত্ৰী স্বৰা ভাস্কৰ

ছেপ্টেম্বৰ মাহত এগৰাকী কন্যা সন্তান জন্ম দিয়া অভিনেত্ৰী স্বৰা ভাস্কৰে এতিয়া নিজৰ নতুন যাত্ৰা উপভোগ কৰি আছে ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ছচিয়েল মিডিয়াত কন্যাৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি এটা দীঘলীয়া পোষ্ট লিখিছে ৷

Swara Bhasker drops picture with daughter, wonders how she would safeguard her child if she were born in Gaza
'তাই যদি গাজাত জন্ম হ’ল হয়', কন্যাৰ সৈতে ফটো শ্বেয়াৰ কৰি স্বৰা ভাস্কৰৰ আৱেগিক পোষ্ট
author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 5:59 PM IST

চিটাৰা ডেস্ক, 21 অক্টোবৰ: শেহতীয়াকৈ বলীউড অভিনেত্ৰী স্বৰা ভাস্কৰে ছেপ্টেম্বৰ মাহত এটি কন্যা সন্তান জন্ম দি এতিয়া মাতৃত্বৰ জগতত ভৰি দিছে ৷ আজিকালি স্বৰাই নিজৰ নৱজাত শিশুটিৰ সৈতে বিশেষ সময় পাৰ কৰিছে ৷ ইয়াৰ লগতে অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াতো অতি সক্ৰিয় আৰু প্ৰতিদিনে নিজৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ সৈতে জড়িত কথাবোৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি থাকে ৷

এতিয়া স্বৰা ভাস্কৰে পুনৰবাৰ কন্যাৰ সৈতে এখন ছবি শ্বেয়াৰ কৰি এটা দীঘলীয়া আৰু আৱেগিক পোষ্ট সকলোৰে সৈতে শ্বেয়াৰ কৰে ৷ ইয়াৰ লগতে তেওঁ লিখিছে যে, যদি তেওঁৰ কন্যাৰ জন্ম গাজাত হ’লহেঁতেন তেন্তে কি হ’লহেঁতেন ৷ চাওঁ আহক অভিনেত্ৰী স্বৰা ভাস্কৰৰ পোষ্ট ৷

স্বৰা ভাস্কৰৰ আৱেগিক পোষ্ট

স্বৰা ভাস্কৰে আজি অৰ্থাৎ ২০ অক্টোবৰত তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ইনষ্টাগ্ৰামত এখন ছবি শ্বেয়াৰ কৰিছে ৷ এই ছবিখনত দেখা গৈছে যে অভিনেত্ৰীগৰাকীয়ে নিজৰ কন্যা ‘ৰাবিয়া ৰমা’ক কোলাত ধৰি তেওঁৰ ফালে চাই থকা দেখা গৈছে ৷ এই ফটোখন শ্বেয়াৰ কৰাৰ সময়ত অভিনেত্ৰীগৰাকীয়ে এটি টোকাও লিখে ৷

ইয়াত তেওঁ লিখিছে, ‘যিকোনো নতুন মাতৃয়ে গম পাব যে তেওঁ নিজৰ নৱজাত কেঁচুৱাটোলৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি শান্তি আৰু সুখৰ অনুভৱেৰে চাই থাকিব পাৰে ৷ মইও বেলেগ নহয় আৰু মই নিশ্চিত যে বিশ্বৰ বহু মাতৃৰ দৰেই আমি আমাৰ কেঁচুৱাটোলৈ চাই অনুভৱ কৰা আৱেগক এতিয়া অহৰহ ভয়ংকৰ চিন্তাবোৰে ছাঁ পেলাইছে যিবোৰক আওকাণ কৰাটো কঠিন ৷

ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘মই মোৰ ছোৱালীজনীয়ে শান্তিৰে শুই থকা মুখখনি চাই থাকোঁ আৰু ভাবো যে যদি তাইৰ জন্ম গাজাত হ’লহেঁতেন তেন্তে মই তাইক কেনেকৈ ৰক্ষা কৰিলোহেতেন ৷ মই প্ৰাৰ্থনা কৰিছো যে তাই যাতে কেতিয়াও এনে পৰিস্থিতিৰ সন্মূখীন হ’বলগীয়া নহয় তাৰ বাবে আৰু ভাবিছো তাই কি আশীৰ্বাদৰ সৈতে জন্ম হৈছিল ৷ ইয়াৰ সমান্তৰালকৈ গাজাৰ সন্তানসকল কি অভিশাপৰ সৈতে জন্ম লৈছে, যিসকলক প্ৰতিদিনে বন্দীত্বৰ আকাশৰ তলত হত্যা কৰা হৈছে ?

এই কথা কৈ অভিনেত্ৰীগৰাকীয়ে অৱশেষত লিখিছে- ‘এনে এজন ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যিয়ে শুনিব, গাজাৰ শিশুসকলৰ দুখ-কষ্ট, দুখ-মৃত্যুৰ পৰা ৰক্ষা কৰক, কাৰণ এই পৃথিৱীয়ে তেওঁলোকক সুৰক্ষা নিদিয়ে ৷

লগতে পঢ়ক: Kajol Durga Puja Look: দুৰ্গা পূজাত কাজলৰ লুক দেখি প্ৰশংসাত পঞ্চমুখ অনুৰাগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.