ETV Bharat / entertainment

মৃত্যুৰ ভাবুকি লাভ কৰিছে বলীউডৰ সাহসী কণ্ঠ স্বৰা ভাস্কৰে - স্বৰা ভাস্কৰৰ বাতৰি

এজন ব্যক্তিৰ বিৰুদ্ধে লিখিত আকাৰত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি এতিয়া মৃত্যুৰ ভাবুকি লাভ কৰিছে অভিনেত্ৰী স্বৰা ভাস্কৰে (Swara bhaskar latest news) ৷ এই সন্দৰ্ভত স্বৰাই আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে ৷

swara bhaskar
মৃত্যুৰ ভাবুকি লাভ কৰিছে বলীউডৰ সাহসী কণ্ঠ স্বৰা ভাস্কৰে
author img

By

Published : Jun 30, 2022, 1:31 PM IST

চিটাৰা ডেস্ক, 30 জুন : বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰে মৃত্যুৰ ভাবুকি লাভ কৰিছে । উল্লেখযোগ্য যে অভিনেত্ৰীগৰাকীক মুম্বাইৰ ভাৰ্ছোভাত থকা তেওঁৰ বাসগৃহলৈ মৃত্যুৰ ভাবুকিপূৰ্ণ পত্ৰ প্ৰেৰণ কৰা হৈছে । অভিনেত্ৰীগৰাকীয়ে পলম নকৰাকৈ ততাতৈয়াকৈ মুম্বাই আৰক্ষীৰ ওচৰত বিষয়টোৰ সন্দৰ্ভত অৱগত কৰে । অভিনেত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

স্বৰালৈ ভাবুকিপূৰ্ণ পত্ৰখন কোনে প্ৰেৰণ কৰিছিল সেই সম্পৰ্কত এই মুহূৰ্তলৈকে কোনো তথ্য লাভ কৰা হোৱা নাই । মুম্বাই আৰক্ষীয়ে এই সন্দৰ্ভত এজন ব্যক্তিৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে ।

অভিনেত্ৰীগৰাকীয়ে প্ৰাপ্ত কৰা ভাবুকিপূৰ্ণ পত্ৰখন হিন্দী ভাষাত লিখা হৈছে (Swara Bhaskar news) । পত্ৰখনত অভিনেত্ৰীগৰাকীক বীৰ সাভাৰকাৰক অপমান কৰাৰ বিৰুদ্ধে সতৰ্ক কৰি দিয়া হৈছে ।

ভাবুকিপূৰ্ণ পত্ৰখনত কি লিখা আছে

অভিনেত্ৰীগৰাকীয়ে লাভ কৰা ভাবুকিপূৰ্ণ পত্ৰখনত লিখা হৈছে যে দেশৰ সাহসী যুৱক বীৰ সাভাৰকাৰক অপমান কৰাটো একেবাৰে সহ্য কৰা নহ'ব । এই ভাবুকিপূৰ্ণ পত্ৰখনত অভিনেত্ৰীগৰাকীৰ বাবে অশ্লীল ভাষা ব্যৱহাৰ কৰা হৈছে । পত্ৰখনৰ শেষত ইয়াত 'দেশৰ যুৱক' বুলি লিখি স্বাক্ষৰ কৰা হৈছে ।

স্বৰা ভাস্কৰে দেশৰ ৰাজনৈতিক আৰু সামাজিক বিষয়ত মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰি থাকে (Swara Bhaskar twitter) । কংগনা ৰাণাৱটৰ দৰে তেওঁৱো তেওঁৰ সাহসী আৰু বিন্দাচ ষ্টাইলৰ বাবে জনাজাত ।

অভিনেত্ৰীগৰাকীয়ে সাভাৰকাৰৰ বিষয়ে কি লিখিছিল?

  • Savarkar APOLOGISED To the British govt. pleaded to be let out of jail! That's not 'Veer' for sure... https://t.co/xgep5nWqJt

    — Swara Bhasker (@ReallySwara) October 16, 2017 " class="align-text-top noRightClick twitterSection" data=" ">

এইটো 2017 বৰ্ষৰ কথা, যেতিয়া অভিনেত্ৰীগৰাকীয়ে তেওঁৰ টুইটাৰত বীৰ সাভাৰকাৰৰ বিষয়ে মন্তব্য কৰি এটা পোষ্ট দিছিল, যাৰ পিছত মানুহৰ মাজত বিতৰ্ক আৰম্ভ হৈছিল (Swara Bhaskar on Veer Savarkar) । স্বৰাই টুইটত লিখিছিল, "সাভাৰকাৰে কাৰাগাৰৰ পৰা ওলাই আহিবৰ বাবে ব্ৰিটিছ চৰকাৰৰ ওচৰত ক্ষমা বিচাৰিছিল । সেয়েহে,তেওঁ 'নায়ক' হ'ব নোৱাৰে" ৷

লগতে পঢ়ক: ইস্ক-বিস্কত শ্বাহিদৰ সৈতে আলিছা সাহায় চৰিত্ৰটোৰে জনাজাত হোৱা অভিনেত্ৰী গৰাকী আক্ৰান্ত এক বিৰল ৰোগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.