চিটাৰা ডেস্ক, 4 অক্টোবৰ: বলীউডৰ কিং শ্বাহৰুখ খানৰ সৈতে ‘স্বদেশ’ ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰা গায়ত্ৰী যোশীৰ সন্দৰ্ভত শেহতীয়াকৈ এটা ডাঙৰ খবৰ আহিছে । ইটালীত দুৰ্ঘটনাত পতিত হৈছে গায়ত্ৰী । দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁৰ লগত আছিল স্বামী বিকাশ অবেৰয় । ইফালে গায়ত্ৰীৰ দুৰ্ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । এই দুৰ্ঘটনাত গায়ত্ৰী আৰু বিকাশ ঠিকেই আছে যদিও আনখন বাহনত থকা ছুইজাৰলেণ্ডৰ দম্পতীৰ মৃত্যু হৈছে ।
ক’ত সংঘটিত হৈছিল এই দুৰ্ঘটনা ?
উল্লেখ্য যে, গায়ত্ৰী স্বামীৰ সৈতে ইটালীলৈ ছুটীত গৈছিল । সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইটালীৰ চাৰ্ডিনিয়াৰৰ এটা অঞ্চলত সংঘটিত হৈছিল এই দুৰ্ঘটনা । য’ত গায়ত্ৰী স্বামীৰ সৈতে লেমবৰ্গিনী বাহনত আছিল । অভিনেত্ৰীগৰাকীৰ বাহনখন এখন ফেৰাৰীৰ সৈতে সংঘৰ্ষ হয় ।
কেনেকৈ হৈছিল দুৰ্ঘটনা ?
দৰাচলতে দুয়োখন বাহনে এখন মিনি ট্ৰাকক অভাৰটেক কৰিবলৈ চেষ্টা কৰাৰ সময়তেই এই দুৰ্ঘটনা সংঘটিত হয় । যাৰ ফলত লেমবৰ্গিনী আৰু ফেৰাৰীৰ মাজত সংঘৰ্ষ হয় । পথত মিনি ট্ৰাকখন বাগৰি পৰে আৰু ফেৰাৰীখনত জুই লাগি যায় ।
কেনে আছে গায়ত্ৰী ?
খবৰ অনুসৰি গায়ত্ৰী একেবাৰে সুস্থ হৈ আছে । গায়ত্ৰীয়ে সংবাদ মাধম্যত জনাই যে, ‘‘বিকাশ আৰু মই ইটালীত আছো । ইয়াত আমাৰ বাহন দুৰ্ঘটনাত পতিত হৈছে । ঈশ্বৰৰ কৃপাত আমি দুয়ো একেবাৰে ভালেই আছো ।’’ অৱশ্যে গায়ত্ৰী আৰু বিকাশ ঠিকে আছে যদিও আনখন বাহনত থকা ছুইজাৰলেণ্ডৰ দম্পতীৰ মৃত্যু হৈছে এই দুৰ্ঘটনাত ।
ভাইৰেল হৈ পৰিছে দুৰ্ঘটনাৰ ভিডিঅ’
সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। য’ত কোনোবাই কেমেৰাত বন্দী কৰিছে দুৰ্ঘটনাটোৰ সমগ্ৰ দৃশ্য । ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে প্ৰথমে বহুকেইখন বাহনে মিনি ট্ৰাকখনক অভাৰটেক কৰে । তাৰ পিচতে এখন বাহন আৰু এখন ট্ৰাকৰ সংঘৰ্ষ হয় ।
-
Two deaths on a Ferrari in Sardina, Italy pic.twitter.com/skT3CaXg0T
— Globe Clips (@globeclip) October 3, 2023 " class="align-text-top noRightClick twitterSection" data="
">Two deaths on a Ferrari in Sardina, Italy pic.twitter.com/skT3CaXg0T
— Globe Clips (@globeclip) October 3, 2023Two deaths on a Ferrari in Sardina, Italy pic.twitter.com/skT3CaXg0T
— Globe Clips (@globeclip) October 3, 2023
লগতে পঢ়ক: Lahore 1947: ছানী দেওলৰ সৈতে হাত মিলালে আমিৰ খানে, ‘গদৰ ২’ৰ দৰে বক্স অফিচত হিট হ’বনে এই যুটি