চিটাৰা ডেস্ক, 2 মাৰ্চ: হৃদৰোগত আক্ৰান্ত হৈছিল অভিনেত্ৰী সুস্মিতা সেন (Sushmita Sen suffered heart attack) ৷ এই কথা সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰিছে খোদ অভিনেত্ৰীগৰাকীয়ে ৷ ইয়াৰ বিষয়ে সবিশেষ শ্বেয়াৰ কৰিবলৈ অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰাম যোগে এটা পোষ্ট কৰিছিল । পোষ্টটোত হৃদৰোগত আক্ৰান্ত হোৱাৰ কথা উল্লেখ কৰিছে অভিনেতাগৰাকীয়ে (Sushmita Sen sufferheart attack) ৷ ইয়াৰ পিচতে অনুৰাগী আৰু অনুগামীসকলে তেওঁৰ সুস্বাস্থ্য কামনা কৰি কমেন্ট কৰা দেখা গৈছে ।
অভিনেত্ৰীগৰাকীয়ে লিখিছে, "কেইদিনমান পূৰ্বে মোৰ এটা হাৰ্ট এটেক হৈছিল ৷ যাৰবাবে এঞ্জিওপ্লাষ্টি কৰা হৈছে ৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল মোৰ কাৰ্ডিঅ’লজিষ্টে পুনৰ নিশ্চিত কৰিলে "I do have a Big heart" । অভিনেত্ৰীগৰাকীয়ে লগতে এই সময়চোৱাত তেওঁৰ লগত থকা তথা প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱা সকলোকে কৃতজ্ঞতা জনায় ৷
তেওঁ আৰু কয় যে, "এই পোষ্টটো কেৱল মই মোৰ শুভাকাংক্ষী আৰু আপোনজনৰ বাবে কৰিছো ৷ ভাল খবৰটো হ’ল যে সকলো ঠিকেই আছে আৰু মই আকৌ জীৱনৰ বাবে সাজু হৈছো ! মই মোৰ অনুৰাগীক বহুত ভাল পাওঁ ৷ #godisgreat #duggadugga।"
সুস্মিতাৰ এই পোষ্টটোৰ পাচতে তেওঁৰ অনুৰাগীয়ে তেওঁৰ সুস্বাস্থ্য কামনা কৰে । এজন অনুৰাগীয়ে কয়, "সোনকালে আৰোগ্য হওক ৷ আপোনাৰ আশু আৰোগ্য কামনা কৰিছো ।" আন এজনে লিখিছে," নিজৰ যতন লওক ! ভাল লাগিল শুনি আপুনি এতিয়া ভালেই আছে আলহামদুলিল্লাহ ! আপোনাক সদায় বহুত মৰম ।"
অভিনেত্ৰী টাবু, পুনম ধিলন, আৰু ছফি চৌদ্ৰীকে ধৰি বলিউডৰ বহুকেইজনে সুস্মিতাৰ এই পোষ্টত কমেন্ট কৰি তেওঁ সুস্বাস্থ্য কামনা কৰে ৷ উল্লেখ্য যে, সুস্মিতা সেনক অতি সোনকালে সুস্মিতাক দেখা পোৱা যাব ডিজনী+ হটষ্টাৰ শৃংখলা "আৰ্য"ৰ তৃতীয় চিজনত ৷ অভিনেত্ৰীগৰাকীৰ 2014 চনত এডিছনৰ ৰোগ নামৰ এক অটোইমিউন অৱস্থা ধৰা পৰিছিল । 2020 চনত অনুপমা চোপ্ৰাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁৰ অসুস্থতাৰ কথা উল্লেখ কৰিছিল ৷
লগতে পঢ়ক: Pintu Nanda passed away: জনপ্ৰিয় অলিউড অভিনেতা পিন্টু নন্দৰ দেহাৱসান