ETV Bharat / entertainment

আৰএন কুপাৰ হাস্পতালৰ কৰ্মচাৰীৰ দাবী "সুশান্ত সিঙক হত্যা কৰা হৈছিল; হাস্পতাল কৰ্তৃপক্ষই সত্য লুকুৱাই ৰাখিছে" - Sushant Singh rajput death reason

"তেওঁৰ শৰীৰটো বিকৃত অৱস্থাত আছিল । তেওঁ সেই ভঙা হাত আৰু ভৰিৰে নিজকে ফাঁচী লগোৱাৰ সম্ভৱ নহয়, এয়া অসম্ভৱ । ইয়াৰ উপৰিও তেওঁৰ ডিঙিৰ চিহ্নবোৰো সাধাৰণতে এজন ব্যক্তিয়ে নিজকে ওলমাই দিলে যেনেকুৱা হয় তাতকৈ বেলেগ আছিল", আৰএন কুপাৰ চিকিৎসালয়ৰ কৰ্মচাৰীজনে দাবী কৰে (Sushant Singh death) ।

Sushant Singh
সুশান্ত সিঙক হত্যা কৰা হৈছিল
author img

By

Published : Dec 26, 2022, 5:27 PM IST

চিটাৰা ডেস্ক, 26 ডিচেম্বৰ : সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ডেৰ-দুবছৰৰ পাছত এক আশ্চৰ্যজনক তথ্য প্ৰকাশ হৈছে । প্ৰয়াত অভিনেতাজনৰ মৰণোত্তৰ পৰীক্ষাৰ সৈতে জড়িত এজন কৰ্মচাৰীয়ে দাবী কৰিছে যে তেওঁ আত্মহত্যা কৰা নাছিল, তেওঁক হত্যা কৰা হৈছিল । লোকজন ৰূপকুমাৰ শ্বাহ বুলি জানিব পৰা গৈছে আৰু সুশান্তৰ মৰণোত্তৰ পৰীক্ষাৰ সময়ত তেওঁ চিকিৎসালয়খনৰ মৰণোত্তৰ পৰীক্ষা কক্ষত উপস্থিত আছিল আৰু এই প্ৰক্ৰিয়াত জড়িত আছিল বুলি দাবী কৰা হৈছে ।

কৰ্মচাৰীজনে দাবী কৰিছে যে অভিনেতাজনে নিজকে হত্যা কৰা নাছিল, বৰঞ্চ ডিঙি চেপি হত্যা কৰা হৈছিল । সুশান্তৰ মৰণোত্তৰ পৰীক্ষাত কৰা চিকিৎসালয়খনৰ ষ্টাফ ৱৰ্কাৰ বুলি দাবী কৰা ৰূপ কুমাৰ শ্বাহে এই গোচৰটো হত্যাকাণ্ড বুলি স্পষ্ট প্ৰমাণ পোৱাৰ দাবী আগবঢ়াইছে ৷ আনহাতে চিকিৎসালয় কৰ্তৃপক্ষই ইয়াক লুকুৱাবলৈ চেষ্টা কৰিছে বুলি জানিবলৈ দিছে তেওঁ ৷

শ্বাহে দাবী কৰে যে ৰাজপুতৰ ডিঙিত থকা চিনবোৰে তেওঁক ডিঙি চেপি হত্যা কৰাৰ ইংগিত দিয়ে । "তেওঁক কোনোবাই ডিঙি চেপি হত্যা কৰিছিল আৰু তেওঁৰ ডিঙিত থকা চিনৰ ফটোৱে মোৰ বক্তব্য প্ৰমাণ কৰিব । আৰক্ষীৰ হাতত এই ফটো আছে । আমি চিকিৎসালয়ত সকলো মৃতদেহ চম্ভালিছো আৰু আমি তেওঁৰো দেখিছিলো ৷ ভঙা হাত-ভৰিৰে তেওঁ নিজে ফাঁচী লোৱা নাই", এইদৰে কয় তেওঁ ।

শ্বাহে দাবী কৰি কয় যে সুশান্তৰ শৰীৰৰ অৱস্থা বিকৃত আছিল ৷ তেওঁ মৃতদেহটো ওচৰৰ পৰা দেখিছে কাৰণ তেওঁ ৰাজপুতৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে উপস্থিত থকা দলটোৰ সদস্য আছিল ।

"মই সকলোকে (মৰণোত্তৰ পৰীক্ষা) প্ৰক্ৰিয়াৰ ভিডিঅ' শ্বুট কৰিবলৈ আহ্বান জনাইছিলোঁ, কিন্তু মোৰ কথা কোনেও নুশুনিলে (Sushant Singh rajput death) । মোক দমন কৰা হৈছিল আৰু মই বিশেষ একো কৰিব পৰা নাছিলো । নৱেম্বৰ মাহত অৱসৰৰ সময় আছিল আৰু সেয়েহে ষ্টেণ্ড ল'বলৈ সাহস গোটাব পৰা নাছিলো । কিন্তু মোৰ বিবেকে মোক আৰু এই কাম কৰিবলৈ দিয়া নাই । এই বিষয়ে জনা আন মানুহৰ বিষয়ে নাজানো । কিন্তু মই লুকুৱাই ৰখা সত্যটোৱে মোক অহৰহ খেদি ফুৰিছে । মই মাত্ৰ মৃতকৰ বাবে ন্যায় বিচাৰো", শ্বাহে কয় ৷ তেওঁৰ বক্তব্যই তেওঁৰ জীৱনৰ প্ৰতি কঢ়িয়াই আনিব পৰা বিপদৰ বাবে 'উচ্চ কৰ্তৃপক্ষ'ৰ পৰা সুৰক্ষাৰ বাবে অনুৰোধ জনায় শ্বাহে ।

"সত্যবাদী মানুহ সত্যৰ বাবে জীয়াই থাকে । সত্যবাদী মানুহে সত্য কথা কয় । মই মোৰ জীৱনৰ বাবে চিন্তিত কিন্তু ক্ষমতাত থকা ৰাইজে মোক সমৰ্থন কৰিব বুলি মই নিশ্চিত । মই মুখ্যমন্ত্ৰীক ক'ব বিচাৰো যে মই যি কৈছো সেয়াই সত্য আৰু মোক কিছু সুৰক্ষা প্ৰদান কৰিবলৈ আহ্বান জনাইছো", শ্বাহে কয় ।

2020 চনৰ 14 জুনত বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুত তেওঁৰ বান্দ্ৰা ফ্লেটত মৃত অৱস্থাত উদ্ধাৰ হৈছিল । ৰাজপুতৰ মৃত্যুৰ খবৰ বিয়পি পৰাত তেওঁৰ অনুৰাগীসকল স্তম্ভিত হৈ পৰে । প্ৰাথমিক তদন্তত মুম্বাই আৰক্ষীয়ে ইয়াক আত্মহত্যাৰ গোচৰ বুলি অভিহিত কৰে (Sushant Singh rajput suicide) ৷ কিন্তু সুশান্তৰ পিতৃ কে কে সিঙে পুত্ৰক হত্যা কৰাৰ অভিযোগত পাটনাত এফআইআৰ দাখিল কৰি প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীক দোষাৰোপ কৰে । সুশান্তৰ অনুৰাগীসকলেও একেধৰণৰ দাবী উত্থাপন কৰে ৷ এই গোচৰটো মুম্বাই আৰক্ষীৰ জৰিয়তে ইডি, এনচিবি আৰু চিবিআইক গতাই দিয়া হৈছ । এতিয়া এই গোচৰৰ ফাইল চি বি আইৰ ওচৰত আৰু এতিয়ালৈকে সংস্থাটোৱে ইয়াৰ বিষয়ে কোনো তথ্য দিয়া নাই (Sushant Singh rajput death reason) ।

লগতে পঢ়ক : Tunisha Sharma death case: আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ অভিনেতা শ্বীজান খান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.