ETV Bharat / entertainment

Sunny leone latest news:টেটৰ এডমিট কাৰ্ডত আহিল ছানী লিয়নীৰ ফটো

author img

By

Published : Nov 9, 2022, 5:08 PM IST

শিক্ষক যোগ্যতা পৰীক্ষাৰ (TET) এডমিট কাৰ্ডত এগৰাকী মহিলা প্ৰাৰ্থীৰ প্ৰৱেশ পত্ৰত আহিল ছানী লিয়নীৰ এখন অশ্লীল ফটো (Sunny leone latest news) ৷ এই ঘটনাৰ পিছতেই কৰ্ণাটকৰ শাসকীয় দল আৰু বিৰোধী দল মুখামুখি হৈছে ।

Sunny leone
টেটৰ এডমিট কাৰ্ডত আহিল ছানী লিয়নীৰ ফটো

চিটাৰা ডেস্ক, 9 নৱেম্বৰ : চৰ্চালৈ আহিছে বলীউডৰ ‘বেবী ডল’ৰ সৈতে জড়িত এটা গুৰুতৰ বিষয় । টেট পৰীক্ষাৰ এডমিট কাৰ্ডত ফটো আহিল ছানী লিয়নীৰ (Sunny leone news) ৷ দৰাচলতে কৰ্ণাটকৰ এজন ছাত্ৰই চৰকাৰী শিক্ষক নিযুক্তিৰ পৰীক্ষাৰ বাবে আবেদন কৰিছিল । আবেদনকাৰী প্ৰাৰ্থী গৰাকীৰ মতে, শিক্ষক যোগ্যতা পৰীক্ষা (TET)ৰ আবেদনৰ সময়ত তেওঁ সকলো সবিশেষ সঠিকভাৱে পূৰণ কৰিছিল । কিন্তু যেতিয়া প্ৰাৰ্থী গৰাকীৰ হাতত টেটৰ এডমিট কাৰ্ড আহি পৰে, তেতিয়া তেওঁৰ সকলো আশাত চেঁচা পানী পৰে । প্ৰাৰ্থী গৰাকীৰ এডমিট কাৰ্টত ছানী লিয়নীৰ এখন অশ্লীল ফটো আহে । এই এডমিট কাৰ্ডখন এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এই বিবাদৰ বাবেই কৰ্ণাটকত শাসকীয় দল আৰু বিৰোধীৰ মুখামুখি হৈ পৰিছে । কৰ্ণাটকৰ শিক্ষা বিভাগে তদন্তৰ নিৰ্দেশ দিছে এই ঘটনাৰ ।

শাসকীয় দল আৰু বিৰোধীৰ মাজত আৰম্ভ হ’ল টুইটাৰ যুদ্ধ

বিষয়টো কৰ্ণাটক শিক্ষক নিযুক্তি পৰীক্ষা 2022 ৰ । এই বিষয়ত কংগ্ৰেছৰ কৰ্ণাটকৰ ছ’চিয়েল মিডিয়াৰ অধ্যক্ষ বি আৰ নাইডুৰ টুইটে এক বৃহৎ হুলস্থুলৰ সৃষ্টি কৰিছে । এই গাফিলতিৰ বাবেই কৰ্ণাটকৰ শাসকীয় দল আৰু বিৰোধীৰ মাজত টুইটাৰ যুদ্ধ আৰম্ভ হৈছে। বিষয়টো গুৰুতৰ হৈ পৰা দেখি কৰ্ণাটকৰ শিক্ষা বিভাগে বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে ।

কৰ্ণাটক চৰকাৰক ঘেৰি ধৰিছে বিৰোধীয়ে

কৰ্ণাটক কংগ্ৰেছৰ ছ’চিয়েল মিডিয়াৰ অধ্যক্ষ বি আৰ নাইডুৱে এইগৰাকী প্ৰাৰ্থীৰ এডমিট কাৰ্ডৰ ফটো টুইটাৰত শ্বেয়াৰ কৰি লিখিছে, ‘আবেদনকাৰীৰ ফটোৰ ঠাইত শিক্ষকজনৰ নিযুক্তি এডমিট কাৰ্ডত তল খাপৰ ষ্টাৰৰ ফটো আছে । এতিয়া এই চৰকাৰৰ পৰা কি আশা কৰিব পাৰি" ।

কেৱল এয়াই নহয়, কৰ্ণাটকৰ শিক্ষামন্ত্ৰী বি চি নাগেশকো তেওঁৰ টুইটোত টেগ কৰিছে । লগতে লিখা আছে যে, "যদি আপুনি ব্লু চ্ছিপ ষ্টাৰৰ ফটো চাব বিচাৰে তেন্তে তেওঁৰ ফটো ওলোমাই থওক । কিন্তু শিক্ষা বিভাগক ব্যৱহাৰ নকৰিব" ।

  • ಶಿಕ್ಷಕರ ನೇಮಕಾತಿಯ ಪ್ರವೇಶಾತಿ ಪತ್ರದಲ್ಲಿ ಅಭ್ಯರ್ಥಿಯ ಬದಲು ನೀಲಿಚಿತ್ರ ತಾರೆಯ ಫೋಟೋ ಪ್ರಕಟಿಸಲಾಗಿದೆ.

    ಸದನದಲ್ಲಿ ನೀಲಿಚಿತ್ರ ವೀಕ್ಷಿಸುವ ಪಕ್ಷದವರಿಂದ ಇನ್ನೇನು ತಾನೇ ನಿರೀಕ್ಷಿಸಲು ಸಾಧ್ಯ?@BCNagesh_bjp ಅವರೇ, ನೀಲಿಚಿತ್ರ ತಾರೆ ನೋಡುವ ಹಂಬಲವಿದ್ದರೆ ಒಂದು ಫೋಟೋ ನೇತಾಕಿಕೊಳ್ಳಿ, ಅದಕ್ಕೆ ಶಿಕ್ಷಣ ಇಲಾಖೆಯನ್ನು ಉಪಯೋಗಿಸಬೇಡಿ! pic.twitter.com/Czb7W0d1xJ

    — B.R.Naidu ಬಿ.ಆರ್.ನಾಯ್ಡು Vasanthnagar (@brnaidu1978) November 8, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

শিক্ষামন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰে এক বিবৃতি

বি আৰ নাইডুৰ এই টুইটৰ পিছতে শিক্ষা বিভাগত হুলস্থুলৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত কৰ্ণাটকৰ শিক্ষামন্ত্ৰী বি চি নাগেশৰ কাৰ্যালয়েও এই টুইটৰ প্ৰতি সঁহাৰি জনাই এক বিবৃতি প্ৰকাশ কৰিছে । কাৰ্যালয়ে জাৰি কৰা বিবৃতিত কোৱা হৈছে যে, প্ৰাৰ্থীয়ে আবেদন কৰাৰ সময়ত আপলোড কৰা ফটোখন চিষ্টেমে আপলোড কৰে, আমি সেই প্ৰাৰ্থীজনকো সুধিলোঁ যে তেওঁ আবেদন কৰাৰ সময়ত ছানী লিয়নীৰ ফটো আপলোড কৰিছিল নেকি, তেতিয়া সেই প্ৰাৰ্থীজনে কৈছিল যে তেওঁৰ ফৰ্ম পূৰণ কৰিছিল তেওঁৰ বন্ধুৱে । এতিয়া এই সমগ্ৰ বিষয়টোৰ ওপৰত কৰ্ণাটক শিক্ষা বিভাগে স্পষ্টকৈ কৈছে যে গোচৰৰ তদন্তৰ পিছত দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

লগতে পঢ়ক : Sherlyn Chopra on Rakhi Sawant: ৰাখীৰ বিৰুদ্ধে থানাত গোচৰ দি চৰ শোধালে শ্বাৰলিনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.