ETV Bharat / entertainment

Sunny Leone news:19 বছৰ বয়সতেই মেইলৰ জৰিয়তে ভাৰতৰ পৰা মৃত্যুৰ ভাবুকি পাইছিল ছানী লিয়নীয়ে

author img

By

Published : Dec 24, 2022, 1:23 PM IST

Sunny Leone Death Threats: ছবি এখনৰ প্ৰচাৰৰ সময়ত ছানী লিয়নীয়ে প্ৰকাশ কৰিছে যে তেওঁ ভাৰতৰ পৰা 19 বছৰ বয়সতে মৃত্যুৰ ভাবুকিযুক্ত মেইল লাভ কৰিছিল (Sunny Leone news) ৷

Sunny Leone
মৃত্যুৰ ভাবুকি পাইছিল ছানী লিয়নীয়ে

চিটাৰা ডেস্ক, 24 ডিচেম্বৰ : 'ভাৰতলৈ আহিলেই মৃত্যুৰ ভাবুকি পাইছিলোঁ', এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে ছানী লিয়নীয়ে ৷ এখন ছবিৰ প্ৰচাৰৰ সময়ত নিজৰ জীৱনৰ সৈতে জড়িত এই ভয়াৱহ কথা প্ৰকাশ কৰিছে ছানী লিয়নীয়ে ।

বলীউডৰ ‘বেবী ডল’ খ্যাত ছানী লিয়নীয়ে বহু সংঘৰ্ষৰ অন্তত ছবি জগতত নাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । প্ৰথমাৱস্থাত ভাৰতলৈ আহি ছানীয়ে বহু অপৰিকল্পনীয় পৰিস্থিতিৰ সন্মুখীন হ’ব লগীয়া হৈছিল ৷ ছানীৰ অতীত অন্ধকাৰ পৃথিৱীৰে ভৰি আছিল, কিন্তু ভাৰতলৈ আহি কিবা এটা কৰাৰ কথা মনত পুহি ৰাখিছিল তেওঁ ।

বৰ্তমান বলীউডৰ পৰা দক্ষিণৰ চিনেমা জগতত খোজ পেলাইছে ছানীয়ে । আজিকালি ছানী তেওঁৰ তামিল ছবি ‘অ’ মাই গোষ্ট’ৰ প্ৰচাৰত ব্যস্ত হৈ আছে । ছবিখনৰ প্ৰচাৰৰ সময়ত এটা সাক্ষাৎকাৰত ছানীয়ে নিজৰ জীৱনৰ সৈতে জড়িত কিছু কথা প্ৰকাশ কৰিছে (Sunny Leone news)। ছানীয়ে কয় যে তেওঁক কম বয়সতে কেৱল ট্ৰ’ল কৰাই নহয়, মৃত্যুৰ ভাবুকিও দিছিল কোনো কোনো লোকে ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ছানী লিয়নীয়ে কৈছে যে কেৰিয়াৰৰ প্ৰাৰম্ভিক পৰ্যায়ত যেতিয়া তেওঁ বলীউডৰ দিশে আগবাঢ়িবলৈ সিদ্ধান্ত লৈছিল ৷ যেতিয়া তেওঁ বিগ বছৰ পৰা অফাৰ পাইছিল তেতিয়া তেওঁলৈ মৃত্যুৰ ভাবুকিপূৰ্ণ মেইল ​​আহিবলৈ আৰম্ভ কৰিছিল । ছানীয়ে প্ৰকাশ কৰিছে যে ভাৰতৰ পৰা তেওঁলৈ বহুত ঘৃণাৰ মেইল ​​আহিছিল, যাৰ বাবে তেওঁ এই অফাৰটো নাকচ কৰিছিল । কিন্তু অতি বুজাবুজিৰে তেওঁ ভাৰতলৈ আহিছিল আৰু বিগ বছৰ অংশ হৈ পৰিছিল ।

‘প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগৰ সৈতে মই জড়িত হৈ আছিলো বাবেই এই সকলোবোৰ হৈছিল ৷ মানুহে মোক ভাল পোৱা নাছিল আৰু ভাৰতীয়ই মোক ভাৰতলৈ অহাটো বিচৰা নাছিল, মোক হত্যা কৰাৰ ভাবুকি দিছিল’, ছানীয়ে লগতে এইদৰে কয় ৷

মাত্ৰ 19/20 বছৰ বয়সতে তেওঁৰ হাতত ঘৃণাৰ চিঠি আহি পৰিছিলহি । ছানীয়ে কয়, ‘মই কম বয়সতে ট্ৰ’ল পাবলৈ আৰম্ভ কৰিছিলো আৰু এই বয়সত যেতিয়া এনেকুৱা হয়, তেতিয়া ইয়াক চম্ভালিবলৈ টান হয়, সেই সময়ত মই অকলশৰীয়া আছিলো’ (Sunny Leone latest news) ।

যদি আমি ছানী লিয়নীৰ ৱৰ্কফ্ৰন্টলৈ চাওঁ তেন্তে ভাৰতত ছানীয়ে ছলমান খানৰ শ্ব’ বিগ বছৰ পৰাহে অলপকৈ মূৰ দাঙি চাবলৈ সক্ষম হৈছিল । 2011 চনত ছানীক বিগ বছৰ পঞ্চম চিজনত দেখা গৈছিল । ইয়াৰ পিছত তেওঁ ‘জিছম-2’ (2012) ছবিখনৰ জৰিয়তে বলীউডলৈ ঢাপলি মেলিছিল । ছবিখনত ছানীয়ে শ্বাহৰুখ খানৰ সৈতে এটা আইটেম গানটো নৃত্য কৰিছে ।

লগতে পঢ়ক : Body shaming ৰ বাবে হীনমন্যতাত ভূগিছিল টাইটানিক খ্যাত কেট উইন্সলেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.