চিটাৰা ডেস্ক, ২০ আগষ্ট: শেহতীয়াকৈ গদৰ ২ বাবে লাইমলাইটত আছে ছানী দেওল ৷ কিন্তু ছবিখনৰ সফলতাৰ মাজতে ছানী দেওলৰ বিষয়ে আহিছে এটা ব্ৰেকিং নিউজ ৷ আচলতে বেংক অৱ বৰোডাই লোকসভাৰ সাংসদ তথা অভিনেতা ছানী দেওলক ৫৬ কোটি টকাৰ বাকী থকা ধন সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছে ৷ এই ঋণত ধৰ্মেন্দ্ৰৰ নামো জামিনদাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে ।
ছানী দেওলে পৰিশোধ কৰা নাই ৫৬ কোটি টকাৰ ঋণ !
ছানী দেওলৰ ওপৰত অভিযোগ উত্থাপন হৈছে যে তেওঁ বেংকৰ পৰা বৃহৎ পৰিমাণৰ ঋণ লৈছে, যিটো তেওঁ পৰিশোধ কৰিব পৰা নাছিল । ঋণৰ বাবে তেওঁ মুম্বাইৰ জুহুত স্থিত ‘ছানী ভিলা’ নামৰ নিজৰ ভিলাখন বন্ধকত দিছিল । ইয়াৰ সলনি বেংকক ছানীয়ে পৰিশোধ কৰিবলগীয়া আছিল ৫৬ কোটি টকা, কিন্তু ছানীয়ে পৰিশোধ নকৰিলে সেই ধন ৷ এখন বাতৰি কাকতত প্ৰকাশিত এক অধিসূচনা অনুসৰি ছানী দেওলৰ এই ঘৰটো জুহুৰ গান্ধী গ্ৰাম ৰোডত । ইয়াৰ গেৰেন্টৰ হৈছে ছানীৰ পিতৃ ধৰ্মেন্দ্ৰ ।
নিলাম হ’ব ছানী দেওলৰ বাংলো !
খবৰ অনুসৰি ছানী দেওলে বেংক অৱ বৰোদাক ঋণ আৰু সুতৰ সৈতে প্ৰায় ৫৫.৯৯ কোটি টকা পৰিশোধ কৰিবলগীয়া আছিল ৷ এতিয়া ছানী দেওলে ঋণ পৰিশোধ নকৰাত বেংকে ই-নিলামৰ বাবে অধিসূচনা জাৰি কৰিছে । এই অধিসূচনা অনুসৰি অহা ২৫ ছেপ্টেম্বৰত নিলাম কৰা হ’ব ছানী ভিলা ।
ছানী ভিলা হৈছে ৰেকৰ্ডিং আৰু ডাবিং ষ্টুডিঅ’
উল্লেখ্য যে 'ছানী ভিলা' বাংলোত ৰেকৰ্ডিং আৰু ডাবিং ষ্টুডিঅ’ৰ কাম কৰা হয় ৷ ইয়াৰ উপৰিও এই বাংলোত আছে ছানী দেওলৰ কাৰ্যালয় । ইয়াক ছানী ছুপাৰ চাউণ্ড বুলিও কোৱা হয় , য’ত বছৰ বছৰ ধৰি বলীউডৰ চিনেমাৰ ডাবিং আৰু প্ৰদৰ্শন চলি আহিছে ।
লগতে পঢ়ক: Gadar 2 Collection Day 9: বক্স অফিচত গৰ্জন অব্যাহত তাৰা সিঙৰ, ভংগ কৰিলে বাহুবলী-২ৰ অভিলেখ