ETV Bharat / entertainment

Lahore 1947: ছানী দেওলৰ সৈতে হাত মিলালে আমিৰ খানে, ‘গদৰ ২’ৰ দৰে বক্স অফিচত হিট হ’বনে এই যুটি ?

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 3:59 PM IST

আমিৰ খানে ঘোষণা কৰিলে তেওঁৰ নতুন ছবি । অৱশ্যে এই ছবিখনত অভিনয় নকৰে আমিৰ খানে প্ৰযোজনা হে কৰিব ৷ এই ছবিখনত কোনে অভিনয় কৰিব জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Sunny Deol joins hands with Aamir Khan for Lahore, 1947; deets inside
আমিৰ খানে ঘোষণা কৰিলে তেওঁৰ নতুন ছবি

চিটাৰা ডেস্ক, 3 অক্টোবৰ: বলীউডৰ মিষ্টাৰ পাৰ্ফেকচনিষ্ট আমিৰ খানক শেষবাৰৰ বাবে দেখা গৈছিল ‘লাল সিং চাড্ডা’ ছবিখনত । এই ছবিখন বক্স অফিচত ফ্লপ ৰূপে প্ৰমাণিত হৈছিল । ইয়াৰ পিচতে আমিৰ খানে অভিনয়ৰ জগতৰ পৰা বিৰতি লৈছিল । কিন্তু এতিয়া এক নতুন প্ৰজেক্টৰ জৰিয়তে পুনৰ ছবিজগতলৈ উভতি আহিবলৈ সাজু হৈছে অভিনেতাগৰাকী ৷ শেহতীয়াকৈ তেওঁ নিজৰ নতুন প্ৰজেক্টৰ কথা ঘোষণা কৰিছে । অৱশ্যে এই ছবিখনত অভিনয় নকৰে আমিৰে, প্ৰযোজনা হে কৰিব । এই ছবিখনৰ বাবে আমিৰে ছানী দেওলৰ সৈতে হাত মিলাইছে । ছবিখনৰ নাম ‘লাহোৰ ১৯৪৭’ । ইয়াৰ পৰিচালনা কৰিব ৰাজকুমাৰ সন্তোষীয়ে ।

ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি আমিৰ খানৰ প্ৰডাকচন হাউছে ছবিখনৰ কথা ঘোষণা কৰিছে । আমিৰৰ প্ৰডাকচন হাউছে পোষ্টটোত লিখিছে - ছানী দেওল আৰু পৰিচালক ৰাজকুমাৰ সন্তোষীৰ সৈতে লাহোৰ ১৯৪৭ ছবিখন ঘোষণা কৰি মই আৰু এ কে পিৰ সমগ্ৰ দলটো অতিশয় উৎসাহিত হৈছো । প্ৰতিভাৱান ছানী আৰু মোৰ অন্যতম প্ৰিয় পৰিচালক ৰাজকুমাৰ সন্তোষীৰ সৈতে সহযোগিতা কৰিবলৈ আমি আগ্ৰহী । আমি যি যাত্ৰাত নামিছো, সেই যাত্ৰাটোৱেই আটাইতকৈ সমৃদ্ধিশালী হোৱাৰ প্ৰতিশ্ৰুতি দিছে । আমি বিচাৰো আপোনালোকৰ আশীৰ্বাদ ।

‘ঘায়ল’, ‘দামিনী’, ‘ঘাতক’ ছবিৰ দৰে তিনিটাকৈ হিট ছবি উপহাৰ দিছে ৰাজকুমাৰ সন্তোষী আৰু ছানী দেওলে । এই আকৰ্ষণীয় ট্ৰেক ৰেকৰ্ডটোলৈ চাই অনুমান কৰিব পাৰি যে তেওঁৰ আগন্তুক ছবিখনো হিট ৰূপে পৰিগণিত হ’ব ৷ উল্লেখ্য যে, শেহতীয়াকৈ মেগা ব্লকবাষ্টাৰ ছবি ‘গদৰ ২’ৰ জৰিয়তে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে ছানী দেওলে ।

একে সময়তে এই ঘোষণাক আৰু বিশেষ কৰি তোলা কথাটো হ’ল প্ৰতিযোগী হিচাপে ছানী দেওল আৰু আমিৰ খানৰ মাজত বক্স অফিচত এক আইকনিক সংঘৰ্ষ হৈছিল । ১৯৯০ চনত সংঘটিত হৈছিল এই সংঘৰ্ষ । যেতিয়া আমিৰ খানৰ দিল আৰু ছানী দেওলৰ ঘায়ল একেদিনাই মুক্তি লাভ কৰিছিল । তাৰ পিচত ১৯৯৬ চনত ৰাজা হিন্দুস্তানী বনাম ঘাতকৰ পিচত ২০০১ চনত ভাৰতীয় চিনেমাৰ বক্স অফিচত আটাইতকৈ মহাকাব্যিক সংঘৰ্ষ হয় ৷ আমিৰ খানৰ ‘লগান’ একেদিনাই ‘গদৰ’ৰ সৈতে মুক্তি লাভ কৰে । এতিয়া পোনপ্ৰথমবাৰৰ বাবে দুয়োজনে এটা প্ৰজেক্টত একেলগে কাম কৰিব ।

লগতে পঢ়ক: OMG 2 OTT Release: এতিয়া ঘৰতে বহি চাব পাৰিব অক্ষয় কুমাৰ-পংকজ ত্ৰিপাঠীৰ OMG 2, ক’ত আৰু কেনেকৈ জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.