ETV Bharat / entertainment

Sunny Deol: ব’ৰ্ডাৰ ২ কলৈ কি ক’লে ছানী দেওলে ?

author img

By

Published : Aug 21, 2023, 12:47 PM IST

‘গদৰ ২’ৰ পিচত এইবাৰ ছানী দেওলক দেখা যাব নেকি ‘ব’ৰ্ডাৰ ২’ত ? এই বাতৰি সন্দৰ্ভত ‘গদৰ-২’ৰ তাৰকাগৰাকীয়ে এক বিবৃতি প্ৰকাশ কৰিছে । এই সন্দৰ্ভত কি ক’লে ছানী দেওলে জানো আহক ৷

Sunny Deol issued a statement dismissing the rumours of film Border sequel
‘গদৰ ২’ৰ পিচত এইবাৰ ছানী দেওলক দেখা যাব নেকি ‘বৰ্ডাৰ ২’ত

চিটাৰা ডেস্ক, ২১ আগষ্ট: অনিল শৰ্মাৰ পৰিচালনাত নিৰ্মিত ‘গদৰ ২’ ছবিখনৰ জৰিয়তে ডাঙৰ পৰ্দাত প্ৰত্যাৱৰ্তন কৰিছিল ছানী দেওলে ৷ এই ছবিখনে বক্স অফিচত ভংগ কৰিছে বহু অভিলেখ ৷ ছবিখনে ৮ দিনত ৩০০ কোটি টকা উপাৰ্জন কৰিছে বক্স অফিচত । এই ছবিখনৰ ব্যাপক সফলতাৰ পিচতে শেহতীয়াকৈ জে পি দত্তৰ ১৯৯৭ চনৰ আইকনিক ছবি ‘ব’ৰ্ডাৰ’ পুনৰ নিৰ্মাণ কৰাৰ কথা চৰ্চা চলিছিল ৷ ছ’চিয়েল মিডিয়াত এই খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগীও এই আইকনিক ছবিখনৰ বাবে উৎসুক হৈ পৰিছিল ৷ লগতে কোৱা হৈছিল যে, এই ছবিখনৰ ছিকুৱেল আহিব পাৰে, য’ত পাৱাৰপেক তাৰকাৰ ভিতৰত কেৱল ছানী দেওলকহে কাষ্ট কৰা হ’ব । এই বাতৰিৰ মাজতে এতিয়া স্বয়ং ছানী দেওলে এই সন্দৰ্ভত স্পষ্টীকৰণ প্ৰদান কৰিছে ৷

উল্লেখ্য যে যোৱা কেইবাদিনো ধৰি ছ’চিয়েল মিডিয়াত চৰ্চা চলি আছিল যে ‘গদৰ ২’ৰ পিচত জে পি দত্তৰ ‘ব’ৰ্ডাৰ’ৰ ছিকুৱেলৰ সৈতে ৰূপালী পৰ্দাত পুনৰবাৰ একচন মোডত দেখা পোৱা যাব ছানী দেওলক । মূল ছবিখনৰ ছিকুৱেলত কেৱল ছানী দেওলকেই কাষ্ট কৰা হ’ব বুলিও কোৱা হৈছিল ৷ এই বাতৰিৰ মাজতে ছানী দেওলে মৌনতা ভংগ কৰি কোনো নতুন ছবিত চহী কৰা নাই বুলি প্ৰকাশ কৰে ৷

ইনষ্টাগ্ৰাম ষ্ট’ৰীত এক বিবৃতি প্ৰকাশ কৰি এই কথা শ্বেয়াৰ কৰিছে ছানী দেওলে ৷ বিবৃতিটোত তেওঁ কয়, ‘‘মই কিছুমান ছবিৰ চহী কৰা বুলি কিছু খবৰ প্ৰচাৰ হৈ আছে। মই স্পষ্টকৈ ক’ব বিচাৰিছো যে বৰ্তমান মই কেৱল গদৰ ২ ৰ ওপৰতহে গুৰুত্ব দিছো । আপোনালোক সকলোৰে পৰা বহুত মৰম পাইছো । মই কোনো ছবিত চহী কৰা নাই । অতি সোনকালে কিবা এটা বিশেষ কথা ঘোষণা কৰিম, কিন্তু যেতিয়া সঠিক সময় আহিব । তেতিয়ালৈকে তাৰা সিং আৰু 'গদৰ ২'ৰ ওপৰত আপোনালোকৰ মৰমৰ বৰষুণ দি থাকক ।’’

ইফালে গদৰ-২ ৪০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰিছে ৷ এণ্ট্ৰি ট্ৰেড ৰিপৰ্ট অনুসৰি গদৰ ২য়ে দশম দিনত ভাৰতীয় বক্স অফিচত ৪১ কোটি টকা উপাৰ্জন কৰিছিল । ছবিখনৰ প্ৰথম উইকেণ্ড সংগ্ৰহ আছিল ২৮৪.৬৩ কোটি টকা । আনহাতে, দ্বিতীয় উইকেণ্ডৰ প্ৰথম দিনটোত ছবিখনে ২০.৫ কোটি টকা উপাৰ্জন কৰাৰ লগতে দ্বিতীয় শনিবাৰে ৩১.০৭ কোটি টকা উপাৰ্জন কৰে । ১০ দিনৰ মূৰত ছবিখনৰ মুঠ উপাৰ্জন প্ৰায় ৩৭৭.২০ কোটি টকা হৈছে ।

লগতে পঢ়ক: Hema Malini: ছানি দেওলৰ ছবি গদৰ ২ চাই হেমা মালিনীয়ে ক’লে; ভাৰত আৰু পাকিস্তানৰ বাবে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.