ETV Bharat / entertainment

Sunny Deol: ৮৭ বছৰীয়া ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ অৱনতি! এই সন্দৰ্ভত কি ক’লে ছানী দেওল আৰু হেমা মালিনীয়ে

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 3:20 PM IST

শেহতীয়াকৈ এটা খবৰ আহিছিল যে ছানী দেওলৰ পিতৃ ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু তেওঁক চিকিৎসাৰ বাবে আমেৰিকালৈ লৈ যোৱা হৈছে। এতিয়া এই খবৰত নিজৰ মৌনতা ভাঙিছে ছানী দেওল আৰু হেমা মালিনীয়ে ।

Sunny Deol, Hema Malini refute claims of Dharmendra jetting off to US for medical treatment
৮৭ বছৰীয়া ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ অৱনতি সন্দৰ্ভত ছানী দেওলৰ মন্তব্য়

চিটাৰা ডেস্ক, ১২ ছেপ্টেম্বৰ: ছানী দেওলে বৰ্তমান উদযাপন কৰিছে তেওঁৰ ব্লকবাষ্টাৰ ছবি Gadar 2 ৰ সফলতা । ইয়াৰ পূৰ্বে ধৰ্মেন্দ্ৰই তেওঁৰ ছবি ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানীৰ সফলতাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল । ইফালে শেহতীয়াকৈ খবৰ পোৱা গৈছে ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু ছানী দেওলে চিকিৎসাৰ বাবে পিতৃৰ সৈতে আমেৰিকালৈ ৰাওনা হৈছে । এতিয়া এই সমগ্ৰ বিষয়ত নিজৰ মৌনতা ভংগ কৰি ইয়াৰ আঁৰৰ সঁচা কাহিনী ক’লে ছানী দেওল আৰু তেওঁৰ পত্নী হেমা মালিনীয়ে ।

১১ ছেপ্টেম্বৰত ধৰ্মেন্দ্ৰৰ সন্দৰ্ভত খবৰ আহিছিল যে ৮৭ বছৰীয়া ধৰ্মেন্দ্ৰ বাৰ্ধক্যজনিত সমস্যাত ভুগি আছে। সেয়ে ছানী দেওলে নিজৰ পিতৃক চিকিৎসাৰ বাবে আমেৰিকালৈ লৈ গৈছে আৰু ১৫-২০ দিন তাতেই থাকিব ।

গোটেই সত্যটো কি ?

এতিয়া মঙলবাৰে এই সকলোবোৰ খবৰ নাকচ কৰিছে ছানী দেওলে । অভিনেতাগৰাকীৰ দলটোৰ মতে, ধৰ্মেন্দ্ৰ আৰু ছানী দেওল নিশ্চিতভাৱে আমেৰিকালৈ গৈছে, কিন্তু চিকিৎসাৰ বাবে নহয়, ছুটীৰ বাবেহে গৈছে ।

কেতিয়া ঘূৰি আহিব ছানী আৰু ধৰ্মেন্দ্ৰ ?

ছানী দেওলৰ দলে ১৬ ছেপ্টেম্বৰত অভিনেতাগৰাকী আৰু তেওঁৰ পিতৃ ভাৰতলৈ উভতি আহিব বুলিও অৱগত কৰে । উল্লেখ্য যে সোমবাৰে ছানী দেওলে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত তেওঁক বন্ধুৰ জন্মদিন উদযাপন কৰা দেখা গৈছিল । ছানী দেওলে পোষ্টটোত লিখিছে, “কেলিফৰ্ণিয়াত বিনীতৰ জন্মদিন উদযাপন কৰিলোঁ ।”

ইফালে ধৰ্মেন্দ্ৰৰ পত্নী হেমা মালিনীয়ে সকলো জল্পনা-কল্পনাক শেষ কৰি কয় যে, "ধৰমজীৰ স্বাস্থ্য অতি ভাল । তেওঁ সম্পূৰ্ণ ভাল । তেওঁ স্বাভাৱিক স্বাস্থ্য পৰীক্ষাৰ বাবে আমেৰিকালৈ গৈছিল । চিন্তা কৰিবলগীয়া একো নাই ।"

গদৰৰ ২ ৰ ব্যৱসায়

গদৰ ২ ৰ ব্যৱসায়ৰ কথা ক’বলৈ গ’লে এতিয়া ছবিখনে ৫০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰিছে । মুক্তিৰ প্ৰায় এমাহৰ ভিতৰতে গদৰ ২ য়ে ৫১৫ কোটি টকাৰ ব্যৱসায় কৰিছে।

লগতে পঢ়ক: Gadar 2: গদৰ 2 ৰ সফলতা পাৰ্টি, তিনি খানৰ লগতে উপস্থিত বলীউডৰ বহু তাৰকা, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.