চিটাৰা ডেস্ক, ৩ ছেপ্টেম্বৰ: পাঠান ছবিখনৰ সৈতে পুনৰ কামবেক কৰিছে বলীউডে ৷ ইয়াৰ পূৰ্বে নেপটিজম আৰু বয়কট বলীউডৰ ট্ৰেণ্ডৰ বাবে বলীউডৰ প্ৰায় ভাগ ছবি বক্স অফিচত ফ্লপ হৈছিল ৷ কিন্তু পাঠানৰ সফলতাৰ বাবে যেন বক্স অফিচত পুনৰ ঘূৰি আহিছে বলীউড ৷ পাঠানৰ পিচত এইবাৰ অভিলেখ গঢ়িছে ছানী দেওলৰ ‘গদৰ ২’ ছবিখনে ৷ ছানী দেওলৰ ‘গদৰ ২’ এই বছৰৰ ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হৈছে ।
আনহাতে গদৰ ২ৰ সফলতাত নিৰ্মাতাসকল অতি সুখী হোৱাৰ লগতে এই ছবিখন ছানী দেওলৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ ছবি হিচাপে পৰিগণিত হৈছে । এতিয়া ছানি দেওল আৰু নিৰ্মাতাসকলে মুম্বাইত গদৰ ২ৰ সফলতাত আয়োজন কৰে এখনি পাৰ্টিৰ, য’ত অংশগ্ৰহণ কৰে সকলো ডাঙৰ তাৰকাই ।
গদৰ ২ৰ সফলতা পাৰ্টিত ভাতৃ ববিৰ সৈতে পোজ দিয়া দেখা গ’ল ছানি দেউলক । নীলা চুট পৰিধান কৰা তাৰা সিং ওৰফে ছানী দেওলক এতি সুদৰ্শন দেখা গৈছে ৷ একে সময়তে ববি দেওলকো ককায়েকৰ সফলতাত সুখী দেখা গ’ল । ইফালে ছানীক দেখি পাপৰাজীয়ে হিন্দুস্তান জিন্দাবাদৰ শ্লোগান দিবলৈ আৰম্ভ কৰে ।
হে-মান অৰ্থাৎ ধৰ্মেন্দ্ৰকো দেখা পুত্ৰৰ সফলতাৰ পাৰ্টিত ৷ নীলা টি-চাৰ্ট আৰু পেণ্ট পৰিধান কৰা ধৰ্মেন্দ্ৰক এই বয়সতো কুল দেখা গৈছিল । পুত্ৰৰ সফলতাৰ সুখ তেওঁৰ মুখত স্পষ্টকৈ দেখা গৈছিল । পাপাৰাজীৰ বাবে ধৰ্মেন্দ্ৰই পোজ দিয়াও দেখা গ’ল ।
পুৰণি শত্ৰুতাক পাহৰি শ্বাহৰুখ খানেও গদৰ ২ৰ সফলতাত উপস্থিত হয় ৷ পত্নী গৌৰীক লৈ পাৰ্টিত উপস্থিত হয় কিং খান ৷ ছানী দেওলক দেখাৰ লগে লগে সাৱটি ধৰি পোজ দিয়ে কিং খানে । ইফালে বহুদিনৰ মূৰত দুয়োকে একেলগে দেখা গ’ল । ইয়াৰ পূৰ্বে শ্বাহৰুখ আৰু গৌৰী দুয়োগৰাকীয়ে গদৰ ২ ৰ প্ৰশংসাত পঞ্চমুখৰ হোৱা দেখা গৈছিল ৷
ইয়াৰ পিচত পাৰ্টিত আগমন ঘটে বলীউডৰ ভাইজান ছলমান খানৰ ৷ নিজৰ ডেচিং লুকেৰে ভাইজানে এন্ট্ৰি কৰে পাৰ্টিত ৷ ইফালে কাৰ্তিক আৰিয়ানে ছলমান খানক দেখাৰ লগে লগে তেওঁক সাৱটি ধৰে আৰু লগতে পাপাৰাজীৰ বাবে দুয়োজনে পোজ দিয়ে ।
বলীউডৰ মৰমলগা দম্পতী সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীও পিচ পৰি থকা নাই এই অনুষ্ঠানত । কিয়াৰাক ক’লা সাজ-পোছাকত অতি ধুনীয়া দেখা যোৱাৰ লগতে সিদ্ধাৰ্থই পৰিধান কৰিছিল মেচিং ক’লা চাৰ্ট ।
ইফালে ভাতৃ ইব্ৰাহিম আলী খানৰ সৈতে পাৰ্টিত প্ৰৱেশ কৰে ছাৰা আলী খান । গোলাপী ৰঙৰ ফুল জাম্পছুট পৰিধান কৰা ছাৰাক কুল দেখা গৈছিল । পাৰ্টিত ছাৰাই কাৰ্তিক আৰিয়ানক সাৱটি ধৰে ।
গদৰ ২ৰ সফলতাৰ পাৰ্টিত আমিৰ খান, শিল্পা শ্বেট্টী, কৃতি সেনন, কাজল-অজয়, উত্তকৰ্ষ শৰ্মা, চলচ্চিত্ৰ পৰিচালক অনিল শৰ্মা, অমিষা পেটেল, সুনীল শেট্টী, সঞ্জয় দত্ত, অনিল কাপুৰ আৰু বিকি কৌশলৰ দৰে ডাঙৰ তাৰকাসকলেও অংশগ্ৰহণ কৰে ।