ETV Bharat / entertainment

Stree 2: ভয় তথা হাঁহিৰ খোৰাক দিবৰ বাবে পুনৰ আহি আছে স্ত্ৰী

author img

By

Published : Jul 11, 2023, 10:56 PM IST

ৰাজকুমাৰ ৰাও আৰু শ্ৰদ্ধা কাপুৰ অভিনীত স্ত্ৰীৰ ছিকুৱেলৰ শ্বুটিং মঙলবাৰৰ পৰা আৰম্ভ হয় । অহা আগষ্ট মাহত মুক্তি পাবলগীয়া ছিকুৱেল স্ত্ৰী ২ৰ আজি ৰাজকুমাৰ ৰাওৱে নিজৰ ইনষ্টাগ্ৰাম একাউন্টৰ জৰিয়তে ছবিখনৰ শ্বুটিৰ আৰম্ভণি ঘোষণাৰ এক ভিডিঅ’ শ্বেয়াৰ কৰে ।

Rajkummar Rao drops intriguing video as Stree 2 shoot commences
ভয় তথা হাঁহিৰ খোৰাক দিবৰ বাবে পুনৰ আহি আছে স্ত্ৰী

চিটাৰা ডেস্ক, 11 জুলাই: ৰাজুকমাৰ ৰাও আৰু শ্ৰদ্ধা কাপুৰ অভিনীত হৰৰ কমেডী ছবি স্ত্ৰী (২০১৮) য়ে দৰ্শকক বহুত মনোৰঞ্জন দিছিল । স্ত্ৰী ছবিখনৰ প্ৰথম খণ্ড শেষ হোৱাৰ পিছত দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে স্ত্ৰী ২ ছবিখনৰ দ্বিতীয় খণ্ডৰ বাবে। বৰ্তমান স্ত্ৰী ২ৰ বাবে দৰ্শকৰ অপেক্ষা অলপ বেছি দিন চলিব লাগিব, কিন্তু বেছি নহয় কাৰণ আজি ১১ জুলাইৰ পৰা স্ত্ৰী ২ ছবিখনৰ শ্বুটিং আৰম্ভ হৈছে। ইয়াৰ সমান্তৰালকৈ ছবিখন কেতিয়া মুক্তি পাব, সেই কথাও প্ৰকাশ পাইছে । স্ত্ৰী ২ ছবিখনৰ গোটেই পাশাটো ওলোটা হৈ গৈছে, কাৰণ স্ত্ৰী ২ত ইয়াক ‘অ স্ত্ৰী কাল আনা’ বুলি কোৱা নহ’ব বৰঞ্চ ‘অ’ স্ত্ৰী ৰক্ষা কৰনা’ বুলি কোৱা হ’ব । এতিয়া জনাওক মহিলাসকলে কাৰ পৰা ৰাইজক ৰক্ষা কৰিব ।

স্ত্ৰী 2 ৰ ষ্টাৰকাষ্ট

২০১৮ চনত অহা স্ত্ৰী ছবিখনে মানুহক বহুত মনোৰঞ্জন দিছিল আৰু এতিয়া ‘ভেড়িয়া’, ‘বালা’ৰ দৰে ছবিৰে মানুহক মনোৰঞ্জন দিয়া পৰিচালক অমৰ কৌশিকে তেওঁৰ স্ত্ৰী ছবিখনৰ দ্বিতীয় খণ্ডৰ জৰিয়তে মানুহক ভয় খুৱাব আৰু হহুৱাবলৈ সাজু হৈছে ।

ৰাজকুমাৰ ৰাও, শ্ৰদ্ধা কাপুৰ, পংকজ ত্ৰিপাঠী আৰু অভিষেক বেনাৰ্জীয়ে পুনৰবাৰ নিজৰ হাস্যকৰ ছবিখনেৰে মানুহৰ হৃদয় জয় কৰিবলৈ ওলাইছে । দীনেশ বিজন আৰু জ্যোতি দেশপাণ্ডে একেলগে এই ছবিখন প্ৰযোজনা কৰিছে । ছবিখনৰ কাহিনী ৰচনা কৰিছে নীৰেন ভাটে ।

অভিনেতাগৰাকীয়ে ভিডিঅ’টো ড্ৰপ কৰাৰ কিছু সময়ৰ পিছতে অনুৰাগীয়ে ৰেড হাৰ্ট ইমজি আৰু জুইৰ ইমজিৰে কমেণ্ট ছেকচনটো ভৰাই তোলে । ভূমি পেডনেকাৰে মন্তব্য কৰি কয় যে, "Caaaaaaant wait guys." এজন অনুৰাগীয়ে লিখিছে, “আটাইতকৈ বেছি অপেক্ষা কৰা চিনেমা । আন এজন অনুৰাগীয়ে মন্তব্য কৰে যে, "Omg !!!!!!!!! ইয়াৰ বাবে মই অতি আগ্ৰহী ।"

কেতিয়া মুক্তি পাব ছবিখন ?

স্ত্ৰী ২ ছবিখনৰ বাবে দৰ্শকে বহু সময় অপেক্ষা কৰিব লাগিব যদিও ছবিখনৰ প্ৰকৃত মুক্তিৰ দিন এতিয়াও প্ৰকাশ কৰা হোৱা নাই যদিও ২০২৪ চনৰ আগষ্ট মাহত এই ছবিখনে মুক্তিলাভ কৰিব পাৰে । এইবাৰ স্ত্ৰী ২ৰ চৰিত্ৰত শ্ৰদ্ধা কাপুৰে চান্দেৰী গাঁওক সৰকাটেৰ আতংকৰ পৰা ৰক্ষা কৰা দেখা যাব ।

লগতে পঢ়ক: SPKK Collection: ১২ দিনত বক্স অফিচত কিমান সংগ্ৰহ কৰিলে সত্যপ্ৰেম কী কথাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.