চিটাৰা ডেস্ক, 7 নৱেম্বৰ : বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানে তামিল পৰিচালক অৰুণ কুমাৰ ওৰফে এটলীৰ সৈতে তেওঁৰ আগন্তুক ছবিখনৰ বাবে হাত মিলাইছে । এতিয়ালৈকে ইতিবাচক চৰ্চা লাভ কৰিবলৈ সক্ষম হোৱা বহু প্ৰত্যাশিত ছবিখন এতিয়া বিপদত পৰিছে ।
এছ আৰ কেৰ আগন্তুক এক্সন ছবি জোৱানৰ কাহিনীভাগ অন্য এখন চিনেমাৰ পৰা লোৱাৰ অভিযোগ উঠিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি ছবি নিৰ্মাতা মণিকম নাৰায়ণে জোৱানৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে টি এফ পি চি (তামিল চলচ্চিত্ৰ প্ৰযোজক পৰিষদ)ত অভিযোগ দাখিল কৰিছে যে ছবিখন 2006 চনৰ ছবি পেৰাৰাছুৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে ।
ছবি নিৰ্মাতাই দাবী কৰিছে যে কাহিনীটোৰ অধিকাৰ তেওঁৰ হাতত আছে আৰু টি এফ পি চিয়ে এই তদন্তৰ বাবে সন্মতি প্ৰদান কৰিছে । 7 নৱেম্বৰৰ পিছত তদন্ত অনুসৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে ।
উধায়ানৰ দ্বাৰা পৰিচালিত পেৰাৰাছুত বিজয়কান্তে দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল । চলচ্চিত্ৰখন এজন চিবিআই বিষয়াৰ কৰ্মক কেন্দ্ৰ কৰি ঘূৰি থাকে যাক এজন ন্যায়াধীশৰ ৰহস্যজনক নিৰুদ্দেশ হোৱাৰ গোচৰটোৰ তদন্তৰ বাবে এটা অভিযানৰ দায়িত্ব দিয়া হয় । এছ আৰ কেয়ে দ্বৈত ভূমিকা পালন কৰাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে জোৱান পেৰাৰাছুৰ দ্বাৰা অনুপ্ৰাণিত হোৱাৰ বিষয়ে জল্পনা-কল্পনা চলিছিল । জোৱান নিৰ্মাতাসকল অৱশ্যে ছবিখনৰ কাহিনীৰ বিষয়ে কঠোৰ হৈ আছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
আনহাতে শ্বাহৰুখে যোৱা মাহত চেন্নাইত জোৱানৰ 30 দিনীয়া সূচী সম্পূৰ্ণ কৰে । শ্বাহৰুখে শ্বেয়াৰ কৰা জোৱানৰ ফাৰ্ষ্ট লুক পোষ্টাৰখনে যথেষ্ট উৎসুকতাৰ সৃষ্টি কৰিছিল অনুৰাগীৰ মাজত, বিশেষকৈ কিং খানৰ অলৌকিক লুকটোৱে অনুৰাগীক মতলীয়া কৰি তুলিছিল । 2013 চনৰ 2 জুনত পাঁচটা ভাষা - হিন্দী, তামিল, তেলুগু, মালয়ালম আৰু কানাড়া ভাষাত ছবিগৃহত মুক্তি পাব জোৱান ।
গৌৰী খানৰ প্ৰযোজনা আৰু ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ দ্বাৰা উপস্থাপিত জোৱানত নয়নতাৰা সহিতে তামিল চুপাৰষ্টাৰ বিজয় সেথুপট্টীয়েও মুখ্য চৰিত্ৰত অভিনয় কৰিছে ।
লগতে পঢ়ক : Jee Le Zaraa ৰে সমাজৰ দৃষ্টিভংগী সলোৱাৰ মন কেটৰিণা প্ৰিয়ংকা আলিয়াৰ