ETV Bharat / entertainment

বিদেশত নৱবৰ্ষ উদযাপন কৰি মুম্বাইলৈ উভতিল শ্বাহৰুখ খান, চাওক ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 11:17 AM IST

SRK Viral Video: কিছুদিন পূৰ্বে বলীউডৰ বহু চেলিব্ৰিটিয়ে নৱবৰ্ষ উদযাপনৰ বাবে বিদেশলৈ ৰাওনা হোৱা দেখা গৈছিল । তাৰ ভিতৰত শ্বাহৰুখ খানো আছিল অন্যতম । এতিয়া পৰিয়ালৰ সৈতে সুন্দৰ সময় কটোৱাৰ পিচত পুনৰ মুম্বাইলৈ উভতি আহিছে অভিনেতাজন ।

SRK returns from New Year holiday with Gauri and AbRam Khan, dodges paparazzi -watch
মুম্বাইলৈ উভতিল শ্বাহৰুখ খান

চিটাৰা ডেস্ক, ৩ জানুৱাৰী: নতুন বছৰ উদযাপনৰ বাবে শেহতীয়াকৈ বহু চেলিব্ৰিটিক বিদেশলৈ ৰাওনা হোৱা দেখা গৈছিল ৷ কোনোবাই যদি পত্নীৰ সৈতে নতুন বছৰ উদযাপনৰ বাবে গৈছে, আন বহুতে পৰিয়ালৰ সৈতে নৱবৰ্ষ উদযাপনৰ বাবে বিদেশলৈ গৈছে ৷ আজি নতুন বছৰৰ ৩ তাৰিখ ৷ এতিয়া লাহে লাহে নতুন বছৰ উদযাপন কৰি স্বদেশলৈ উভতিছে চেলিব্ৰিটিসকল ৷ শেহতীয়াকৈ, শ্বাহৰুখ খানে পত্নী গৌৰী খান আৰু কনিষ্ঠ পুত্ৰ অবৰাম খানৰ সৈতে নৱবৰ্ষ উদযাপনৰ বাবে বিদেশলৈ ৰাওনা হোৱা দেখা গৈছিল । এতিয়া নৱবৰ্ষ উদযাপন কৰি গৌৰী খান আৰু পুত্ৰ অবৰামৰ সৈতে মুম্বাইলৈ উভতিছে কিং খান ৷

পাপাৰাজীয়ে শেহতীয়াকৈ মুম্বাই বিমানবন্দৰত স্পট কৰে কিং খানক ৷ য’ত অভিনেতাজনে পাপাৰাজীৰ পৰা হাত সাৰিবলৈ ডাঙৰ হুডি পৰিধান কৰি মুখখন লুকুৱাই ৰখা পৰিলক্ষিত হয় । বিমানবন্দৰৰ পৰা ওলাই পুত্ৰ আৰু পত্নীৰ সৈতে বিলাসী বাহনত বহি সেই স্থানৰ পৰা ৰাওনা হয় । ইয়াৰ পিচত তেওঁৰ মেনেজাৰ আৰু পৰিয়ালটোও বিমানবন্দৰৰ পৰা ওলাই যোৱা দেখা যায় ।

বলীউডৰ চেলিব্ৰিটিসকলে এনেদৰে উদযাপন কৰিছে নৱবৰ্ষ

নতুন বছৰৰ আগমনৰ লগে লগে চৌদিশে বিৰাজ কৰে এক উৎসৱমুখৰ পৰিৱেশ ৷ পুৰণি বৰ্ষক বিদায় দিন নৱবৰ্ষক আদৰণি জনাবলৈ সাজু হয় সকলো ৷ কিন্তু নৱবৰ্ষ উদযাপনৰ প্ৰত্যেকৰে নিজস্ব ধৰণ থাকে । নৱবিবাহিতা কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই বৰফেৰে আবৃত পাহাৰৰ মাজত উদযাপন কৰিছে নতুন বছৰ ৷ ইয়াৰ বিপৰীতে দীপিকা পাডুকনে সূৰ্যাস্তৰ সৈতে নৱবৰ্ষ উদযাপন কৰা দেখা গ’ল । ইয়াৰ পূৰ্বে শ্বাহৰুখৰ কন্যা সুহানা খানক অগষ্ট্য নন্দা আৰু নব্য নন্দৰ সৈতে বিমানবন্দৰত দেখা গৈছিল, সম্ভৱত তেওঁলোক ছুটীৰ বাবে বিদেশলৈ গৈছিল ।

ইফালে অভিনেতা শ্বাহিদ কাপুৰে সমগ্ৰ পৰিয়ালসহ ভূটানলৈ গৈছিল, আনহাতে কৰীণা কাপুৰ খান আৰু ছৈফ আলী খানে NYE পাৰ্টিত খুব আনন্দ কৰা দেখা গ’ল । আৰ্চিছৰ অভিনেত্ৰী খুশী কাপুৰকো বেদাং ৰাইনাৰ সৈতে বিমানবন্দৰত দেখা গৈছিল, যাৰ ফলত সকলোৱে অনুমান কৰিছিল যে তেওঁলোকে একেলগে নৱবৰ্ষ উদযাপনৰ বাবে গৈছে । মুঠৰ ওপৰত বলীউডৰ চেলিব্ৰিটিসকলে খুব ধুমধামেৰে উদযাপন কৰিছে নৱবৰ্ষ ৷

লগতে পঢ়ক: এই পৰ্যন্ত বিশ্বজুৰি কিমান কোটি টকা উপাৰ্জন কৰিলে ডাংকিয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.