ETV Bharat / entertainment

Ram Charan latest news: কৰ্কট ৰোগত আক্ৰান্ত বিশেষ অনুৰাগীক লগ কৰিলে ৰাম চৰণে

'আৰ আৰ আৰ' খ্যাত দক্ষিণৰ চুপাৰষ্টাৰ ৰাম চৰণে তেওঁৰ এজন বিশেষ অনুৰাগীক লগ পাইছে, যাৰ ফটো ছ’চিয়েল মিডিয়াত তীব্ৰভাৱে ভাইৰেল হৈ পৰিছে (Ramcharan latest pics) ।

author img

By

Published : Feb 10, 2023, 8:51 PM IST

South superstar Ram Charan
বিশেষ অনুৰাগীক লগ কৰিলে ৰাম চৰণে

চিটাৰা ডেস্ক, 10 ফেব্ৰুৱাৰী : জীৱনত এবাৰ হ’লেও নিজৰ প্ৰিয় অভিনেতা-অভিনেত্ৰী গৰাকীক লগ পোৱাটো প্ৰতিজন অনুৰাগীৰে সপোন আৰু যেতিয়া এই সপোন পূৰণ হয়, তেতিয়া সেই সুখৰ কোনো সীমা নাথাকে । চুপাৰষ্টাৰসকলৰ ক্ষেত্ৰতো ঠিক একেই কথা ৷ অনুৰাগীৰ মৰমেই তেওঁলোকৰ জীৱন ভৰাই ৰাখে ৷ তেওঁলোকে যেতিয়া নিজৰ অনুৰাগীক লগ পায়, অনুৰাগীৰ পৰা মৰম, শ্ৰদ্ধা, উপহাৰ আদি পাই তেতিয়া তেওঁলোকৰো সুখ দুগুণ হয় । দক্ষিণ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা ৰামচৰণে লগ পাইছে তেওঁৰ এজন বিশেষ অনুৰাগীক (Ram Charan met special fan ) । এজন 9 বছৰীয়া সৰু কেন্সাৰ আক্ৰান্ত অনুৰাগী । ৰামে অনুৰাগীক লগ পোৱা এই ফটো ছ’চিয়েল মিডিয়াত তীব্ৰভাৱে ভাইৰেল হৈ পৰিছে ।

কণমানি অনুৰাগীৰ ইচ্ছা পূৰণ কৰিলে ৰামচৰণে

আপোনালোকক জনাওঁ যে 37 বছৰীয়া অভিনেতা গৰাকীৰ নম্ৰ আৰু হৃদয়স্পৰ্শী ব্যক্তিত্বই তেওঁৰ অনুৰাগীৰ হৃদয়ত তেওঁৰ বাবে এক বিশেষ স্থান গঢ়ি তুলিছে । ইফালে ৰামচৰণৰ নিজৰ অনুৰাগীক লৈ এই মানৱীয় ব্যৱহাৰে আৰু অধিক অনুৰাগীৰ হৃদয়ত গভীৰ স্থান দখল কৰিছে (Ramcharan Fan Moment) ৷ শেহতীয়াকৈ ৰামচৰণে কেন্সাৰ ৰোগত আক্ৰান্ত 9 বছৰীয়া এটি শিশুৰ ইচ্ছা পূৰণ কৰিছে । সৰু শিশুটিৰ চুপাৰষ্টাৰ জনক লগ পোৱাৰ ইচ্ছা আছিল, যিটো ৰামচৰণে পূৰণ কৰিলে আৰু হৃদয়স্পৰ্শী ফটোবোৰ এতিয়া ছ’চিয়েল মিডিয়াত তীব্ৰ ৰূপত ভাইৰেল হৈ পৰিছে । চলচ্চিত্ৰ নিৰ্মাতা শিৱ চেৰীয়ে নিজৰ টুইটাৰ হেণ্ডেলত এই মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰিছে ।

মণি কুশল ৰাম চৰণৰ ডাঙৰ অনুৰাগী

মেক এ উইচ ফাউণ্ডেশ্যনৰ জৰিয়তে 9 বছৰীয়া মণি কুশলে ৰাম চৰণক লগ পোৱাৰ ইচ্ছা প্ৰকাশ কৰি কয় যে তেওঁ আৰ আৰ আৰ অভিনেতাজনৰ ডাঙৰ অনুৰাগী । এই সন্দৰ্ভত ৰাম চৰণে অনুৰাগীৰ অনুৰোধ মানি লৈ নিজৰ অনুৰাগীক লগ কৰিবলৈ স্পৰ্শ ধৰ্মশালা চিকিৎসালয়ত উপস্থিত হয় । মেক এ উইচ ফাউণ্ডেশ্যনে ৰোগীক তেওঁলোকৰ ইচ্ছা পূৰণ কৰাত সহায় কৰে ।

ছ’চিয়েল মিডিয়াত ব্যৱহাৰকাৰী সকলে লৈছে তীব্ৰ শলাগ লৈছে

চাৰিখন সুন্দৰ ফটোৰ ধাৰাবাহিকত ৰাম চৰণে শিশুটিৰ লগতে পিতৃ-মাতৃৰ সৈতেও মত বিনিময় কৰি মৰমেৰে মুখত হাঁহি এটি লৈ মূৰত চুমা খাই থকা দেখা গৈছে । তথ্য অনুসৰি, অভিনেতা গৰাকীয়ে কণমানি অনুৰাগীজনক উপহাৰো দিয়ে । এই ফটোসমূহ ছ’চিয়েল মিডিয়াত তীব্ৰ ভাইৰেল হৈ পৰিছে, যাৰ শলাগ লৈছে ব্যৱহাৰকাৰীসকলে ।

লগতে পঢ়ক : এইবছৰৰ ভেলেণ্টাইন ডে’ হ’ব কিছু বিশেষ কিয়নো ৰোমাণ্টিক হিট ছবি DDLJ পুনৰ আহিল ছবিগৃহলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.