ETV Bharat / entertainment

Sonu Sood Birthday Special: ৫ হাজাৰ টকালৈ মুম্বাইলৈ আহিছিল চনু সুদ, কৰ’না কালত ৰিল লাইফৰ ভিলেইন হৈ পৰিল বাস্তৱৰ হিৰো - চনু সুদ

হিন্দী ছবিত অমৃশ পুৰীৰ পিচত যদি কোনো খলনায়কে হৃদয় জয় কৰিছে তেন্তে সেয়া হৈছে চনু সুদ। পৰ্দাৰ এই খলনায়কজন বাস্তৱ জীৱনত সকলোৰে বাবে কেনেকৈ হৈ পৰিল হিৰো জানক এই প্ৰতিবেদনত ৷

Sonu Sood Birthday Special: Sonus journey from on-screen villain to real life hero
আজি চনু সুদৰ জন্মদিন
author img

By

Published : Jul 30, 2023, 1:25 PM IST

চিটাৰা ডেস্ক, 30 জুলাই: ‘‘টকা উপাৰ্জন কৰিবলৈ সময় লাগে, চুৰি কৰিবলৈ নহয়..’’, এয়া চনু সুদৰ ছবি ‘ডেঞ্জাৰছ খিলাড়ী’ৰ সংলাপ । কৰ’না কালৰ পূৰ্বে বলীউডৰ পৰা টলীউডলৈ ছবিত ভয়ংকৰ খলনায়কৰ পৰিচয় অৰ্জন কৰা অভিনেতা চনুৰ প্ৰকৃত ব্যক্তিত্ব কোনেও হয়তো জনা নাছিল ৷ কিন্তু যি সময়ত গোটেই দেশখন ঘৰত আবদ্ধ হৈ আছিল, সেই সময়ত এই ৰিল লাইফ খলনায়কজনে ৰাজপথত মানুহৰ আঙুলি ধৰি নিজৰ ‘গন্তব্যস্থান’লৈ লৈ যোৱাৰ দায়িত্ব লৈছিল । কৰ’না কালত চকুলো টোকা, ৰাজপথত ভোকত শুই থকা লোকলৈ আগবঢ়াইছিল সহায়ৰ হাত ৷ আজি এই নায়কজনৰ জন্মদিন ৷ 50 বছৰীয়া হ’ল চনু সুদ ৷

সকলোৰে বাবে দেৱদূত স্বৰূপ হৈ পৰিল চনু সুদ

চনু সুদে নিজৰ কেৰিয়াৰত বহু ছবিত অভিনয় কৰিছিল যদিও ভিলেইনৰ চৰিত্ৰত অভিনয় কৰিহে প্ৰকৃত জনপ্ৰিয়তা অৰ্জন কৰে ৷ খলনায়ক হিচাপে তেওঁ যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল । সেই সময়ত পৰ্দাৰ এই খলনায়কজন বাস্তৱ জীৱনত আৰ্তজনৰ দেৱদূত হৈ পৰিব বুলি কোনেও হয়তো ভবা নাছিল । ছবিৰ এই খলনায়কজন বাস্তৱ জীৱনৰ নায়ক হৈ পৰিল । ২০২০ চনত শ্ৰমিকসকলৰ বাবে নায়ক হিচাপে আত্মপ্ৰকাশ কৰে চনু । কৰ’না কালত তেওঁ সকলো প্ৰকাৰে সহায় কৰিছিল । কেৱল কৰ’না কালতেই নহয় আজিও মানুহে নিজৰ সমস্যা চনুৰ ওচৰলৈ লৈ যায় আৰু চনুৱে তেওঁলোকক সহায় কৰে ।

ভিলেইনৰ চৰিত্ৰৰ অফাৰ পোৱা বন্ধ হ’ল চনুৰ

এটা সাক্ষাৎকাৰত চনুৱে প্ৰকাশ কৰিছিল যে নায়ক ভাবমূৰ্তিৰ পিচত তেওঁ ভিলেইনৰ চৰিত্ৰৰ অফাৰ পোৱা বন্ধ হৈ পৰিল । অভিনেতাজনে কৈছিল যে বাস্তৱ জীৱনৰ নায়কজনক ডাঙৰ পৰ্দাত খলনায়ক হিচাপে কোনেও চাব নিবিচাৰে । এতিয়া উদ্যোগটোৱে মোক নেতিবাচক ভূমিকা নিদিয়ে । অভিনেতাজনে ক’লে যে এই সকলোবোৰ মোৰ বাবে নতুন । আশাকৰোঁ মোৰ বাবে ভাল হ’ব ।

মডেলিঙৰ পিচত অভিনেতা হিচাপে আৰম্ভ কৰিলে কেৰিয়াৰ

চনু সুদে নাগপুৰৰ পৰা ইলেক্ট্ৰনিকছ ইঞ্জিনিয়াৰিং কৰিছিল যদিও পঢ়া-শুনা এৰি মডেলিং আৰম্ভ কৰে । আৰম্ভণিৰে পৰাই চনুৰ ব্যক্তিত্ব আছিল উৎকৃষ্ট । এনে পৰিস্থিতিত মডেলিং কৰাৰ পিচত তেওঁ অভিনয়ৰ দিশত খোজ দিছিল । মুম্বাইলৈ হাতত মাত্ৰ ৫ হাজাৰ টকা লৈ আহিছিল । দক্ষিণ উদ্যোগৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল চনুৱে ।

লগতে পঢ়ক: Sonu Nigam Birthday: চনু নিগমৰ এই পাঁচটা বিতৰ্কিত মন্তব্যই সৃষ্টি কৰিছিল ব্যাপক প্ৰতিক্ৰিয়াৰ, কি এই ৫ টা মন্তব্য ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.