চিটাৰা ডেস্ক, 20 আগষ্ট: বলীউডৰ পৰা আহিছে এটা ভাল খবৰ । অভিনেত্ৰী সোনম কাপুৰ আৰু আনন্দ আহুজাৰ ঘৰলৈ আহিল এটি দেৱশিশু (Sonam Kapoor Anand Ahuja baby) । মাতৃত্বৰ গৌৰৱ লাভ কৰিলে সোনম কাপুৰে (Sonam Kapoor baby news) । ২০ আগষ্টত এটি পুত্ৰ সন্তান জন্ম দিয়ে অভিনেত্ৰীগৰাকীয়ে । এই ভাল খবৰটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছে আলিয়া ভাটৰ শাহু তথা ৰণবীৰ কাপুৰৰ মাতৃ নীতু কাপুৰে ।
নীতু কাপুৰে এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে, সোনম আৰু আনন্দৰ অনুৰাগীসকলৰ বাবে এটা ভাল খবৰ ৷ ২০২২ চনৰ ২০ আগষ্টত সোনমে এটি সুস্থ পুত্ৰ সন্তান জন্ম দিছে আৰু তেওঁলোক অতি সুখী । অভিনেত্ৰীগৰাকীয়ে মাতৃৰ ফালৰ পৰা ককাক-আইতাক অনিল কাপুৰ আৰু সুনীতা কাপুৰকো অভিনন্দন জনাইছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
সোনম কাপুৰ আৰু আনন্দ আহুজাই ভগৱানৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছে । ঘৰলৈ নতুন সদস্যৰ আগমনৰ লগে লগে জীৱনৰ মাত্ৰাই সলনি হৈ পৰিছে । এই সুখবৰটো বিয়পি পৰাৰ লগে লগে গোটেই পৰিয়ালটোতে সুখৰ বন্যা বৈছে আৰু অনিল কাপুৰ পৰিয়ালে বলীউড শুভাকাংক্ষীৰ পৰা লাভ কৰিছে অভিনন্দন ।
সোনম কাপুৰে এই বছৰতে ঘোষণা কৰিছিল তেওঁৰ গৰ্ভধাৰণৰ কথা (Sonam Kapoor baby)৷ ইয়াপ পাছতো কেইবাটাও মেটাৰ্নিটী ফটোশ্বুট কৰিলে অভিনেত্ৰীগৰাকীয়ে ৷ এই Good News টো দি তেওঁ নিজৰ বেবী বাম্পৰ ফটোও শ্বেয়াৰ কৰিছিল ।
ইটিভি ভাৰত চিটাৰা পৰিয়ালৰ তৰফৰ পৰা সোনম আৰু আনন্দলৈ থাকিল অগণন শুভকামনা ৷