ETV Bharat / entertainment

Nick Jonas on Priyanka Chopra: পত্নী প্ৰিয়ংকাক লৈ গৌৰৱান্বিত নিক, পত্নী প্ৰিয়ংকাৰ বিষয়ে ক’লে এই কথা

পত্নী প্ৰিয়ংকা চোপ্ৰাৰ প্ৰশংসাত পঞ্চমুখৰ হোৱা দেখা গ’ল আমেৰিকান গায়ক নিক জ’নাছক । নিকে শেহতীয়াকৈ প্ৰিয়ংকাৰ সৈতে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ফটো (Nick Jonas on Priyanka Chopra)।

author img

By

Published : Mar 12, 2023, 11:47 AM IST

SO PROUD OF MY INCREDIBLE WIFE NICK JONAS PRAISE HIS WIFE PRIYANKA CHOPRA
পত্নী প্ৰিয়ংকাৰ বিষয়ে কি ক’লে নিকে

চিটাৰা ডেস্ক, 12 মাৰ্চ: দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰা আৰু বিদেশী ৰকষ্টাৰ নিক জ’নাছৰ যুটি বিশ্বজুৰি বিখ্যাত । ইগৰাকীয়ে সিগৰাকীৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰাৰ কোনো সুযোগ হাতৰ পৰা যাবলৈ নিদিয়ে নিক-প্ৰিয়ংকাই ৷ লগতে ছ’চিয়েল মিডিয়াত দুয়োৰে ৰোমান্টিক ফটো সময়ে সময়ে পোষ্ট কৰি থকা পৰিলক্ষিত হয় (Nick Jonas on Priyanka Chopra) ৷

শেহতীয়াকৈ পুনৰ নিকে পত্নী প্ৰিয়ংকা চোপ্ৰাক লৈ এটা মৰমলগা পোষ্ট শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত । সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এই পোষ্টটোত নিকে তেওঁৰ গ্ল’বেল ষ্টাৰ পত্নী প্ৰিয়ংকাক বাকী সকলোতকৈ বেলেগ বুলি অভিহিত কৰাৰ লগতে পত্নীক লৈ গৌৰৱ অনুভৱ কৰা বুলিও উল্লেখ কৰে (Nick Jonas post with Priyanka Chopra) ।

প্ৰিয়ংকা চোপ্ৰাই দিলে প্ৰি-অস্কাৰ পাৰ্টি

প্ৰিয়ংকা চোপ্ৰাই শেহতীয়াকৈ আয়োজন কৰিছে প্ৰি-অস্কাৰ পাৰ্টি (Pre Oscars party) ৷ এই অস্কাৰ পাৰ্টিত প্ৰিয়ংকা চোপ্ৰাৰ সৈতে ছবি শ্বেয়াৰ কৰিছিল আমেৰিকান গায়ক নিক জ’নাছে (Oscar 2023) । জানিব পৰা মতে প্ৰিয়ংকাই ৯৫ সংখ্যক অস্কাৰ বঁটাৰ বাবে মনোনীত হোৱা সকলো দক্ষিণ এছিয়াৰ তাৰকাক নিমন্ত্ৰণ কৰিছিল এই পাৰ্টিত । পাৰ্টিত আৰ আৰ আৰ ছবিখনৰ তাৰকা ৰাম চৰণ আৰু জুনিয়ৰ এন টি আৰো উপস্থিত আছিল (Oscar nominees from South Asian countries) ।

মোৰ পত্নী প্ৰিয়ংকাক লৈ গৌৰৱ অনুভৱ কৰো -নিক জ’নাছ

পত্নী প্ৰিয়ংকা চোপ্ৰাৰ সৈতে দুখন ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি নিকে লিখিছে, "মোৰ পত্নীক লৈ মই গৌৰৱান্বিত, অস্কাৰ সপ্তাহৰ সময়ত দক্ষিণ এছিয়াৰ সফলতাক উদযাপনৰ বাবে একেৰাহে দ্বিতীয় বছৰৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে মোৰ পত্নীক লৈ মই গৌৰৱান্বিত ।" নিকে কৰা এই পোষ্টটোৰ পিচতে অনুৰাগীসকলে অভিনন্দন জনায় (Oscars Celebration) ।

উল্লেখ্য যে, শেহতীয়াকৈ নিক জ’নাছে ভাৰতীয় হিপ-হপ গায়ক কিঙৰ ছুপাৰহিট গীত "মান মেৰী জান"ৰ ইংৰাজী সংস্কৰণ মুকলি কৰিছে ৷ এই গীতটি মুকলি কৰাৰ পিচতে অনুৰাগীয়ে নিকক অভূতপূৰ্ব সঁহাৰি জনোৱা পৰিলক্ষিত হয় ৷ একে সময়তে প্ৰিয়ংকা চোপ্ৰাই এই খবৰটো নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে । ২০২২ চনত মুক্তি পোৱা "মান মেৰী জান" গীতটি বৰ্তমানলৈকে ২৮ কোটিতকৈ অধিক দৰ্শন হৈছে ।

লগতে পঢ়ক: Priyanka Chopra's Pre Oscar Party: জনপ্ৰিয় তাৰকাৰে উভৈনদী হৈ পৰিল প্ৰিয়ংকা চোপ্ৰাৰ বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.