চিটাৰা ডেস্ক, 13 জুন: কোৰিয়াৰ টিভি ধাৰাবাহিক ‘স্নোড্ৰপ’ত অভিনয় কৰা অভিনেত্ৰী পাৰ্ক ছু ৰয়ুনৰ দেহাৱসান। খবৰ অনুসৰি যোৱা ১১ জুনত অভিনেত্ৰীগৰাকী নিজা বাসগৃহত যোৱাৰ সময়ত চিৰিৰ পৰা বাগৰি পৰে । পিচত ততাতৈয়াকৈ অভিনেত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ মৃত্যুৰ সময়ত অভিনেত্ৰীগৰাকীৰ বয়স আছিল মাত্ৰ ২৯ বছৰ ৷ ইফালে অভিনেত্ৰীগৰাকীৰ এনে অকাল মৃত্যুৰ বাবে কেৱল কোৰিয়াৰ উদ্যোগটোৱেই নহয়, তেওঁৰ অনুৰাগীসকলো হতবাক হৈ পৰিছে ৷
চিকিৎসকে মগজু মৃত বুলি ঘোষণা কৰে
দুৰ্ঘটনাৰ পিচত যেতিয়া অভিনেত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, তেতিয়া চিকিৎসকে অভিনেত্ৰীগৰাকীক বচাবলৈ আপ্ৰাণ চেষ্টা কৰে । কিন্তু সফল হ’ব নোৱাৰিলে এই চেষ্টাত । আচলতে দুৰ্ঘটনাৰ পিচৰে পৰা অভিনেত্ৰীগৰাকীয়ে কোনো সঁহাৰি দিয়া নাছিল । সেয়াহে চিকিৎসকে মগজু মৃত বুলি ঘোষণা কৰে অভিনেত্ৰীগৰাকীৰ ৷ ইফালে পাৰ্ক ছু ৰয়ুনৰ মৃত্যুৰ পিচত তেওঁৰ পৰিয়ালে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
অংগদানৰ ঘোষণা
এক খবৰ অনুসৰি অভিনেত্ৰীগৰাকীৰ পৰিয়ালে মৃতদেহৰ অংগ দান কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত মাতৃয়ে এটা বিবৃতি জাৰি কৰি কয় যে, "কেৱল মোৰ কন্যাৰ মগজুৱে হে কাম কৰা নাই, কিন্তু মোৰ কন্যাৰ হৃদয়খন এতিয়াও ধপধপাই আছে । গতিকে ছুৰ পিতৃ-মাতৃ হিচাপে আমি এই চিন্তাৰে জীয়াই থাকিব লাগিব যে মোৰ কন্যাৰ হৃদয়খন অন্য় কাৰোবাৰ শৰীৰত ধপধপাই আছে ৷ ’’
কেতিয়া হ’ব পাৰ্ক ছুৰ অন্ত্যেষ্টিক্ৰিয়া
আজি (১৩ জুন) গিয়ংগি প্ৰভিন্সিয়েল মেডিকেল চেণ্টাৰৰ ছুৱেন হাস্পতালত পাৰ্ক ছু ৰয়ুন শেষকৃত্য সম্পন্ন কৰা হ’ব । উল্লেখ্য যে পাৰ্ক ছুৱে ২০১৮ চনত "ইল টেন'ৰ"ৰ জৰিয়তে অভিনয় জগতত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । ইয়াৰ পিচত তেওঁ "ফাইণ্ডিং কিম জং উক", "পাছিং থ্ৰু লাভ", "চিদ্ধাৰ্থ", আৰু "দ্য ডে উই লাভড" আদি বহুতো শ্ব’ত অভিনয় কৰে ।
লগতে পঢ়ক: Sidhu Moose Wala: মাতৃয়ে ক’লে পুত্ৰক পোৱাৰ অনুভৱ, মুছেৱালাৰ জন্মদিনত মাতৃৰ আৱেগিক পোষ্ট