ETV Bharat / entertainment

আজি শেষকৃত্য সম্পন্ন হ’ব কে কেৰ

author img

By

Published : Jun 2, 2022, 12:12 PM IST

Updated : Jun 2, 2022, 2:26 PM IST

আজি মুম্বাইৰ ভাৰ্ছোভাৰ শ্মশানত পঞ্চভূতত বিলীন হ’ব বিশিষ্ট গায়ক কে কে(Singer KK news) । মঙলবাৰে নিশা কলকাতাত আকস্মিক মৃত্যু হৈছিল জনপ্ৰিয় কন্ঠশিল্পীগৰাকীৰ(KK passes away) ৷

KK's funeral today
আজি অন্তিম সংস্কাৰ কৰা হ’ব কে কেৰ

চিটাৰা ডেস্ক, 2 জুন : 'ছোড় আয়ে হম ৱো গলিয়ান' আৰু 'হাম ৰহে য়া না ৰহে কাল'ৰ দৰে গান গাই কোটি কোটি শ্ৰোতাৰ হৃদয়ত স্থান দখল কৰা জনপ্ৰিয় গায়ক কে কেৰ বৃহস্পতিবাৰে মুম্বাইত কৰা হ’ব অন্ত্যেষ্টিক্রিয়া ৷ গায়কজনক মুম্বাইৰ ভাৰ্ছোভা শ্মশানত সম্পূৰ্ণ ৰাজ্যিক সন্মানৰ সৈতে শেষকৃত্য কৰা হ'ব । ইতিমধ্য শিল্ৰপীগৰাকীৰ মৃতদেহ কলকাতাৰ পৰা মুম্বাইস্থিত বাসগৃহলৈ অনা হৈছে ৷ তেওঁৰ আত্মীয়সকল তেওঁৰ অন্তিম দৰ্শনৰ বাবে গোট খাইছে একেলগে (KK news) ।

কলকাতাত এটা সংগীতানুষ্ঠানৰ সময়ত অকস্মাতে অসুস্থ হৈ কে কেৰ মৃত্যু ঘটে (KK singer death) । গায়কজনৰ প্ৰাৰম্ভিক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় বুলি উল্লেখ কৰা হৈছে ।

  • Maharashtra | Mortal remains of singer Krishnakumar Kunnath popularly known as #KK brought to his residence in Mumbai

    The last rites of the singer will be performed in Mumbai today. pic.twitter.com/AL72BfoeUz

    — ANI (@ANI) June 2, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

কে কেৰ মৃত্যুত বলীউডত শোকৰ ছাঁ

কে কেৰ মৃত্যুৰ বাতৰি দেশত বিয়পি পৰাৰ লগে লগে শোকত ম্ৰিয়মাণ হৈ পৰে দেশবাসী । হতাশ হৈ পৰে কে কেৰ অনুৰাগীসকল ৷ অক্ষয় কুমাৰ, কপিল শৰ্মা, প্ৰিয়ংকা চোপ্ৰা, অজয় দেৱগান, ছলমান খানকে ধৰি বহুতো চলচ্চিত্ৰ জগতৰ তাৰকাই গায়কগৰাকীৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে । অভিনেতা ইমৰান হাছমীৰ প্ৰায় প্ৰতিটো গানতে কণ্ঠদান কৰা কে কেৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই অভিনেতাজনে ৷

সমান্তৰালকৈ হিন্দী চলচ্চিত্ৰৰ বহুতো গায়ক আৰু সংগীতজ্ঞ কে কেৰ মৃত্যুত হতবাক হৈ পৰিছে । উদিত নাৰায়ণ, কুমাৰ চানু, অলকা য়াগনিক, চান, সংগীতজ্ঞ ইছমাইল দৰবাৰ, প্ৰীতম, নৃত্য পৰিচালক ফাৰাহ খান আৰু অন্যান্যসকলে গায়কজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

31 মে'ৰ নিশা কে কেয়ে কলকাতাত এক কনচাৰ্টত অনুৰাগীসকলৰ মাজত সম্পূৰ্ণ উৎসাহেৰে গান গাই আছিল (KK last concert)। কনচাৰ্ট অনুষ্ঠিত কৰা হলটো সকলো পিনৰ পৰা বন্ধ আছিল বুলি বাতৰিত প্ৰকাশ পাইছে ৷ তাৰ বাবেই অস্বস্তি অনুভৱ কৰি হলৰ পৰা ওলাই আহিছিল গায়কজন ৷ প্ৰায় 7,000 অনুৰাগীয় উপস্থিত আছিল তাত ৷

  • AC wasn't working at Nazrul Mancha. he performed their and complained abt it bcoz he was sweating so badly..it wasnt an open auditorium. watch it closely u can see the way he was sweating, closed auditorium, over crowded,
    Legend had to go due to authority's negligence.
    Not KK pic.twitter.com/EgwLD7f2hW

    — WE जय (@Omnipresent090) May 31, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

কে কেয়ে এই কনচাৰ্ট হলটোত গৰম অনুভৱ কৰিছিল বুলিও জনাইছিল কৰ্তৃপক্ষক । তাৰ পৰা বহুতো ভিডিঅ' ভাইৰেল হৈছে, য'ত কে কেক কষ্টত থকা দেখিবলৈ পোৱা গৈছিল ৷ তাৰ পিছত চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷

লগতে পঢ়ক: K K viral video: এয়াৰ কণ্ডিচনাৰ-কুলাৰ অবিহনে কনচাৰ্টত ভাগ লৈছিল কে কেই

Last Updated : Jun 2, 2022, 2:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.