ETV Bharat / entertainment

Abhijeet Sawant: পুনৰ লাইমলাইটত ইণ্ডিয়ান আইডলৰ প্ৰথম বিজয়ী অভিজিত সাৱন্ত, কিন্তু কিয় ? - ইণ্ডিয়ান আইডলৰ প্ৰথম বিজয়ী

টিভিৰ ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইডলৰ প্ৰথম বিজয়ী কণ্ঠশিল্পী অভিজিত সাৱন্ত পুনৰ চৰ্চাত ৷ কিন্তু কিয় ? জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Singer Abhijeet Sawant revisits his timeless melody 'Lafzon Mein' in collaboration with Mayur Jumani
ইণ্ডিয়ান আইডলৰ প্ৰথম বিজয়ী কণ্ঠশিল্পী অভিজিত সাৱন্ত পুনৰ চৰ্চাত
author img

By

Published : Aug 9, 2023, 4:32 PM IST

চিটাৰা ডেস্ক, 9 আগষ্ট: ‘ইণ্ডিয়ান আইডল’ৰ ৰিয়েলিটি শ্ব’ৰ প্ৰথম ছিজনৰ বিজয়ী অভিজিত সাৱন্তৰ কথা মনত আছেনে বাৰু ? হয়, এই শ্ব’টোত জয়ী হোৱাৰ পিচতে অভিজিতে মুক্তি দিছিল ‘লাফজো মে’ গীতটি । অভিজিত সাৱন্তে এই গীতটোত যেন ঢালি দিছিল প্ৰাণ ,যাৰ বাবে আজিও গীতটি আগৰ দৰেই সতেজ আৰু শক্তিশালী যেন লাগে । এতিয়া এই গীতটো পুনৰ ৰেকৰ্ড কৰা হ’ব।

২০০৪ চনত আৰম্ভ হৈছিল ছনী টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইডেল । টেলিভিছন জগতৰ এক অনন্য ৰিয়েলিটি শ্ব’ আছিল ইণ্ডিয়ান আইডেল, যাৰ স্মৃতি এতিয়াও মানুহৰ হৃদয়ত সতেজ হৈ আছে। এই ছিজনত জয়ী হোৱাৰ সমান্তৰালকৈ অভিজিত সাৱন্তে ৰাইজৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল ৷ এই শ্ব’টোৰ বিজয়ী হোৱাৰ পিচত আন আন ৰিয়েলিটি শ্ব’ৰ পৰাও অফাৰ পাইছিল অভিজিতে । কিন্তু কিছুসময়ৰ পাচত অভিজিত সাৱন্ত হঠাৎ এই উদ্যোগটোৰ পৰা নাইকিয়া হৈ গ’ল । এতিয়া তেওঁ ক’ত আৰু কি কৰি আছে জানো আহক ।

ক’ত আছে অভিজিত সাৱন্ত ?

বৰ্তমান অভিজিত সাৱন্ত পত্নী আৰু দুগৰাকী কন্যাৰ সৈতে মুম্বাইত থাকে। তেওঁৰ পত্নী শিল্পা সাৱন্ত, যিয়ে অভিজিতৰ সৈতে ষ্টাৰ প্লাছৰ শ্ব’ নাচ বালিয়েত অংশ লৈছিল ।

অভিজিতে এতিয়া কি কৰি আছে ?

অভিজিত সাৱন্তে গোৱাৰ জগতখনক নিজৰ সকলো কৰি লৈছে । যদি আমি তেওঁৰ বৰ্তমানৰ ৱৰ্ক ফ্ৰণ্টৰ কথা কওঁ, তেন্তে তেওঁৰ জনপ্ৰিয় গীত ‘লাফজো মে’ৰ পুনৰ সংস্কৰণৰ পুনৰ লাইমলাইটত আছে তেওঁ । এই গীতটিৰ বাবে তেওঁ ইউটিউবাৰ তথা সংগীত প্ৰযোজক ময়ুৰ জুমণিৰ সৈতে সহযোগিতা আগবঢ়াইছে । গীতটোৰ পুনৰ সংস্কৰণত ময়ুৰে এক বেলেগ বিট সৃষ্টি কৰিছে । নতুন সংস্কৰণটো শুনাৰ পিচত অনুৰাগীসকলৰ মনত পৰে পুৰণি গীতটো ।

অভিজিতৰ এলবামটো আছিল তামান্না ভাটিয়াৰ সৈতে

উল্লেখ্য যে অভিজিতৰ প্ৰথম এলবাম 'আপকা অভিজিত সাৱন্ত'ৰ এটা আইকনিক গীত আছিল 'লাফজো মে'। ই এটা প্ৰেমৰ গীত, য’ত তেওঁৰ লগত আছিল অভিনেত্ৰী তামান্না ভাটিয়া। সমীৰৰ গীতৰ কথা আৰু বিদ্দুৰ সংগীতেৰে এই গীতটোৱে দৰ্শকৰ হৃদয় স্পৰ্শ কৰিছিল ৷ যাৰ বাবে প্ৰায় দুটা দশকৰ পাচতো এই গীতটিৰ ক্ৰেজ শেষ হোৱা নাই ৷

সকলোৰে পৰা অপৰিসীম মৰম লাভ কৰা গীত এটা পুনৰ সৃষ্টি কৰাৰ সুযোগ পাই আপ্লুত হৈ পৰিছে ময়ুৰ জুমনি । কৈলাশ খেৰৰ দৰে সংগীত জগতৰ উল্লেখযোগ্য নামৰ সৈতে সহযোগিতা কৰি ময়ুৰ এই ক্ষেত্ৰত অন্যতম হৈ পৰিছে। ‘লাফজো মে’ৰ নতুন সংস্কৰণটো শুনিলেই স্পষ্ট হয় যে গীতটোৱে অনায়াসে প্ৰজন্মৰ ব্যৱধান দূৰ কৰে আৰু সৰু-বুঢ়া সকলো সংগীতপ্ৰেমীৰ হৃদয় জয় কৰে । এই গীতটোৰ নতুন সংস্কৰণে নৱ প্ৰজন্মক দিব নষ্টালজিক স্মৃতি।

লগতে পঢ়ক: Ranveer Singh In Don 3: অমিতাভৰ পিচত শ্বাহৰুখ, শ্বাহৰুখৰ পিচত এতিয়া ৰণবীৰ সিং, চাওক ডনৰ প্ৰথম লুক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.