ETV Bharat / entertainment

অনুৰাগীয়ে ৰৈ থকা বিয়াখন ন’হবগৈ; সিদ্ধাৰ্থ-কিয়াৰাই শেষ কৰিলে সম্পৰ্ক

বিয়াৰ হৈ চৈৰ মাজতে বলীউডত বলিছে দুখৰ বা ৷ জনপ্ৰিয় যুটি সিদ্ধাৰ্থ-কিয়াৰাৰ ব্ৰেকআপৰ বাতৰিয়ে চৰ্চা লাভ কৰিছে (Sidharth Kiara latest news) ৷ শোকত মৰ্মাহত হৈ পৰিছে দুয়োৰে অনুৰাগী ৷

author img

By

Published : Apr 23, 2022, 7:31 PM IST

Sidharth Malhotra, Kiara Advani
সিদ্ধাৰ্থ কিয়াৰা

চিটাৰা ডেস্ক, 23 এপ্ৰিল : শ্বেৰশ্বাহৰ জনপ্ৰিয় যুটি সিদ্ধাৰ্থ-কিয়াৰাই শেষ কৰিলে প্ৰেমৰ সম্পৰ্ক ৷ কেইবাবছৰ ধৰি প্ৰেমৰ সম্পৰ্কত বান্ধ খাই থকা এই দুই জনপ্ৰিয় তাৰকাই ছেদ কৰিলে ভালপোৱাৰ সম্পৰ্ক ( Sidharth Kiara latest udpates) ৷

সিদ্ধাৰ্থ-কিয়াৰাৰ মাজত থকা সম্পৰ্কই চৰ্চা লাভ কৰি অহা দিন ধৰি এই যুটি অনুৰাগীৰ মাজত জনপ্ৰিয় হৈ পৰে ৷ শেহতীয়াকৈ শ্বেৰশ্বাহ ছবিখনত দুয়োকে একেলগে দেখাৰ পিছত অনুৰাগী সকল বাৰুকৈয়ে তেওঁলোক দুয়োৰে সম্পৰ্কৰ প্ৰেমত পৰে ৷ সিদ্ধাৰ্থ-কিয়াৰাই অৱশ্যে কেতিয়াও এই সম্পৰ্কৰ কথা ৰাজহুৱাকৈ মানি লোৱা নাই ৷

সামাজিক মাধ্যমত আছে দুয়োৰে অসংখ্য অনুৰাগী ৷ তেওঁলোকৰ মাজত প্ৰেমৰ বাতৰিয়ে শিৰোনামা দখল কৰা সময়তে দুয়োকে বহুবাৰ বহু স্থানত প্ৰত্যক্ষ কৰা হৈছিল ৷ খবৰ অনুসৰি দুয়ো বন্ধ উদযাপন কৰিবলৈ ফুৰিবলৈয়ো গৈছিল (Sidharth Kiara relationship) ৷ অধীৰ আগ্ৰহেৰে অনুৰাগী সকল ৰৈ আছিল দুয়োৰে বিয়াৰ খবৰলৈ ৷ পিছে এতিয়া সকলোৰে আশাত চেঁচা পানী পৰিল ৷

বৰ্তমানলৈকে দুয়োৰে সম্পৰ্ক বিচ্ছেদৰ কাৰণ জানিব পৰা হোৱা নাই ৷ শেহতীয়াকৈ দুয়োৰে বিয়াৰ বাতৰিয়ে ব্যাপক চৰ্চা লাভ কৰিছিল সামাজিক মাধ্যমত ৷ তেতিয়াৰ পৰাই দুয়োকে বেলেগ বেলেগকৈ দেখা পোৱা গৈছে বিভিন্ন স্থানত ৷

লগতে পঢ়ক: টেলিভিছন জগতৰ এক চেনচেছন মৌনী ৰয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.