ETV Bharat / entertainment

Sidharth-Kiara wedding: সিদ্ধাৰ্থ-কিয়াৰাই মুম্বাইত আয়োজন কৰিছে এক বিশাল অভ্যৰ্থনাৰ

author img

By

Published : Feb 11, 2023, 12:35 PM IST

Updated : Feb 11, 2023, 2:02 PM IST

12 ফেব্ৰুৱাৰীত চলচ্চিত্ৰ জগতৰ বন্ধুসকলক আতিথ্য প্ৰদান কৰিবলৈ সাজু হৈছে সিদ্ধাৰ্থ মালহোত্ৰ আৰু কিয়াৰা আদৱানী । মুম্বাইত নিশা 8:30 বজাৰ পৰা ছেইণ্ট ৰেজিছ হোটেলত আৰম্ভ হ’ব বিশাল অভ্যৰ্থনা (Sidharth Malhotra Kiara Advani reception details) ।

Sidharth-Kiara
সিদ্ধাৰ্থ-কিয়াৰা

চিটাৰা ডেস্ক, 11 ফেব্ৰুৱাৰী : নৱবিবাহিত দম্পতি সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে যদিও জয়সালমেৰত এক অন্তৰংগ অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয়(Sidharth Malhotra Kiara Advani wedding), তথাপিও কিন্তু মুম্বাইত তেওঁলোকে চলচ্চিত্ৰ উদ্যোগৰ বন্ধুসকলৰ বাবে অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন নকৰাকৈ থকা নাই ৷ জানিব পৰা মতে এক বিশাল আয়োজন চলিছে ৷ সূৰ্যগড় প্ৰাসাদত তেওঁলোকৰ আড়ম্বৰপূৰ্ণ বিবাহৰ পিছত দিল্লীত দৰাৰ বাসগৃহলৈ যোৱা দম্পতীহালে তেওঁলোকৰ "চলচ্চিত্ৰ পৰিয়াল"ৰ বাবে এক বিশাল অভ্যৰ্থনা অনুষ্ঠান ৰাখিছে ।

শনিবাৰে মুম্বাইলৈ যাত্ৰা কৰিব সিদ্ধাৰ্থ আৰু কিয়াৰাই (Sidharth Malhotra Kiara Advani latest news) ৷ দ্বিতীয়টো অভ্যৰ্থনা অনুষ্ঠানত বলীউডৰ চেলেব্ৰিটী সকল উপস্থিত থাকিব । 9 ফেব্ৰুৱাৰীত দিল্লীৰ দ্য লীলা পেলেচত দৰা পৰিয়ালৰ বাবে প্ৰথমটো অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হৈ যায় । 12 ফেব্ৰুৱাৰীত মুম্বাইৰ ছেইণ্ট ৰেজিছ হোটেলত অনুষ্ঠিত হ’ব এই বিবাহৰ দ্বিতীয়টো অভ্যৰ্থনা অনুষ্ঠান (Sid Kiara Mumbai reception date) । অনুষ্ঠানটো নিশা 8:30 বজাৰ পৰা আৰম্ভ হ'ব (Sidharth Malhotra Kiara Advani Mumbai reception)।

আমোদজনকভাৱে এই অনুষ্ঠানৰ নিমন্ত্ৰণী পত্ৰ অনলাইনত ফাদিল হৈছে । এটা ৱেবলয়ডে তেওঁলোকৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত সিদ-কিয়াৰাৰ মুম্বাই অভ্যৰ্থনা অনুষ্ঠানৰ আমন্ত্ৰণী পত্ৰখন শ্বেয়াৰ কৰিছে ৷ আমন্ত্ৰণী পত্ৰখন তাৰ পিছত সকলো ছ’চিয়েল নেটৱৰ্কিং চাইটতে ভাইৰেল হৈ পৰা দেখবলৈ পোৱা গৈছে । কাৰ্ডখনত সিদ্ধাৰ্থ আৰু কিয়াৰাৰ বিয়াৰ হাঁহিমুখীয়া ছবিখন দেখুওৱা হৈছে । ইয়াত তাৰিখ, সময় আৰু স্থানৰ সবিশেষ উল্লেখ কৰা হৈছে ।

এই অভ্যৰ্থনা অনুষ্ঠানত বলীউডৰ বহু তাৰকা আৰু উদ্যোগপতি উপস্থিত থকাৰ সম্ভাৱনা আছে । এই অনুষ্ঠানত কৰণ জোহৰ, শ্বাহিদ কাপুৰ, মনীষ মালহোত্ৰা, শ্বাহৰুখ খান, বৰুণ ধৱন, অক্ষয় কুমাৰ, পৰিণীতি চোপ্ৰা, জুহি চাওলা, অনিল কাপুৰ, অজয় দেৱগণ আৰু ৰাকুল প্ৰীত সিং আদি প্ৰায় সংখ্যক তাৰকাই উপস্থিত থকাৰ সম্ভাৱনা আছে ।

সিদ্ধাৰ্থ আৰু কিয়াৰাই বিবাহপাশত আৱদ্ধ হোৱাৰ আগতে কেইবছৰমান ডেট কৰিছিল । অৱশ্যে, তেওঁলোকে সদায়ে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে কোনোদিন মুকলিকৈ প্ৰকাশ কৰা নাছিল । 2021 চনত মুক্তি লাভ কৰা তেওঁলোকৰ ছবি শ্বেৰশ্বাহৰ দৃশ্যগ্ৰহণৰ সময়ত দুয়ো স্পষ্টভাৱে প্ৰেমত পৰিছিল ।

(এজেন্সীৰ ইনপুটৰ সৈতে)

লগতে পঢ়ক : Sid Kiara wedding video: বৰমালা পিন্ধোৱাৰ পিছত সিদ্ধাৰ্থ-কিয়াৰাৰ ৰোমাণ্টিক মুহূৰ্তৰ ভিডিঅ’ চাওক

Last Updated : Feb 11, 2023, 2:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.