চিটাৰা ডেস্ক, 27 জানুৱাৰী : জীৱনৰ আৰু এটা বছৰ অতিক্ৰম কৰিলে জনপ্ৰিয় চেলেব্ৰিটী শ্বেহনাজ গীলে ৷ শুকুৰবাৰে শ্বেহনাজ গীলে মৰম আৰু সুখৰ মাজেৰে সম্পূৰ্ণ কৰিলে 29 বছৰ (Shehnaaz Gill age) ৷ নিজৰ বিশেষ দিনটোত শ্বেহনাজে তেওঁৰ অনুৰাগীসকলৰ সৈতে এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰিছিল (Shehnaaz Gill instagram) যিয়ে তেওঁৰ জন্মদিন উদযাপনৰ এক আভাস দিছিল । শ্বেহনাজে শ্বেয়াৰ কৰা ভিডিঅ’টোত তেওঁক হোটেলত দেখা গৈছে ৷ হোটেলত তেওঁৰ সৈতে তেওঁৰ দল, পৰিয়াল আৰু বন্ধু-বৰ্গৰ উপস্থিত দুটামান কেক কাটি থকা দেখা গৈছিল ।
- " class="align-text-top noRightClick twitterSection" data="
">
অভিনেতা বৰুণ শৰ্মাকো হোটেলত জন্মদিন উদযাপন কৰা দেখা গৈছিল । কেক কটাৰ সময়ত শ্বেহনাজে তেওঁৰ বাবে চৌপাশৰ মানুহে গোৱা জন্মদিনৰ গীতটোৰ সুৰত হাঁহিছিল আৰু নাচিছিল ৷ ছপা চেলোৱাৰ কুৰ্তা পিন্ধা শ্বেহনাজক আগৰ দৰেই ধুনীয়া দেখা গৈছিল । ফূৰ্তিৰে গীলে ভায়েক শ্বেহবাজৰ মুখত কেক লগাইছিল আৰু সিও একে কাম কৰিবলৈ চেষ্টা কৰাৰ সময়ত তাৰ লগত অলপ ঠাট্টা-মস্কৰা কৰিছিল ।
কেক কটাৰ আগমুহূৰ্তত মম নুমুওৱাৰ সময়ত শ্বেহনাজৰ বন্ধুৱে তেওঁক "এটা কামনা কৰক" বুলি কওতে তাৰ উত্তৰত তাৰকাগৰাকীয়ে স্পষ্টভাৱে কয়, "মেইন উইচ নেহি মাংগতি..." ৷ ভিডিঅ'টোৰ অন্তত শ্বেহনাজে কয়, "হেপ্পী বাৰ্থডে টু মি"! গোটেই ভিডিঅ'টো চাই সকলোৱে যথেষ্ট ফূৰ্তি কৰা যেন অনুমান হয় । ভিডিঅ'টোৰ কেপছনত লিখা আছে, "এ ইয়েৰ অ’ল্ডাৰ... হেপ্পী বাৰ্থডে টু মি ! #ধন্য #কৃতজ্ঞতা"।
- " class="align-text-top noRightClick twitterSection" data="
">
শ্বেহনাজ গীল বৰ্তমান ছ’চিয়েল মিডিয়াত প্ৰায়েই চৰ্চাত থকা এটা নাম ৷ পাঞ্জাবী সংগীত আৰু চলচ্চিত্ৰ জগতত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল শ্বেহনাজে আৰু বিগ বছ 13 ত অংশ গ্ৰহণ কৰাৰ পাছত খ্যাতি অৰ্জন কৰিছিল । ছাজিদ খানৰ 100% ছবি খনত দেখা যাব তাৰকা গৰাকীক । জন আব্ৰাহাম, ৰিতেশ দেশমুখ আৰু নোৰা ফাতেহীও এই পৰিয়াল মনোৰঞ্জনকাৰী ছবিখনৰ অংশ ।
সংগীতৰ কথা ক’বলৈ গ’লে শেহতীয়াকৈ গুৰু ৰন্ধাৱাৰ সৈতে সহযোগিতা কৰি গোৱা মুন ৰাইজ গীতটোৰে ইণ্টাৰনেটত খলকনিৰ সৃষ্টি কৰিছিল । যোৱা বছৰ মুক্তি পোৱা গীতটোৰ অডিঅ’ সংস্কৰণে শ্ৰোতাৰ পৰা অপৰিসীম মৰম লাভ কৰিছিল আৰু এতিয়া মিউজিক ভিডিঅ’টো মুকলি হোৱাৰ লগে লগে আটাইতকৈ ডাঙৰ হাইলাইটটো হ’ল নিঃসন্দেহে গুৰু আৰু শ্বেহনাজৰ মাজৰ বৈদ্যুতিক আৰু কৌতুকপূৰ্ণ কেমেষ্ট্ৰী ।
লগতে পঢ়ক : পদ্ম বঁটা বিজয়ী এম এম কিৰাভানীয়ে নিজকে গৌৰৱান্বিত পিতৃ হিচাপে অনুভৱ কৰিছে