ETV Bharat / entertainment

Shehnaaz Gill latest video: ‘পিণ্ড কি কুড়ী’ ৰূপত শ্বেহনাজ

শ্বেহনাজ গীল বৰ্তমান আছে গৈ পাঞ্জাৱত ৷ পাঞ্জাৱৰ পথাৰত আপোন পাহৰা হৈ ঘূৰি-ফুৰা শ্বেহনাজে অনুৰাগীক দিছে 'DDLJ' ৰ স্বাদ ৷ ইনষ্টাগ্ৰামত অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰা ভিডিঅ’টো জনপ্ৰিয় হৈ পৰিছে সামাজিক মাধ্যমত (Shehnaaz Gill latest video) ৷

author img

By

Published : Apr 7, 2022, 2:23 PM IST

Shehnaaz Gil
‘পিণ্ড কি কুড়ী’

চিটাৰা ডেস্ক,7 এপ্ৰিল : পাঞ্জাৱৰ গৃহচহৰত নিজৰ পৰিয়ালৰে সৈতে সুন্দৰ সময় অতিবাহিত কৰিছে গায়িকা অভিনেত্ৰী শ্বেহনাজ গীলে (Shehnaaz Kaur Gill) ৷ নিজৰ গৃহ চহৰৰ খেতিপথাৰৰ মাজে মাজে চহা জীৱনৰ আমেজ লৈছে তাৰকা গৰাকীয়ে ৷

চেলৱাৰ কামিজ পৰিধান কৰি পাঞ্জাৱৰ খেতিত ঘূৰি ফুৰা শ্বেহনাজৰ শেহতীয়া ভিডিঅ’টোত অনুৰাগীয়ে বিচাৰি পাইছে 'DDLJ' ৰ অনুভৱ (Shehnaaz Gill latest video) ৷ বুধবাৰে শ্বেহনাজে নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল এই ভিডিঅ’টো (Shehnaaz Gill instagram) ৷

ভিডিঅ’টোত শ্বেহনাজক ট্ৰেক্টৰ এখনৰ ওপৰত বহি থকা দেখা গৈছে ৷ বেঙুনীয়া আৰু গুলপীয়া ৰঙৰ মিশ্ৰণ থকা এযোৰ চেলৱাৰ কামিজত হাঁহিমুখে থকা শ্বেহনাজক দেখি আনন্দিত হৈ পৰিছে অনুৰাগীসকল ৷ ভিডিঅ’টোত ট্ৰেক্টৰ খনৰ পৰা নামি পথাৰলৈ দৌৰি যোৱা দৃশ্যাংশ এটিও আছে যি দেখি কোনো বোলছবিৰ শ্বুটিং যেন অনুভৱ হয় (Shehnaaz Gill latest updates) ৷ চাওক ভিডিঅ’টো-

শ্বেহনাজৰ সৰলতাই তেওঁৰ জনপ্ৰিয়তাৰ মুখ্য কাৰণ ৷ অতি কম বয়সতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা শ্বেহনাজৰ অনুৰাগী সদায় তেওঁৰ হকে যিকোনো পৰিস্থিতিতে মাত দিবলৈ প্ৰস্তুত থাকে ৷ প্ৰেমিক বন্ধু সিদ্ধাৰ্থ শুক্লাক অকস্মাতে হেৰুৱাই ভাগি পৰা শ্বেহনাজক সেয়ে সুখত দেখিলে সুখী হৈ পৰে অনুৰাগীসকল ৷

লগতে পঢ়ক: Grammy awards 2022: ভাৰতীয়-আমেৰিকান গায়িকা ফাল্গুনী শ্বাহলৈ গ্ৰেমি বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.