ETV Bharat / entertainment

Jawan Trailer Release: অন্ত পৰিল অনুৰাগীৰ অপেক্ষাৰ ! জৱানৰ ট্ৰেইলাৰৰ সন্দৰ্ভত ডাঙৰ খবৰ

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 11:36 AM IST

Updated : Aug 28, 2023, 11:44 AM IST

চৰ্চালৈ আহিছে শ্বাহৰুখ খানৰ আগন্তুক ছবি ‘জৱান’ৰ ট্ৰেইলাৰৰ তাৰিখ । কিং খানৰ হাই একচন থ্ৰিলাৰ ছবিখনৰ ট্ৰেইলাৰ কেতিয়া মুক্তি জানক এই প্ৰতিবেদনত ৷

Shah Rukh Khan's Jawan trailer To Be Out Today
জৱানৰ ট্ৰেইলাৰ

চিটাৰা ডেস্ক, ২৮ আগষ্ট: শ্বাহৰুখ খান আৰু এটলী কুমাৰ তপৰিচালিত বলীউডৰ আগন্তুক ছবি ‘জৱান’ ছবিগৃহত মুক্তিৰ মাজত আছে মাত্ৰ দুসপ্তাহ । ছবিখনৰ লগতে ট্ৰেইলাৰৰ বাবেও অনুৰাগীসকল অতি আগ্ৰহী হৈ আছে । অনুৰাগীৰ ক্ৰেজ দেখি নিৰ্মাতাসকলে ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ কথা প্ৰকাশ কৰিছে । আজি মুক্তি পাব কিং খানৰ আগন্তুক হাই একচন থ্ৰিলাৰ ছবিখনৰ ট্ৰেইলাৰ ।

শ্বাহৰুখ খানৰ ছবি জৱানৰ ট্ৰেইলাৰক লৈ শেহতীয়াকৈ বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল । অনুৰাগীসকলে হেচটেগ ট্ৰেণ্ড কৰি ট্ৰেইলাৰ লঞ্চত পলম হোৱাৰ বাবে হতাশা প্ৰকাশ কৰিছিল । এতিয়া যেন অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিব ৷ অৱশেষত সেই দিন আহিল যেতিয়া অনুৰাগীয়ে ছবিখনৰ ট্ৰেইলাৰ চাব পাৰিব । আজি মুক্তি পাব ছবিখনৰ ট্ৰেইলাৰ । হয়, ২৮ আগষ্ট সোমবাৰে মুক্তি পাব জৱানৰ ট্ৰেইলাৰ ।

মুক্তিৰ পূর্বে কৰণ জোহৰে চালে জৱানৰ ট্ৰেইলাৰ ! ইফালে চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ এটা পোষ্টে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । কৰণে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা ৰহস্যময় পোষ্ট শ্বেয়াৰ কৰি কেপচনত লিখিছে, ‘মই মাত্ৰ চেঞ্চুৰীৰ ট্ৰেইলাৰ দেখিলোঁ ।’ ছবি নিৰ্মাতাগৰাকীয়ে ইয়াক iykyk হেচটেগৰ সৈতে জড়িত কৰিছে ৷ ছবি নিৰ্মাতাগৰাকীয়ে এই পোষ্টটো শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পিচতে অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত জল্পনা-কল্পনা কৰিবলৈ আৰম্ভ কৰে যে কৰণে জৱানৰ ট্ৰেইলাৰটো ইতিমধ্যেই চাইছে ।

উল্লেখ্য যে, ছবিখনত আছে কিং খানৰ উপৰিও আছে টলীউডৰ সুন্দৰ অভিনেত্ৰী নয়নতৰা, পাৱাৰপেকৰ তাৰকা বিজয় ছেঠুপথি, দীপিকা পাডুকন, সঞ্জয় দত্ত আদি । ছবিখনত দীপিকাক দেখা যাব কেমিঅ’ ৰ’লত । কিং খানৰ অভিনীত হাই একচন থ্ৰিলাৰ ছবিখনত শ্বাহৰুখ খানক নতুন অৱতাৰত দেখুওৱাৰ প্ৰতিশ্ৰুতি দিছে । ছবিখনত কিং খানক দুটা বা তিনিটা নহয় পাঁচটা ৰূপত দেখা পোৱা যাব ৷ শেহতীয়াকৈ কিং খানে ছবিখনৰ পৰা মোচন পিকচাৰ মুকলি কৰি এই তথ্য শ্বেয়াৰ কৰিছিল ৷ এতিয়া কিং খানৰ এই ছবিখনে পাঠানক অভিলেখ ভংগ কৰিব পাৰিব নে নাই সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: Jawan Advance Booking: ভাৰতত ১৫ মিনিটত বিক্ৰী হৈ গ’ল জৱানৰ টিকট; ক’ত মুকলি হৈছে এডভান্স বুকিং ?

Last Updated : Aug 28, 2023, 11:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.