ETV Bharat / entertainment

Shah Rukh Khan: জৱানৰ বাবে কিয় টকলা হ’ল শ্বাহৰুখ খান ? অনুৰাগীৰ প্ৰশ্নত কিং খালে দিলে উত্তৰ

author img

By

Published : Aug 10, 2023, 6:34 PM IST

জৱানৰ প্ৰিভিউ মুকলি হোৱাৰ পিছৰে পৰা শ্বাহৰুখ খানৰ টকলা লুকটো বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। এতিয়া এজন অনুৰাগীয়ে তেওঁক সুধিলে- আপুনি কিয় টকলা হ’বলগীয়া হ’ল । অনুৰাগীৰ প্ৰশ্নত উত্তৰ দিলে অভিনেতাগৰাকীয়ে ।

Shah Rukh Khan Was Asked By A Fan, "Why Did You Go Bald, What Happened?" His Reply Is Gold
শ্বাহৰুখ খানৰ টকলা লুকটো বাতৰিৰ শিৰোনাম দখল কৰিছে

চিটাৰা ডেস্ক, 10 আগষ্ট: পাঠান মুক্তিৰ পূৰ্বে শ্বাহৰুখ খানে টুইটাৰত অবিৰতভাৱে ASK SRK চেচন কৰি থকা দেখা গৈছিল, যাতে অনুৰাগীৰ সৈতে তেওঁৰ প্ৰত্যক্ষভাৱে জড়িত হৈ থাকিব পাৰে । একে সময়তে জৱান ছবিখনৰ পূৰ্বেও একেটা চেষ্টাই কৰিছে শ্বাহৰুখ খানে ৷ অভিনেতাগৰাকীয়ে প্ৰায়ে টুইটাৰৰ জৰিয়তে অনুৰাগীৰ সৈতে সংযোগ স্থাপন কৰে আৰু প্ৰত্যক্ষভাৱে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰো দিয়ে। বৃহস্পতিবাৰে পুনৰ টুইটাৰত ASK SRK চেচন ৰাখিলে কিং খানে । প্ৰত্যেক বাৰৰ দৰে এইবাৰো তেওঁ অনুৰাগীৰ বহু প্ৰশ্নৰ উত্তৰ দিয়ে ।

এজন ইউজাৰে শ্বাহৰুখ খানক সুধিলে- কি হ’ল পাজী, আপুনি কিয় টকলা হৈছিল ? এই প্ৰশ্নৰ উত্তৰত কিং খানে কয়, "ঘৰৰ বাহিৰত শিলাবৃষ্টি হৈ আছে..ভাবিলো মই টকলা হৈ যাও আৰু সম্পূৰ্ণৰূপে শিলাবৃষ্টি উপভোগ কৰিম।" শ্বাহৰুখে এনে বহু প্ৰশ্নৰ উত্তৰ দিছে অনুৰাগীৰ।

এজন ব্যৱহাৰকাৰীয়ে শ্বাহৰুখক ক’লে যে ছাৰ, আপুনি এনেকুৱা এটা কথা ক’ব পাৰিব নে যিটো আপোনাৰ ছবিখন চোৱাৰ পিছত দৰ্শকে শিকিব পাৰিব । এই সন্দৰ্ভত কিং খানে কয়- চিনেমাখনত মহিলা সবলীকৰণক শক্তিশালীভাৱে উপস্থাপন কৰা হৈছে। তেওঁলোকক কেনেকৈ সন্মান কৰিব লাগে আৰু তেওঁলোকৰ পক্ষত থিয় দিব লাগে এই কথা এই ছবিখনৰ পৰা শিকিব পৰা যাব ।

দক্ষিণৰ অনুৰাগীৰ বাবে কি ক’লে এছ আৰ কে ?

তাৎপৰ্যপূৰ্ণভাৱে জৱানক পৰিচালনা কৰিছে দক্ষিণ ছবিৰ জনপ্ৰিয় পৰিচালক এটলীয়ে। একে সময়তে ইয়াত দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ ছুপাৰষ্টাৰ বিজয় ছেঠুপতি আৰু নয়ন্তৰাৰ দৰে অভিনেত্ৰীকো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব । ইফালে ASK চেচনৰ সময়ত এজন ব্যৱহাৰকাৰীয়ে শ্বাহৰুখক সুধিলে যে তেওঁ নিজৰ দক্ষিণৰ অনুৰাগীসকলক কি ক’ব বিচাৰে । শ্বাহৰুখে তেতিয়া কয় যে জৱানৰ জৰিয়তে দক্ষিণৰ অনুৰাগীসকলৰ হৃদয়ত কিছু ঠাই উলিয়াব পাৰিব বুলি আশা কৰিছে ।

অৱশ্যে যদি আমি জৱানৰ কথা কওঁ, তেন্তে শ্বাহৰুখ খান, বিজয় ছেঠুপতি আৰু নয়ন্তৰাৰ বাহিৰেও বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনকো দেখা যাব ছবিখনত । ছবিখনত দীপিকাক কেমিঅ’ ৰ’লত দেখা যাব। ছবিখনৰ টিজাৰ আৰু প্ৰিভিউ মুকলি কৰিছে নিৰ্মাতাসকলে । এতিয়া অনুৰাগীসকলে অপেক্ষা কৰি আছে ছবিখনৰ ট্ৰেইলাৰৰ বাবে। ছবিখনৰ এটি গীত জিন্দা বান্দা ইতিমধ্যেই মুক্তি পাইছে। উল্লেখ্য যে, ৭ ছেপ্টেম্বৰত মুক্তি পোৱাৰ কথা আছে জৱান ।

লগতে পঢ়ক: Ranveer Singh In Don 3: অমিতাভৰ পিচত শ্বাহৰুখ, শ্বাহৰুখৰ পিচত এতিয়া ৰণবীৰ সিং, চাওক ডনৰ প্ৰথম লুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.