চিটাৰা ডেস্ক, 14 ফেব্ৰুৱাৰী : বলীউডৰ ‘বাদশ্বাহ’ আৰু ‘কিং অৱ ৰোমাঞ্চ’ শ্বাহৰুখ খান ভাৰতীয় চলচ্চিত্ৰ জগতৰ আটাইতকৈ বেছি ৰোমান্টিক ছবিত অভিনয় কৰা চুপাৰষ্টাৰ । শ্বাহৰুখ খানে প্ৰকৃত জীৱনতো সৃষ্টি কৰিছে এক স্মৰণীয় আৰু আকৰ্ষণীয় প্ৰেম কাহিনী । শ্বাহৰুখে বহু কষ্ট কৰিহে গৌৰী খানক নিজৰ কৰি ল’ব পাৰিছে ৷ তেওঁৰ অনুৰাগীসকল এই বিষয়ে ভালদৰেই অৱগত । এই কাৰণেই চাগে শ্বাহৰুখে পৰ্দাত প্ৰেমৰ সংজ্ঞা খুব ভালদৰে বুজি পায় উপস্থাপন কৰিব পাৰে ।
শ্বাহৰুখে চলচ্চিত্ৰ জগতত ইখনৰ পিছত সিখনকৈ হিট ৰোমান্টিক ছবি দিছে । এতিয়া ভেলেণ্টাইন ডে’ উপলক্ষে শ্বাহৰুখ খানে গৌৰী খানৰ সৈতে তেওঁৰ প্ৰেম জীৱনৰ সৈতে জড়িত এক বিশেষ আমোদজনক কথাৰ প্ৰকাশ কৰিছে । 34 বছৰ পূৰ্বে ভেলেণ্টাইন ডে’ত গৌৰী খানক দিয়া উপহাৰৰ কথা জনাইছে শ্বাহৰুখ খানে ।
-
If I remember correctly it’s been what 34 years now….a pair of pink plastic earrings I think… https://t.co/pRY2jxl41B
— Shah Rukh Khan (@iamsrk) February 14, 2023 " class="align-text-top noRightClick twitterSection" data="
">If I remember correctly it’s been what 34 years now….a pair of pink plastic earrings I think… https://t.co/pRY2jxl41B
— Shah Rukh Khan (@iamsrk) February 14, 2023If I remember correctly it’s been what 34 years now….a pair of pink plastic earrings I think… https://t.co/pRY2jxl41B
— Shah Rukh Khan (@iamsrk) February 14, 2023
আপোনালোকক জনাওঁ, শ্বাহৰুখ খানে আকৌ এবাৰ টুইটাৰত AskSRK অধিবেশনত নিজৰ অনুৰাগীৰ সৈতে সংযোগ স্থাপন কৰিছিল (Shah Rukh Khan twitter) । ইয়াত ‘কিং খান’ৰ এজন অনুৰাগীয়ে তেওঁক সুধিলে যে, আপুনি গৌৰী মেমক দিয়া প্ৰথমটো ভেলেণ্টাইন ডে’ উপহাৰ কি আছিল ? তেওঁৰ এই অনুৰাগীৰ উত্তৰত শ্বাহৰুখ খানে মুকলিকৈ কয়, ‘‘যিমান মনত আছে, 34 বছৰ হ’ল, হয়তো গোলাপী ৰঙৰ প্লাষ্টিকৰ কাণফুলি দিয়া হৈছিল’’ ।
শ্বাহৰুখ গৌৰীৰ বিয়া কেতিয়া হৈছিল ?
জনাওঁ যে দিল্লীত গৌৰীক দেখাৰ পিছত শ্বাহৰুখ খান গৌৰীৰ প্ৰেমত মতলীয়া হৈ পৰিছিল । এটা পাৰ্টীত প্ৰথম দেখোতেই গৌৰী খানৰ প্ৰেমত পৰিছিল শ্বাহৰুখ খান । শ্বাহৰুখে সেই সময়তেই ভাবি লৈছিল যে এতিয়া গৌৰীয়েই তেওঁৰ জীৱনৰ প্ৰথম আৰু শেষ নাৰী হ’ব । গৌৰী খানক পাবলৈ শ্বাহৰুখে বহুত কষ্ট কৰিবলগীয়া হৈছিল । আনকি গৌৰীৰ পিছ পিছে মুম্বাইলৈও গৈছিল তেওঁ । সেই সময়ত শ্বাহৰুখ বন্ধুৰ পৰা টকা ধাৰলৈ লৈ মুম্বাইলৈ আহিছিল ।
শ্বাহৰুখ খানে দেহে কেহে খাতি গৌৰীক পতিয়ন নিয়াইছিল আৰু তাৰ পিছত প্ৰথম ভেলেণ্টাইন ডে’ত (আজিৰ পৰা 34 বছৰ আগতে) গোলাপী ৰঙৰ কাণফুলি ৰূপত এটি মৰমলগা উপহাৰ উপহাৰ দিছিল । ইয়াৰ দুবছৰৰ পাছত 1991 চনত (25 অক্টোবৰ) গৌৰী ছিব্বৰক বিয়া কৰাই গৌৰী খান নামেৰে ঘৰলৈ লৈ যায় (Shah Rukh Khan and Gauri khan)।
বিয়াৰ পিছতহে শ্বাহৰুখ খানে বলীউডত নিজৰ ভাগ্য পৰীক্ষা কৰি প্ৰথমখন ছবি দীৱানা (25 জুন, 1992)ৰ জৰিয়তে হিন্দী চলচ্চিত্ৰ জগতত খলকনি তুলিছিল । আজি এই দম্পতী তিনিটাকৈ সন্তানৰ পিতৃ-মাতৃ ৷ আৰিয়ান, সুহানা আৰু আব্ৰামৰে সৈতে পাঁচজনীয়া সুখৰ সংসাৰ শ্বাহৰুখৰ ।
লগতে পঢ়ক : Salman khan latest news: ইচ্ছানুসাৰি অবিবাহিত হৈ থকা নাই ছলমান খান !