ETV Bharat / entertainment

Jawan Trailer: কিং খানৰ অনুৰাগীৰ বাবে সুখবৰ ! অৱশেষত মুকলি হ’ল জৱানৰ বহু প্ৰত্যাশিত ট্ৰেইলাৰ

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 12:16 PM IST

Updated : Aug 31, 2023, 12:47 PM IST

শ্বাহৰুখ খানৰ ছবি জৱান মুক্তিৰ বাবে এতিয়াও প্ৰায় এসপ্তাহ বাকী আছে যদিও অনুৰাগীসকলে ছবিখনৰ ট্ৰেইলাৰৰ বাবে যথেষ্ট আগ্ৰহী হৈ পৰিছিল ৷ কিন্তু এতিয়া অন্ত পৰিল অপেক্ষাৰ ৷ মুকলি হ’ল ট্ৰেইলাৰ ৷

Shah rukh khan movie Jawan trailer may release today Fans Go Crazy for Jawan trailer
জৱানৰ ট্ৰেইলাৰ

চিটাৰা ডেস্ক, 31 আগষ্ট: বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান বিগত সময় ধৰি ট্ৰেণ্ডিঙত আছে আগন্তুক ছবি জৱানকলৈ ৷ জৱানৰ বাবে অনুৰাগীৰ ক্ৰেজ দেখা পোৱা গৈছে ছ’চিয়েল মিডিয়াত ৷ দৈনিক টুইটাৰত ট্ৰেণ্ড কৰিছে জৱান ৷ এতিয়ালৈকে ছবিখনৰ পৰা তিনিটা গীত মুকলি হৈছে আৰু এই গীতসমূহে অতি কম সময়ৰ ভিতৰত লাভ কৰিছে মিলিয়ন মিলিয়ন ভিউজ ৷

অৱশ্যে এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে জৱান ছবিগৃহত মুক্তিৰ মাজত আছে মাত্ৰ এসপ্তাহ ৷ কিন্তু এই পৰ্যন্ত ৰিলিজ হোৱা নাছিল ছবিখনৰ ট্ৰেইলাৰ ৷ হয়, এয়া আশ্চৰ্যজনক হ’লেও ক’বলগীয়া একো নাই ৷ কাৰণ এয়া কিং খানৰ ছবি ৷ গতিকে অনুৰাগীয়ে কিছু অপেক্ষা নিশ্চয় কৰিব লগা হৈছে ৷

কিন্তু এতিয়া অন্ত পৰিল অপেক্ষা ৷ কাৰণ মুকলি হ’ল জৱানৰ বহু প্ৰত্যাশিত ট্ৰেইলাৰ ৷ ট্ৰেইলাৰত শ্বাহৰুখৰ কেইবাটাও ৰূপ দেখা গৈছে ৷ ভিলেইনৰ পৰা হিৰোলৈকে সকলো ৰূপতে দেখা পোৱা গৈছে কিং খানক ৷

৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব জৱান ৷ কিন্তু শ্বাহৰুখৰ অনুৰাগীৰ মাজত ছবিখনক লৈ ইমানেই উন্মাদনা দেখা গৈছে যে আমেৰিকাতো টিকটৰ এডভান্স বুকিং ভালদৰে কৰা হৈছে । যি নহওক, যেতিয়া অনুৰাগীসকল ট্ৰেইলাৰটোক লৈ ইমানেই ক্ৰেজি হ’ব, তেতিয়া স্পষ্টভাৱে ছবিখন সফল হ’ব বুলি ক’ব পাৰি ৷ অৱশ্যে সেয়া সময়ে হে ক’ব ৷ ইফালে খোদ শ্বাহৰুখ খানে অনুৰাগীক কিস্তি কিস্তিয়ে জৱানৰ উপহাৰ দি আছে, কেতিয়াবা যদি পোষ্টাৰৰ জৰিয়তে আৰু কেতিয়াবা গীতৰ জৰিয়তে ।

  • " class="align-text-top noRightClick twitterSection" data="">

শিশু হওক বা প্ৰাপ্তবয়স্ক, ছ’চিয়েল মিডিয়াত দেখা গৈছে জৱানক লৈ উন্মাদনা । ৰাইজে জৱানৰ গীতত নৃত্য পৰিৱেশন কৰি ট্ৰেইলাৰৰ বাবে অপেক্ষা কৰি আছে। অনুৰাগীৰ উন্মাদনা দেখি এনে লাগে যেন ট্ৰেইলাৰৰ বাবেই এই অৱস্থা হৈছে, তেতিয়াহ’লে যেতিয়া ছবিগৃহত ছবিখন মুক্তি পাব তেতিয়া কি হ’ব ৷

এই ছবিখনত প্ৰথমবাৰৰ বাবে দক্ষিণৰ অভিনেত্ৰী নয়ন্তৰাৰ সৈতে শ্বাহৰুখ খানক দেখা যাব, আনহাতে দীপিকা পাডুকনক কেমিঅ’ চৰিত্ৰতো দেখা যাব । প্ৰথমবাৰৰ বাবে শ্বাহৰুখৰ ছবি পৰিচালনা কৰিছে এটলীয়ে ।

লগতে পঢ়ক: Jawan pre-release event LIVE updates: জৱানৰ প্ৰি-ৰিলিজ ইভেণ্টৰ বাবে চেন্নাইত উপস্থিত কিং খান, অনুৰাগীয়ে কিং খানক জনালে উষ্ম আদৰণি

Last Updated : Aug 31, 2023, 12:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.