চিটাৰা ডেস্ক, 16 ফেব্ৰুৱাৰী : বলীউডত সম্পৰ্কৰ ক্ষেত্ৰত ইমানেই সঘনাই উত্থান-পতন হয় যে কেতিয়াবা এনেকুৱা অনুভৱ হয় যেন এই জগতৰ সৈতে জড়িত লোকসকলৰ সম্পৰ্কবোৰ ক্ষণস্থায়ী আৰু সেইমতে মানুহৰ অনুভৱবোৰো ৷ কিন্তু বাহিৰৰ পৰা দেখিবলৈ যেনেকুৱা কথাটো আচলতে সম্পূৰ্ণ তেনেকুৱা নহয় ৷ বলীউডত এতিয়াও এনে বহু লোক আছে, এনে বহুত সম্পৰ্ক আছে যিয়ে মানুহক প্ৰকৃত সম্পৰ্ক, প্ৰকৃত বন্ধুত্বত বিশ্বাস কৰিবলৈ বাধ্য কৰে ৷
সম্পৰ্ক ধৰি ৰখাৰ ক্ষেত্ৰত সততেই সকলোৰে মনলৈ আহে শ্বাহৰুখৰ নাম ৷ ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি পেছাগত জীৱনলৈকে সকলোৰে সৈতে সুন্দৰ সম্পৰ্ক বজাই ৰাখিছে এইজন অভিনেতাই (DDLJ SRK Kajol) ৷ বহুতে ক’ব বিচাৰে পৰ্দাত তেওঁৰ যি অভিনয়, সেইয়া লাগিলে খং, ৰাগ, অভিমান যিয়েই নহওক কিয় প্ৰকৃত জীৱনতো ঠিক তেনেকুৱাই শ্বাহৰুখ ৷
বলীউডৰ কিং অৱ্ ৰোমাঞ্চ বুলি জনা যায় শ্বাহৰুখ খানক (Shah Rukh Khan king of romance) ৷ আপোনালোকে জানেনে শ্বাহৰুখে পত্নী গৌৰীক পাবলৈ বহুত কষ্ট কৰিছিল ৷ প্ৰথম দেখোতেই গৌৰীকেই জীৱনসংগী কৰি ল’ব বুলি শ্বাহৰুখ গৌৰীৰ পিছে পিছে মুম্বাই পাইছিলগৈ ৷ প্ৰকৃত প্ৰেমৰ পৰশ পোৱা শ্বাহৰুখে হয়তো সেইকাৰণেই ৰোমাঞ্চ নিভাঁজ আৰু নিখুঁতকৈ উপস্থাপন কৰিব পাৰে ৷
DDLJ ৰেই আৰম্ভ হৈছিল বলীউডত শ্বাহৰুখৰ ৰোমাণ্টিক যাত্ৰা (Shah Rukh Khan latest news) ৷ আদিত্য চোপ্ৰাৰ এই ছবিখনেৰে আৰম্ভ হোৱা যাত্ৰা আজিলৈকে চলি আছে শ্বাহৰুখৰ ৷ অভিনেতাজনৰ জীৱনৰ লগতে YRF ৰো ভাগ্যৰ দুৱাৰ মুকলি হয় ৷ এই চোপ্ৰা আৰু ৱাই আৰ এফৰ যাত্ৰাৰ কাহিনীৰ সৈতে নেটফ্লিক্সত ‘দ্য ৰোামাণ্টিকছ’ নামেৰে এটা ডকুমেণ্টেৰী চিৰিজ আহিছে ৷ ইয়াত শ্বাহৰুখ আৰু আদিত্যই এজনে আনজনৰ ওপৰত মন্তব্য দিছে ৷ জানি আচৰিত হ’ব যে শ্বাহৰুখক অনন্য পৰিচয় দিয়া এই ছবিখন অভিনেতাজনে প্ৰথমে কৰিব বিচৰা নাছিল কিয়নো তেওঁ এক্সন হিৰ’ হোৱাৰ সপোন দেখিহে বলীউডৰ ফালে মন মেলিছিল ৷
আদিত্য চোপ্ৰাৰ পৰা এই ছবিখনৰ পৰা অফাৰ আহোতে শ্বাহৰুখে ভাল পোৱা নাছিল (Shah Rukh Khan on ddlj) ৷ ৰোমাণ্টিক হিৰ’ৰ টেগটো শ্বাহৰুখৰ জীৱনত আদিত্য চোপ্ৰাৰ কাৰণেই লাগিছিল কিন্তু ৷ ইতিমধ্যেই ‘ডৰ’ আৰু ‘বাজীগড়’ ছবিত অভিনয় কৰি চৰ্চা লাভ কৰা শ্বাহৰুখে এনে এখন ৰোমাণ্টিক ছবিৰ অফাৰ সপোনতো কল্পনা কৰা নাছিল ৷ আদিত্য় চোপ্ৰাই তেওঁক বহু সময় ধৰি এই ছবিখনৰ বাবে মান্তি কৰিবলগীয়া হৈছিল ৷
1995 চনতে মুক্তি পোৱা DDLJ ৰ জনপ্ৰিয়তাৰ সীমা নাই ৷ আজিও ছবিখনৰ বিশেষ কিছু সংলাপ আৰু গানসমূহ সকলোৰে মুখে মুখে শুনিবলৈ পোৱা যায় ৷
লগতে পঢ়ক : Shah Rukh Khan news: 34 বছৰৰ আগতে পত্নী গৌৰীক শ্বাহৰুখে দিছিল এই উপহাৰ