ETV Bharat / entertainment

Jawan: ধৰ্মেন্দ্ৰৰ সমৰ্থন লাভ কৰিলে জৱানে, শ্বাহৰুখৰ সৈতে এখন ছবি শ্বেয়াৰ কি লিখিলে হি-মেনে জানো আহক

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 5:46 PM IST

চৰ্চাত শ্বাহৰুখ খানৰ ছবি জৱান ৷ ছবিখন মুক্তিৰ মাজত আছে কেইটামান ঘন্টা ৷ শ্বাহৰুখ খানৰ ছবি জৱানৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ইফালে হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰই শ্বাহৰুখ খানক জৱান ছবিৰ বাবে শুভেচ্ছা জনাইছে।

'Shah Rukh Khan Bete wish you a great luck for Jawan', Dharmendra posts this
জৱানৰ বাবে শ্বাহৰুখ খানক শুভেচ্ছা জ্ঞাপন ধৰ্মেন্দ্ৰৰ

চিটাৰা ডেস্ক, 6 ছেপ্টেম্বৰ: পৰিচালক এটলীৰ পৰিচালনাত নিৰ্মিত ছবি ‘জৱান’ মুক্তিৰ বাবে মাত্ৰ কেইটামান ঘন্টা বাকী ৷ শ্বাহৰুখ খানৰ অভিনীত ছবি ‘জৱান’কলৈ বহু দিনৰে পৰা চৰ্চা চলি আছিল ৷ কিং খানৰ এই ছবিখনক লৈ অনুৰাগীৰ ক্ৰেজ ছ’চিয়েল মিডিয়াত দেখা পোৱা গৈছে ৷ অভিনেতাজনৰ এই একচন ভৰ্তি চিনেমাখন চাবলৈ অতি আগ্ৰেহেৰে অপেক্ষা কৰি আছে অনুৰাগী ৷

ইফালে হিন্দী চিনেমাৰ চিৰসেইজ অভিনেতা ধৰ্মেন্দ্ৰই শ্বাহৰুখ খানক ‘জৱান’ ছবিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে । কেৱল এয়াই নহয়, কিং খানৰ সৈতে এখন থ্ৰ’বেক ছবিও শ্বেয়াৰ কৰিছে ৷ ইয়াৰ লগতে এটা অতি সুন্দৰ কেপচনো লিখিছে বলীউডৰ হি-মেনে ।

শ্বাহৰুখ খানক শুভেচ্ছা জ্ঞাপন ধৰ্মেন্দ্ৰৰ

সমগ্ৰ বিশ্বতে শ্বাহৰুখ খানৰ বিপুল ফেন ফ’ল’ৱাৰ আছে । সকলোৱে কিং খানক নিজৰ প্ৰিয় অভিনেতা হিচাপে গণ্য কৰে। কেৱল এয়াই নহয়, শ্বাহৰুখক বলীউড উদ্যোগটোৰ বহু ডাঙৰ অভিনেতাৰ ভিতৰত প্ৰিয় বুলি গণ্য কৰা হয় ৷ ধৰ্মেন্দ্ৰই অতিকৈয়ে পছন্দ কৰে কিং খানে ৷

ইফালে জৱান ছবিখন মুক্তিৰ ১ দিন পূৰ্বে ধৰ্মেন্দ্ৰৰ আশীৰ্বাদ লাভ কৰিছে শ্বাহৰুখ খানে । আচলতে ধৰ্মেন্দ্ৰই শ্বাহৰুখ খানৰ সৈতে এখন থ্ৰ’বেক ফটো নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছে । এই ছবিখনৰ সমান্তৰালকৈ তেওঁ কেপচনত লিখিছে - "পুত্ৰ শ্বাহৰুখ, জৱান ছবিখনৰ বাবে তোমাক বহুত শুভকামনা ।" এইদৰে হিন্দী চিনেমাৰ হে-মেনে শ্বাহৰুখক শুভেচ্ছা জ্ঞাপন কৰিছে ।

ছ’চিয়েল মিডিয়াত ধৰ্মেন্দ্ৰ আৰু শ্বাহৰুখ খানৰ এই ছবিখন অনুৰাগীসকলে অতিকৈয়ে পছন্দ কৰিছে ৷ শেহতীয়াকৈ শ্বাহৰুখ খানক দেখা গৈছিল দেওল পৰিয়ালৰ ঘৰত, য’ত তেওঁ ‘গদৰ ২’ৰ সফলতা পাৰ্টিত অংশগ্ৰহণ কৰিছিল । পাৰ্টিত তেওঁ ছানী দেওলৰ প্ৰতি থকা পুৰণি ক্ষোভ পাহৰি পাপাৰাজীৰ সন্মুখত ছবিৰ বাবে একেলগে পোজ দিছিল ।

'গদৰ ২'ৰ পিচত 'জৱান'য়ে ৰচিব নেকি অভিলেখ ?

বক্স অফিচত ৫০০ কোটি টকাৰ ব্যৱসায় কৰি ইতিহাস ৰচনা কৰিছে ধৰ্মেন্দ্ৰৰ পুত্ৰ তথা অভিনেতা ছানী দেওলৰ ছবি ‘গদৰ ২’য়ে । ইয়াৰ পিচতে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে শ্বাহৰুখ খানৰ ‘জৱান’ৰ ওপৰত ।

‘জৱান’ ছবিখনৰ এডভান্স বুকিং যিদৰে চলি আছে, ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ‘পাঠান’ৰ পিচত শ্বাহৰুখ খানৰ ‘জৱান’ ছবিখনে বক্স অফিচত নতুন অভিলেখ সৃষ্টি কৰিব ।

লগতে পঢ়ক: Shah Rukh Khan Tirupati: বৈষ্ণো দেৱীৰ পিচত এইবাৰ তিৰুপতি মন্দিৰ দৰ্শন কিং খানৰ; কন্যা সুহানা আৰু নয়নতৰাকো দেখা গ’ল লগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.