চিটাৰা ডেস্ক, 31 মে’: মধ্যপ্ৰদেশৰ উজ্জয়িনী জিলাত অৱস্থিত মহাকালেশ্বৰ মন্দিৰত বুধবাৰে পুৱা প্ৰাৰ্থনা কৰিলে বলীউডৰ অভিনেত্ৰী ছাৰা আলী খানে (Bollywood actor Sara Ali Khan)। এই উপলক্ষে অভিনেত্ৰীগৰাকীয়ে ‘ভস্ম আৰতি’তো অংশগ্ৰহণ কৰে । এই আৰতি ব্ৰহ্ম মুহূৰ্তত পুৱা ৪ বজাৰ পৰা ৫:৩০ বজাৰ ভিতৰত কৰা হয়। মন্দিৰ সমিতিৰ ভস্ম আৰতিত অংশগ্ৰহণ কৰাৰ পৰম্পৰা অনুসৰণ কৰি অভিনেত্ৰীগৰাকীয়ে পৰিধান কৰিছিল গোলাপী ৰঙৰ শাৰী। উল্লেখনীয় যে ভস্ম আৰতিত মহিলাসকলে শাৰী পৰিধান কৰাটো বাধ্যতামূলক (Sara at Mahakaleshwar Temple) ।
![Sara Ali Khan pays visit to Mahakaleshwar Temple in Madhya Pradesh's Ujjain ahead of Zara Hatke Zara Bachke release](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18636574_saraaaa.jpeg)
ভস্ম আৰতিৰ সময়ত অভিনেত্ৰীগৰাকীয়ে মন্দিৰৰ নন্দিহালত বহি প্ৰাৰ্থনা কৰে (Sara and vicky kaushal visit temple in Lucknow) । ইয়াৰ লগতে ছাৰাই মন্দিৰৰ গৰ্ভগৃহত জলাভিষেকো কৰিছিল । তাৎপৰ্যপূৰ্ণভাৱে এইবাৰ প্ৰথমবাৰ মহাকাল মন্দিৰলৈ অহা নাই ছাৰা আলী খান, ইয়াৰ পূৰ্বেও মহাকাল মন্দিৰ দৰ্শন কৰি বাবাৰ আশীৰ্বাদ লৈছিল ছাৰাই ৷ দৰ্শনৰ সময়ত মন্দিৰ চৌহদত অৱস্থিত কোঠী তীৰ্থ কুণ্ডতো থিয় হৈ ভক্তিত মগ্ন যেন দেখা গৈছিল ছাৰাক (Sara in pink saree at Mahakaleshwar Temple) । মন্দিৰৰ এগৰাকী পুৰোহিত সঞ্জয় গুৰুৱে কয়, ‘ছাৰা আলী খানৰ বাবা মহাকালৰ প্ৰতি অদম্য বিশ্বাস আছে । সেইবাবেই অভিনেত্ৰীগৰাকী প্ৰায়ে ইয়ালৈ দৰ্শনৰ বাবে আহে।’
- " class="align-text-top noRightClick twitterSection" data="
">
উল্লেখ্য যে আহি আছে ছাৰা আলী খানৰ আগন্তুক ছবি ‘জাৰা হাটকে জাৰা বাচকে’ (Zara Hatke Zara Bachke) ৷ এই ছবিখনত ছাৰাৰ বিপৰীতে দেখা যাব বিকি কৌশলক ৷ এইকেইদিন ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ থকা দেখা গৈছে ছাৰা আলী খান আৰু বিকি কৌশলক ৷ ৰাজস্থান, কলকাতা, আহমেদাবাদ আৰু লক্ষ্ণৌত ছবিখনৰ প্ৰচাৰ কৰিবলৈ গৈছিল ছাৰা আৰু বিকি। যাৰ ফটো আৰু ভিডিঅ’ তেওঁ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰিছে।
ইফালে যদি ছবিখনৰ কথা ক’বলৈ যাও তেন্তে ছবিখনত বিকি কৌশলে ‘কপিল’ আৰু ছাৰাই ‘সৌম্য’ৰ চৰিত্ৰত অভিনয় কৰিছে ৷ এই ছবিখন অহা ২ জুনত ছবিগৃহত মুক্তি লাভ কৰিব ।